ETV Bharat / international

সন্ত্ৰাসৰ বিৰুদ্ধে গৰজি উঠিল নিৰাপত্তাৰক্ষীৰ বন্দুক, গোপন শিবিৰত আঘাত হানি ৪ সন্ত্ৰাসবাদীক হত্যা

সন্ত্ৰাসবাদীৰ গোপন শিবিৰত অতৰ্কিতে অভিযান সুৰক্ষা বাহিনীৰ ৷ চোৰাংচোৱা অভিযানত একাধিক ধ্বংসাত্মক কাৰ্যত জড়িত ৪ সন্ত্ৰাসবাদীক নিৰ্মূল কৰিলে নিৰাপত্তা বাহিনীয়ে ৷ সবিশেষ আগলৈ

terrorist killed in Pakistan
অঞ্চলটোত পহৰাৰত অৱস্থাত এজন নিৰাপত্তাৰক্ষী (ANI)
author img

By ANI

Published : April 19, 2025 at 9:29 AM IST

3 Min Read
Choose ETV Bharat

খাইবাৰ পাখতুনখোৱা : পাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত হত্যা ৪ সন্ত্ৰাসবাদী । দেশখনৰ খাইবাৰ পাখতুনখোৱাৰ স্বাতত এক চোৰাংচোৱা ভিত্তিক অভিযানত এই সন্ত্ৰাসবাদীকেইটাক হত্যা কৰা হয় । দ্য এক্সপ্ৰেছ ট্ৰিবিউনে আন্তঃ-সেৱা জনসম্পৰ্কৰ (আই এছ পি আৰ) উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি নিহত সন্ত্ৰাসবাদীকেইটা 'ফিতনা-আল খাৱাৰিজ' নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য ।

আই এছ পি আৰৰ মতে, শুকুৰবাৰে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয় । অভিযানকালত সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদীৰ গোপন শিবিৰক লক্ষ্য কৰি আক্ৰমণ চলাই এই চাৰিজনক হত্যা কৰে । দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ বাতৰি অনুসৰি, উক্ত স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে ।

আই এছ পি আৰে প্ৰকাশ কৰা অনুসৰি, নিহত সন্ত্ৰাসবাদীকেইটা অঞ্চলটোত একাধিক ধ্বংসাত্মক কাৰ্যত জড়িত আছিল । ইয়াৰ পূৰ্বে বুধবাৰে ডেৰা ইছমাইল খান জিলাৰ মাড্ডি অঞ্চলত এক চোৰাংচোৱা ভিত্তিক অভিযানৰ সময়ত সুৰক্ষা বাহিনীয়ে আন চাৰি সন্ত্ৰাসবাদীক হত্যা কৰিছিল ।

আনহাতে, এ আৰ আই নিউজৰ প্ৰতিবেদন অনুসৰি, চলিত বছৰৰ প্ৰথম চাৰি মাহত খাইবাৰ পাখতুনখোৱা চমুকৈ কে পিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আৰক্ষী বিষয়া, নিৰাপত্তাকৰ্মী আৰু সাধাৰণ লোককে ধৰি ১৫২ জন লোকৰ মৃত্যু হৈছে । কে পি আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, এই ঘটনাক্ৰমত আন 302 জন আহতও হৈছে ।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে এই আক্ৰমণবোৰৰ দ্বাৰা অসামৰিক লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে । ইয়াৰে ভিতৰত জানুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত 45 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 127 জন আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে ।

আনহাতে, ৩৭ জন আৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে 46 জন আঘাতপ্ৰাপ্ত হয় । ইয়াৰ উপৰি ফ্ৰণ্টিয়াৰ ক'ৰ্পছৰ (এফ চি) ৩৪ জনৰ মৃত্যু হয় । ইয়াৰ উপৰি এই আক্ৰমণত আন ৪৩ জন আহত হয় ।

পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজ (পি আই এছ এছ) নামৰ এক সংস্থাৰ তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰীত দেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছিল, যিটৈ পূৰ্বৰ মাহৰ তুলনাত ৪২ শতাংশ বেছি ।

প্ৰতিবেদনখনত লগতে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশত কমেও ৭৪ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই ঘটনাবোৰত ৯১ জন লোকৰ মৃত্যু হয় । ইয়াৰে ভিতৰত ৩৫ জন সুৰক্ষা কৰ্মী, ২০ জন সাধাৰণ লোক আৰু ৩৬ জন সন্ত্ৰাসবাদী । ইয়াৰ উপৰি নিৰাপত্তা বাহিনীৰ ৫৩ জন, ৫৪ জন সাধাৰণ নাগৰিক আৰু ১০ জন সন্ত্ৰাসবাদীকে ধৰি ১১৭ জন লোক আহত হয় ।

দেশখনৰ ভিতৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আটাইতকৈ বেছি প্ৰভাৱিত প্ৰদেশ আছিল খাইবাৰ পাখতুনখোৱা । ইয়াৰ পিছত আছে বেলুচিস্তান । কে পিৰ বিভিন্ন বসতি প্ৰধান জিলাত সন্ত্ৰাসবাদীয়ে ২৭ টা আক্ৰমণ চলায় । ইয়াৰ ফলত ১১ জন সুৰক্ষা কৰ্মী, ৬ জন সাধাৰণ লোক আৰু দুজন সন্ত্ৰাসবাদীসহ ১৯ জন লোক নিহত হয় ।

লগতে পঢ়ক :ফ্ল'ৰিডা বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনাত নিহত ২, আহত ৫ - FLORIDA UNIVERSITY SHOOTING CASE
লগতে পঢ়ক :ইউক্ৰেইনত ভাৰতীয় প্ৰতিষ্ঠানত ৰাছিয়াৰ মিছাইল আক্ৰমণ - RUSSIA UKRAINE WAR