ETV Bharat / international

যিকোনো মুহূৰ্ততে হ’ব পাৰে সামৰিক আক্ৰমণ; পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ সকীয়নি

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাৰমাণৱিক অস্ত্ৰধাৰী ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাক প্ৰতিৰক্ষা মন্ত্ৰী আছিফে এই মন্তব্য কৰিছে ।

PAK DEFENCE MINISTER
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ (ANI Photo)
author img

By PTI

Published : May 6, 2025 at 10:29 AM IST

3 Min Read
Choose ETV Bharat

ইছলামবাদ: ভাৰতত থকা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত যিকোনো মুহূৰ্ততে হ’ব পাৰে সামৰিক আক্ৰমণ ৷ সোমবাৰে এই সকীয়নি প্ৰদান কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ৷

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিৱেশী দেশ দুখনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আছিফে এই মন্তব্য প্ৰকাশ কৰিছে ।

ইছলামবাদত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘LoC ত যিকোনো সময়তে ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি খবৰ ওলাইছে… নতুন দিল্লীক যথোচিত উত্তৰ দিয়া হ’ব ।”

আছিফে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে “ৰাজনৈতিক লাভৰ বাবে অঞ্চলটোক পাৰমাণৱিক যুদ্ধৰ মাজলৈ ঠেলি দিয়া” বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ খেবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সংঘটিত সন্ত্ৰাসবাদৰ সৈতে নতুন দিল্লী জড়িত থকা বুলিও পুনৰবাৰ অভিযোগ উত্থাপন কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ দাবী কৰি কয় ‘‘আমি ২০১৬ আৰু ২০১৭ চনত ৰাষ্ট্ৰসংঘক প্ৰমাণ দিছিলো, য’ত ভাৰতে সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদান কৰা ভিডিঅ’ও আছিল । শেহতীয়াকৈ দুয়োখন দেশত অব্যাহত থকা সন্ত্ৰাসবাদমূলক কাৰ্যকলাপত আফগানিস্তানৰ পৰা পৰিচালিত গোটে ভাৰতক সমৰ্থনত আগবঢ়াইছে ।’’

আছিফে কয় যে পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই ঘটনাৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ বাবে অনুৰোধ জনাইছিল ।

‘‘এনে তদন্তই ভাৰত নিজেই বা কোনো আভ্যন্তৰীণ গোট জড়িত আছে নে নাই সেই কথা উদঙাই দিব আৰু নতুন দিল্লীৰ ভিত্তিহীন অভিযোগৰ আঁৰৰ সত্যতা স্পষ্ট কৰিব’’ বুলিও আছিফে কয় ৷

যোৱা সপ্তাহত পাক তথ্য মন্ত্ৰী আটা তাৰাৰে ভাৰতৰ সম্ভাব্য আন্দোলনৰ আশংকাত ২৪-৩৬ ঘণ্টা সময় গুৰুত্বপূৰ্ণ বুলি কৈছিল । অৱশ্যে সময় পাৰ হৈ গ’ল যদিও ভাৰতৰ কোনো ব্যৱস্থা নহ’ল ।

ইফালে, পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল চৈয়দ অসীম মুনিৰে সোমবাৰে নিজৰ জনসাধাৰণৰ জাতীয় প্ৰতিপত্তি আৰু সমৃদ্ধি ৰক্ষাৰ বাবে সম্পূৰ্ণ শক্তিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উদ্দেশ্য পুনৰবাৰ উল্লেখ কৰে ।

পহলগাম আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক একপ্ৰকাৰ শেষ হৈ পৰে ৷ কিয়নো এই ভয়ংকৰ ঘটনাত ২৬ জন লোকৰ মৃত্যু ঘটিছিল, যাৰ অধিকাংশই আছিল পৰ্যটক ৷

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জল চুক্তি বাতিল কৰা, আট্টাৰী-ৱাঘা সীমান্ত বন্ধ কৰা আৰু কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি কেইবাটাও শাস্তিমূলক ব্যৱস্থা ঘোষণা কৰিছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

মোদীয়ে লগতে কয় ‘‘সশস্ত্ৰ বাহিনীৰ হাতত ভাৰতে আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণ, লক্ষ্য আৰু সময় নিৰ্ধাৰণ কৰিবলৈ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে ।’’

লগতে পঢ়ক: যুদ্ধ সমাগত নেকি ! ৰাজ্য চৰকাৰসমূহলৈ গৃহ মন্ত্ৰণালয়ৰ জৰুৰী নিৰ্দেশ