ETV Bharat / international

ভাৰতে নদীৰ পানী বন্ধ কৰিলে তেজ বৈ যাব, বিলাৱাল ভুট্টোৰ ভাবুকি

পি পি পিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰীয়ে সমৰ্থকসকলক ভাৰতীয় আগ্ৰাসনৰ পৰা নিজৰ নদীখন ৰক্ষা কৰিবলৈ দৃঢ় সংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান জনায় ।

Pakistan Peoples Party Chairman Bilawal Bhutto Zardari
পি পি পিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰী (ANI)
author img

By PTI

Published : April 26, 2025 at 5:35 PM IST

4 Min Read
Choose ETV Bharat

ইছলামাবাদ : পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি (আই ডব্লিউ টি) স্থগিত ৰখাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়াস্বৰূপে পাকিস্তান পিপলছ পাৰ্টি (পি পি পি)ৰ অধ্যক্ষ বিলাৱাল ভুট্টো জৰ্দাৰীয়ে পানী বন্ধ কৰিলে নদীত তেজৰ প্ৰবাহ হ’ব বুলি হুংকাৰ দিছে ।

শুকুৰবাৰে নিজৰ গৃহ চহৰ সিন্ধ প্ৰদেশৰ চুক্কুৰ অঞ্চলত ৰাজহুৱা সভাত ভাষণ দি প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "সিন্ধু আমাৰ আৰু আমাৰ হৈ থাকিব - হয় আমাৰ পানী ইয়াৰ মাজেৰে বৈ যাব, নহয় তেওঁলোকৰ তেজ ব’ব ।"

এই প্ৰদেশৰ মাজেৰে সিন্ধু বৈ গৈছে আৰু ইয়াৰ পাৰত সিন্ধু উপত্যকা সভ্যতাৰ চহৰ মহেঞ্জোদাৰো গঢ়ি উঠিছিল । বিলাৱালে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতাৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে ৷ "কিন্তু সেই সভ্যতা মহেঞ্জোদাৰোত, লাৰকানাত নিহিত হৈ আছে । আমি ইয়াৰ প্ৰকৃত ৰক্ষক আৰু আমি ইয়াক ৰক্ষা কৰিম ।" পি পি পিৰ নেতাগৰাকীয়ে কয় ৷

বিলাৱালে কয় যে সিন্ধ আৰু সিন্ধুবাসীৰ মাজত শতিকা পুৰণি সম্পৰ্ক মোদীয়ে ভাঙিব নোৱাৰে । তেওঁ কয়, "ভাৰত চৰকাৰৰ চকু পাকিস্তানৰ পানীৰ ওপৰত আছে আৰু পৰিস্থিতিয়ে দাবী কৰিছে যে চাৰিওখন প্ৰদেশে একত্ৰিত হৈ নিজৰ পানী ৰক্ষা আৰু সুৰক্ষা দিব লাগে ।” তেওঁ কয় যে পাকিস্তানৰ জনসাধাৰণে বা আন্তঃৰাষ্ট্ৰীয় সমাজেও মোদীৰ ‘যুদ্ধপ্ৰেমী’ বা সিন্ধুৰ জলসীমাক পাকিস্তানৰ পৰা আঁতৰাই নিয়াৰ কোনো প্ৰচেষ্টা সহ্য নকৰে ।

"আমি বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰিম যে সিন্ধুত ডকাইতি কৰাটো মানি লোৱা নহ'ব ।" ভাৰতীয় আগ্ৰাসনৰ পৰা নিজৰ নদীখন ৰক্ষাৰ বাবে দৃঢ় সংগ্ৰামৰ বাবে সাজু হ’বলৈ পি পি পিৰ অধ্যক্ষগৰাকীয়ে সমৰ্থকসকলক আহ্বান জনায় ।

পাকিস্তানৰ কনিষ্ঠতম বৈদেশিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি অহা বিলাৱালে কয় যে শেহতীয়াকৈ ভাৰতত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক দেশ আৰু ইয়াৰ জনসাধাৰণে গৰিহণা দিছে, কাৰণ পাকিস্তানীসকল নিজেই সন্ত্ৰাসবাদৰ বলি হৈয়েই আছে ।

বুধবাৰে ইছলামবাদৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰিলে ভাৰতে । মঙলবাৰে পহলগামত সংঘটিত আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে নিষিদ্ধ পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ সহযোগী সংস্থা ৰেজিষ্টেন্স ফ্ৰণ্টে ।

ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে পাকিস্তানে ছিমলা চুক্তি স্থগিত ৰখাৰ লগতে ভাৰতৰ সৈতে হোৱা অন্যান্য দ্বিপাক্ষিক চুক্তি স্থগিত ৰখাৰ হুংকাৰ দিয়ে । পাকিস্তানেও সকলো বাণিজ্য বন্ধ কৰি দিয়াৰ লগতে ভাৰতীয় বিমান সংস্থাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিলে আৰু সিন্ধু জল সন্ধিৰ অধীনত ইয়াৰ বাবে নিৰ্ধাৰিত পানীক অন্য দিশলৈ ঠেলি দিয়াৰ যিকোনো প্ৰচেষ্টাক যুদ্ধ আইন বুলি গণ্য কৰা হ’ব বুলিও কয় ।

১৯৭২ চনত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল । তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি বিলাৱাল আলী ভুট্টোৰ ককাক জুলফিকাৰ আলী ভুট্টোৱে এই চুক্তিত স্বাক্ষৰ কৰিছিল ।

ইয়াৰ লগতে, শুকুৰবাৰে পি পি পিৰ অধ্যক্ষগৰাকীয়ে ঘোষণা কৰে যে ফেডাৰেল চৰকাৰে এতিয়া সকলো প্ৰদেশৰ মাজত ঐকমত্যৰ ভিত্তিত বিতৰ্কিত ছটা নতুন খাল নিৰ্মাণ কৰিবলৈ সন্মত হৈছে ।

তেওঁ কয় যে মই শ্বেয়াৰ কৰিব বিচাৰো যে ফেডাৰেল চৰকাৰে সিদ্ধান্ত লৈছে যে চি চি আই (কাউন্সিল অৱ কমন ইন্টাৰেষ্ট)ত সহমত অবিহনে কোনো নতুন খাল নিৰ্মাণ কৰা নহ’ব ।

চি চি আই হৈছে প্ৰদেশৰ মাজত বিতৰ্কৰ সৈতে মোকাবিলা কৰিবলৈ এক উচ্চ ক্ষমতাসম্পন্ন আন্তঃপ্ৰদেশীয় সংস্থা ।

লগতে পঢ়ক : পহলগাম আক্ৰমণৰ প্ৰতিশোধ: দক্ষিণ কাশ্মীৰত মাটিত মিহলাই দিয়া হ'ল ৫ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ

সিন্ধু নদীৰ অতিৰিক্ত পানী ভাৰতে সংৰক্ষণ কৰিব পাৰিবনে ?

''পাকিস্তানলৈ এটোপাল পানীও যাব নোৱাৰিব...''; অমিত শ্বাহৰ সৈতে জলমন্ত্ৰীৰ বৈঠক