ETV Bharat / international

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তান জড়িত ! ভাৰতৰ দাবী নাকচ পাক চিনেটৰ - PAHALGAM TERROR ATTACK

ভাৰতে কৰা দাবীক “তুচ্ছ আৰু ভিত্তিহীন প্ৰচেষ্টা” বুলি এই অভিযোগ নাকচ পাকিস্তানৰ ৷

Pahalgam terror attack
পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰ (AFP)
author img

By PTI

Published : April 25, 2025 at 5:42 PM IST

3 Min Read

ইছলামবাদ : পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত-পাকিস্তানৰ মাজত ৷ তাৰ মাজতে শুকুৰবাৰে পাকিস্তানৰ চিনেটে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে দেশখন জড়িত থকা বুলি ভাৰতে কৰা দাবীক “তুচ্ছ আৰু ভিত্তিহীন প্ৰচেষ্টা” বুলি এই অভিযোগ নাকচ কৰিছে ৷ এই সন্দৰ্ভত এক প্ৰস্তাৱো গৃহীত কৰে চিনেটে ৷

মঙলবাৰে কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু ঘটে, য’ৰ বেছিভাগেই আছিল পৰ্যটক । পৰৱৰ্তী সময়ত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানস্থিত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সহযোগী ৰেজিষ্টেন্স ফ্ৰণ্টে ।

দেশখনৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে এই প্ৰস্তাৱ আগবঢ়াইছিল, যিয়ে সংসদৰ উচ্চ সদনৰ দলসমূহৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ সমৰ্থন লাভ কৰিছিল ৷ প্ৰস্তাৱটোত কোৱা হৈছে যে জল সন্ত্ৰাসবাদ বা সামৰিক প্ৰৰোচনাকে ধৰি যিকোনো আগ্ৰাসনৰ বিৰুদ্ধে নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰিবলৈ পাকিস্তান সম্পূৰ্ণৰূপে সক্ষম আৰু প্ৰস্তুত হৈ আছে ।

এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপন কৰা ভাৰতৰ অভিযোগ “তুচ্ছ আৰু ভিত্তিহীন প্ৰচেষ্টা” বুলি অভিযোগটো একেমুখে নাকচ কৰা হৈছে ৷ তদুপৰি প্ৰস্তাৱটোত কোৱা হৈছে যে নিৰীহ, সাধাৰণ নাগৰিকক হত্যা কৰাটো পাকিস্তানে সমৰ্থন কৰি অহা মূল্যবোধৰ বিৰোধী ।

“ভাৰত চৰকাৰে পাকিস্তানক ধ্বংস কৰাৰ বাবে কৰা পৰিকল্পিত আৰু অসন্তুষ্ট অভিযানক গৰিহণা দিয়া হৈছে, যিয়ে সন্ত্ৰাসবাদৰ দৰে বিষয়টোক সংকীৰ্ণ ৰাজনৈতিক লক্ষ্য পূৰণৰ বাবে শোষণ কৰাৰ এক চিনাকি আৰ্হি অনুসৰণ কৰে’’ বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে ৷ এই প্ৰস্তাৱটোত ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ ঘোষণাকো গৰিহণা দি এই পদক্ষেপক “যুদ্ধৰ কাৰ্য” বুলি কোৱা হৈছে ।

ইয়াৰ পূৰ্বে দেশৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে যে বৈদেশিক কাৰ্যালয়ে ২৬ খন দেশৰ কূটনীতিবিদসকলক অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে । ভাৰতীয় যিকোনো দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ পাকিস্তানৰ সশস্ত্ৰ বাহিনী সম্পূৰ্ণৰূপে সাজু বুলিও তেওঁ কয় ৷ লগতে কয় যে এনে যিকোনো পদক্ষেপক অতীতৰ দৰেই বস্তুগতভাৱে পূৰণ কৰা হ’ব ।

পাকিস্তানৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতাসকলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠকত ভাৰতৰ সৈতে ছিমলা চুক্তি আৰু অন্যান্য দ্বি-পাক্ষিক চুক্তি বাতিল কৰা, সকলো বাণিজ্য স্থগিত ৰখা, ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে ইয়াৰ আকাশমাৰ্গ বন্ধ কৰাৰ এদিন পিছতে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।

পাকিস্তান চৰকাৰে ভাৰতক “নিজৰ সংকীৰ্ণ ৰাজনৈতিক এজেণ্ডাক আগুৱাই নিয়াৰ বাবে পহলগামৰ কাণ্ডৰ দৰে কুৎসিত, পূৰ্ব পৰিকল্পিত, পৰিচালিত শোষণ’’ ৰ পৰা বিৰত থাকিবলৈ কয় । বুধবাৰে নতুন দিল্লীয়ে এই আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: অপৰাধীক আদালতৰ কাঠগড়াত থিয় কৰাওক: পহলগাম আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.