ETV Bharat / international

পাক-আফগান সীমান্তত তীব্ৰ সংঘৰ্ষত ২৩ জন পাকিস্তানী সৈনিক আৰু ২০০ৰো অধিক তালিবান যোদ্ধা নিহত

পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলি উল্লেখ কৰে ৷

PAKISTAN AFGHANISTAN BORDER CLASHES
আফগানিস্তানৰ খোষ্ট প্ৰদেশৰ স্পেৰা জিলাত পাকিস্তানৰ ভয়াবহ ড্ৰোণ আক্ৰমণ (AP)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 7:53 AM IST

3 Min Read
Choose ETV Bharat

ইছলামবাদ : পাকিস্তান-আফগানিস্তান সীমান্তত নিশাৰ ভিতৰতে হোৱা ভয়াৱহ সংঘৰ্ষত কমেও ২৩ জন পাকিস্তানী সৈনিক আৰু ২০০ৰো অধিক তালিবান আৰু মিত্ৰশক্তিৰ সন্ত্ৰাসবাদী নিহত হোৱা বুলি দেওবাৰে পাকিস্তান সেনাই প্ৰকাশ কৰিছে ৷ চুবুৰীয়া দেশ দুখনৰ মাজত উত্তেজনা আৰু পাৰস্পৰিক অভিযোগ উত্থাপন হোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হৈছে ৷

পাকিস্তান সেনাই এক বিবৃতিত কয় যে ১১-১২ অক্টোবৰৰ নিশা আফগান তালিবান আৰু তেহৰিক-ই-তালিবান পাকিস্তানে পাকিস্তানৰ ওপৰত ‘অপ্ৰত্যাশিত আক্ৰমণ’ চলাইছিল ৷ সেনাই ইয়াক ‘কাপুৰুষীয়া কার্য’ বুলি অভিহিত কৰি সীমান্ত অঞ্চলসমূহক অস্থিৰ কৰি তোলা আৰু সন্ত্ৰাসবাদক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কৰা হৈছে বুলি কয় ৷

পাকিস্তানী সেনাই এই আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তালিবান আৰু টি টি পি সন্ত্ৰাসবাদীৰ যথেষ্ট লোকচান কৰা বুলি জানিবলৈ দিয়ে ৷ আফগানিস্তানৰ তালিবানৰ শিবিৰ, পোষ্ট, প্ৰশিক্ষণ কেন্দ্ৰ আদিতো সেনাই নিৰ্দিষ্ট আকাশী আৰু স্থল আক্ৰমণ চলায় ৷ সংঘৰ্ষৰ সময়ত শত্ৰুৰ ২১টা স্থান অস্থায়ীভাৱে দখল কৰি কেইবাটাও প্ৰশিক্ষণ শিবিৰ নিষ্ক্ৰিয় কৰা হয় ৷

নিশাৰ সংঘৰ্ষত ২৯ জন পাকিস্তানী জোৱানো আহত হয় ৷ পাকিস্তানী সেনাই কয় যে সাধাৰণ লোকৰ হতাহতিৰ পৰা হাত সাৰিবলৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

সুৰক্ষা বাহিনীৰ সূত্ৰৰ মতে, পাকিস্তানী বাহিনীয়ে আফগান ভূখণ্ডত থকা তালিবানৰ এটা টেংক প’ষ্ট আৰু দ্বিতীয় বেটেলিয়নৰ মুখ্য কাৰ্যালয়কো লক্ষ্য কৰি লৈ তালিবান আৰু টি টি পিক যথেষ্ট ক্ষতিসাধন কৰে ৷ সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু ২ নং দুৰ্ৰাণী কেম্পো ধ্বংস কৰা হয় ৷

পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলি উল্লেখ কৰে ৷ তেওঁলোকে সামৰিক বাহিনীৰ এই কাৰ্যক প্ৰশংসা কৰি কয় যে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নিখুঁত আৰু ফলপ্ৰসূ সঁহাৰি ৷

তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দাবী কৰিছে যে ৫৮ জন পাকিস্তানী জোৱান নিহত আৰু ৩০ জন আহত হৈছে ৷ তেওঁ কয় যে আফগান সৈন্যই সীমান্তৰ সিপাৰে প্ৰতিশোধ লোৱাৰ ফলত ৯ জন আফগান সৈনিকৰ মৃত্যু হয় ৷

সামৰিক বিশেষজ্ঞসকলৰ মতে, টি টি পিয়ে আফগানৰ ভূখণ্ড ব্যৱহাৰ কৰি পাকিস্তানৰ ভূখণ্ডত সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা কাৰ্যই শেহতীয়া সংঘাতৰ ইন্ধন যোগাইছিল ৷ তদুপৰি শেহতীয়াকৈ খাইবাৰ পখতুনখোৱাৰ ওৰাকজাই জিলাত সংঘটিত আক্ৰমণত ১১ জন জোৱান নিহত হৈছিল ৷

পাকিস্তানৰ স্বৰাজ মন্ত্ৰী মহছিন নাকভিয়ে তালিবানৰ আক্ৰমণক ‘অপ্ৰত্যাশিত’ বুলি অভিহিত কৰি কয় যে পাকিস্তানী সেনাই সম্পূৰ্ণ সষ্টম হৈ আছে আৰু আক্ৰমণৰ প্ৰত্যুত্তৰ দিব ৷

লগতে পঢ়ক : পাকিস্তানৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ তালিবানৰ; সংযমৰ আহ্বান ইৰাণৰ