ইছলামাবাদ: নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়োগৰ এজন পাকিস্তানী বিষয়াক ভাৰতে 'অবাঞ্ছিত ব্যক্তি' ঘোষণা কৰাৰ পিছত এইবাৰ পাকিস্তানে ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়োগৰ এগৰাকী কৰ্মচাৰীক 'অবাঞ্ছিত ব্যক্তি' (persona non grata) ঘোষণা কৰিছে । পাকিস্তানে তেওঁ নিজৰ কৰ্মপৰিসৰৰ বিপৰীত গতিবিধিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰে ।
আনহাতে, ভাৰতৰ উচ্চায়ুক্তক বিদেশ মন্ত্ৰণালয়লৈ চমন জাৰি কৰে, য'ত পাকিস্তানে তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে জনায় । লগতে সংশ্লিষ্ট বিষয়াগৰাকীক ২৪ ঘণ্টাৰ ভিতৰতে দেশখন ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হয় ।
🔊PR NO.1️⃣3️⃣7️⃣/2️⃣0️⃣2️⃣5️⃣
— Ministry of Foreign Affairs - Pakistan (@ForeignOfficePk) May 13, 2025
A Staff Member of the Indian High Commission, Islamabad, Declared as Persona Non Grata
The Government of Pakistan has declared a staff member of the Indian High Commission, Islamabad, as persona non grata for engaging in activities incompatible with his…
পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ X-ৰ এটা পোষ্টত লিখিছে, "ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়োগৰ এগৰাকী কৰ্মচাৰীক অবাঞ্ছিত ব্যক্তি ঘোষণা কৰা হৈছে । পাকিস্তান চৰকাৰে ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়োগৰ এজন কৰ্মচাৰীক তেওঁ লাভ কৰা বিশেষাধিকাৰৰ বিপৰীতে নিয়মবহিৰ্ভূত গতিবিধিৰ সৈতে জড়িত হোৱাৰ বাবে তেওঁক অবাঞ্ছিত ব্যক্তি ঘোষণা কৰা হৈছে । সংশ্লিষ্ট বিষয়াজনক ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তান এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।"
পোষ্টটোত লগতে কোৱা হৈছে, "ভাৰতীয় উচ্চায়ুক্তক আজি বিদেশ মন্ত্ৰণালয়লৈ মতা হৈছিল আৰু এই বিষয়ে জনোৱা হৈছে ।"
উল্লেখ্য যে ভাৰতে মঙলবাৰে নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়োগত কৰ্মৰত এজন পাকিস্তানী নাগৰিকক ভাৰতত তেওঁৰ কৰ্মপৰিসৰৰ বিপৰীত গতিবিধিত জড়িত থকাৰ অভিযোগত 'অবাঞ্ছিত ব্যক্তি' ঘোষণা কৰে ।
উল্লিখিত ব্যক্তিজন নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়োগত কৰ্মচাৰী হিচাপে কাৰ্যৰত আছিল আৰু তেওঁক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ।
বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে, "ভাৰত চৰকাৰে নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়োগত কৰ্মৰত এজন পাকিস্তানী বিষয়াক ভাৰতত নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত বিভিন্ন গতিবিধিত জড়িত থকাৰ কাৰণে অবাঞ্ছিত ব্যক্তি হিচাপে ঘোষণা কৰিছে । বিষয়াগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জনোৱা হৈছে । পাকিস্তান উচ্চায়োগৰ প্ৰতিনিধিক এই বিষয়ে এক আপত্তি দৰ্শোৱা পত্ৰ প্ৰেৰণ কৰা হৈছে ।"