বিমান নহয়, এইবাৰ ৰে’ল হাইজেক: ১৮২ যাত্ৰীক পণবন্দী, ২০ সামৰিক জোৱানক হত্যা
বেলুচ লিবাৰেশ্যন আৰ্মীৰ দাবী- "জাফৰ এক্সপ্ৰেছ হাইজেক কৰাৰ পিছত আমাৰ যোদ্ধাসকলে বিগত ছয় ঘণ্টাজুৰি ১৮২ গৰাকী লোকক পণবন্দী কৰি ৰাখিছে ।"

By ANI
Published : March 11, 2025 at 9:13 PM IST
বেলুচিস্তান: এটা ডাঙৰ খবৰ ৷ সন্ত্ৰাসবাদীয়ে বিমানৰ সলনি এইবাৰ হাইজেক কৰিছে এখন যাত্ৰীবাহী ৰে’ল ৷ এই ঘটনা সংঘটিত হৈছে পাকিস্তানত ৷ বিগত ছয় ঘণ্টা ধৰি জাফৰ এক্সপ্ৰেছৰ ১৮২ গৰাকী যাত্ৰীক পণবন্দী হিচাপে ৰখাৰ বিপৰীতে ২০ গৰাকী সামৰিক জোৱানক হত্যা কৰা বুলি দাবী কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে ৷ মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতিত দাবী কৰা হৈছে এই কথা ৷
বেলুচ লিবাৰেশ্যন আৰ্মীয়ে বিবৃতিটোত কয় যে, "জাফৰ এক্সপ্ৰেছ হাইজেক কৰাৰ পিছত বেলুচ লিবাৰেশ্যন আৰ্মীৰ যোদ্ধাসকলে বিগত ছয় ঘণ্টা ধৰি আমাৰ জিম্মাত থকা ১৮২ গৰাকী লোকক পণবন্দী কৰি লৈছে । এই অভিযানৰ সময়ত অতিৰিক্ত আঠগৰাকী পাকিস্তানী সামৰিক জোৱানক হত্যা কৰা হৈছে, যাৰ ফলত শত্ৰুৰ মুঠ মৃত্যুৰ সংখ্যা ২০ ৰো অধিক হৈছে ৷"
বিবৃতিটোত এইটোও উল্লেখ কৰা হৈছে যে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি বি এল এ যুঁজাৰু বিমানৰ সৈতে পাকিস্তানী বায়ুসেনাৰ মুখামুখি হৈছে ৷ "সমগ্ৰ অভিযানৰ সময়ছোৱাত পাকিস্তানী বায়ুসেনাৰ সৈতে তীব্ৰ সংঘৰ্ষ হৈছে, আমাৰ যোদ্ধাসকলে বিমান বিৰোধী অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি শত্ৰুপক্ষৰ ভয়াৱহভাৱে ক্ষতিসাধন কৰিছে । বি এল এ যোদ্ধাসকলে নিৰন্তৰভাৱে নিজৰ স্থান শক্তিশালী কৰি আছে, অভিযানৰ নেতৃত্ব দিছে আৰু পাকিস্তানী সেনাৰ শক্তিক প্ৰত্যাহ্বান জনাইছে ৷"
‘‘অৱশ্যে এই কাণ্ডৰ সময়ত এজনো পাক সন্ত্ৰাসবাদী আহত বা নিহত হোৱা নাই ৷ তদুপৰি সকলো পণবন্দী এতিয়ালৈকে বি এল এৰ ফিদায়ে ইউনিট মাজিদ ব্ৰিগেডৰ জিম্মাত আছে । মাজিদ ব্ৰিগেডক স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছে যে, যদি পাকিস্তানী সেনাই পণবন্দীসকলৰ কাষ চাপিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক ফাঁচী দিয়া হ'ব ৷’’ বিবৃতিটোৰ শেষত এনেদৰে উল্লেখ কৰা হৈছে ৷
পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমে পূৰ্বে প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা খাইবাৰ পখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা জাফৰ এক্সপ্ৰেছ ৰে’লখন বেলুচিস্তানত ভয়ংকৰ গুলীচালনাৰ সন্মুখীন হয় । ৰে’লখনত থকা ৪৫০ জনতকৈ অধিক যাত্ৰী আৰু কৰ্মচাৰী পণবন্দী হোৱাৰ আশংকা কৰা হৈছে ।
ড’নত প্ৰকাশিত খবৰ অনুসৰি, বেলুচিস্তান চৰকাৰে ইতিমধ্যে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো প্ৰতিৰক্ষা বাহিনীক সংগঠিত কৰিছে ৷
আনহাতে, এ আৰ ৱাই নিউজৰ তথ্য অনুসৰি ৰে’লখনৰ চালকজন এই ঘটনাত গুৰুতৰভাৱে আহত হয় । পাকিস্তানৰ সামা টিভিয়ে জনোৱা মতে, ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে পুৱা মঙলবাৰে ৯ বজাত কুৱেট্টাৰ পৰা ৰাওনা হোৱা ৯ টা দবাযুক্ত জাফৰ এক্সপ্ৰেছত থকা ৪৫০ গৰাকী যাত্ৰী আৰু কৰ্মচাৰীৰ সৈতে বৰ্তমানলৈকে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই ।
লগতে পঢ়ক: ছিৰিয়াত দুদিনীয়া সংঘৰ্ষৰ অৱসান; ১০০০ৰো অধিক লোকৰ মৃত্যু - SYRIA REVENGE KILLINGS

