ETV Bharat / international

ম্যানমাৰৰ পৰা বেংককলৈকে কঁপি উঠিল ধৰিত্ৰী: নিমিষতে তচনচ সুবিশাল অট্টালিকা - EARTHQUAKE HITS MYANMAR

ইয়াৰ পূৰ্বে নিউজীলেণ্ডৰ ৰিভাৰ্টন উপকূলতো পুৱা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷

Earthquake
ভূমিকম্পৰ পিছত থাইলেণ্ডত ঘৰৰ বাহিৰলৈ ওলাই আহিছে লোকসকল (File Photo (ETV Bharat))
author img

By ETV Bharat Assamese Team

Published : March 28, 2025 at 1:25 PM IST

Updated : March 28, 2025 at 5:11 PM IST

4 Min Read

নিউজ ডেস্ক : শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া দেশ ম্যানমাৰ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য অনুসৰি ম্যানমাৰত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৭ আছিল বুলি ভূতাত্ত্বিক জৰীপ বিভাগে জনাইছে । এই ভূমিকম্প ইমানে শক্তিশালী আছিল যে ইয়াৰ জোকাৰণিয়ে থাইলেণ্ডৰ বেংককত ইয়াৰ গুৰুতৰ প্ৰভাৱ দেখা গৈছে ।

ভূমিকম্পৰ ফলত তীব্ৰ আতংকই বিৰাজ কৰিছে । থাইলেণ্ড আৰক্ষীৰ মতে ভূমিকম্পৰ ফলত নিৰ্মীয়মান অট্টালিকাৰ ক্ষতি হৈছে । শুকুৰবাৰে দুপৰীয়াৰ ভাগত অহা শক্তিশালী ভূমিকম্পই চুবুৰীয়া ম্যানমাৰ আৰু থাইলেণ্ডত অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে । ভূমিকম্পৰ সময়ৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে । য'ত কেইবাটাও অট্টালিকাৰ বিস্তৰ ক্ষতি হোৱা দেখা গৈছে । ইফালে ভিডিঅ'ত দেখা গৈছে কেনেদৰে নিমিষতে খহি পৰিছে নিৰ্মীয়মান এটা কেইবামহলীয়া অট্টালিকা । অট্টালিকাত লগোৱা গ্লাছবোৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে । লগে লগে তাৰ তলত থকা শ্ৰমিক আৰু একাংশ লোকে ইফালে সিফালে দৌৰিছে ।

ভূমিকম্পৰ ধ্বংসলীলা;নিমিষতে তচনচ সুবিশাল অট্টালিকা (PTI)

জানিব পৰা মতে বহুমহলীয়া অট্টালিকাটো আছে বেংককৰ বিখ্যাত চাটুচাক বজাৰত । ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে কেইবাটাও মৃদু ভূমিকম্পই জোকাৰি গৈছে থাইলেণ্ডৰ বেংকক চহৰ । আন এটা ভিডিঅ'ত দেখা গৈছে ওখ অট্টালিকাৰ ছাদত থকা পুলৰ পৰা তললৈ পানী বাগৰি পৰিছে । ১৭ নিযুতৰো অধিক লোকে বাস কৰা বেংককত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । শ শ লোক ৰাজপথলৈ ওলাই অহা দেখা গৈছে ।

ইফালে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাই ভূমিকম্পৰ প্ৰভাৱ মূল্যায়নৰ বাবে এখন জৰুৰী বৈঠকৰ আহ্বান কৰিছে ।

earthquake hits Myanmar
ভূমিকম্পৰ ফলত ৰাজপথত ফাট মেলিছে (AFP)

থাইলেণ্ডৰ দুৰ্যোগ প্ৰশমন বিভাগে কৈছে যে ভূমিকম্পটো দেশৰ প্ৰায় সকলো অঞ্চলতে অনুভৱ কৰা গৈছিল । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মধ্য ম্যানমাৰৰ মনিৱা চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ (৩০ মাইল) পূবত । ৰাজধানী নেপিটাৱত ভূমিকম্পৰ ফলত মন্দিৰসমূহৰো ব্যাপক ক্ষতি হয় । কোনো কোনো স্থানত ৰাজপথত বৃহৎ ফাট মেলাও দেখা গৈছে । অৱশ্যে গৃহ যুদ্ধত লিপ্ত ম্যানমাৰৰ পৰা ক্ষয়-ক্ষতিৰ অধিক প্ৰতিবেদন তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।

ধাৰাবাহিকভাৱে অহা ভূমিকম্পৰ ফলত মানুহৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । চুবুৰীয়া দেশ বাংলাদেশ,চীন, লাউছ আৰু থাইলেণ্ডতো কম্পন অনুভূত হৈছে । ইফালে চুবুৰীয়া দেশত ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ সমান্তৰালকৈ ভাৰতৰ ৰাজধানী দিল্লী আৰু এনচিআৰ এলেকাত লোকসলে কম্পন অনুভৱ কৰিছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে ১০ কিঃমিঃ গভীৰতাত ভূমিকম্প কেন্দ্ৰীভূত হৈছিল । যাৰ অক্ষাংশ : ২১.৯৩ উত্তৰ আৰু দ্ৰাঘিমাংশ: ৯৬.০৭ পূৱ । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে সামাজিক মাধ্যমৰ পোষ্টত এই কথা উল্লেখ কৰিছে ।

  • ভাৰতত কম্পন

মেঘালয়ৰ পূব গাৰো পাহাৰ, কলকাতা, ইম্ফলতো মৃদু কম্পন অনুভৱ কৰা দেখা গৈছে । ভূমিকম্পৰ জোকাৰণিয়ে মণিপুৰৰ ইম্ফলৰ থাংগল বজাৰৰ বাসিন্দাসকলক আতংকিত কৰি তোলে । য'ত বহু পুৰণি বহুমহলীয়া অট্টালিকা আছে । অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । মণিপুৰৰ উখৰুল জিলাত দুপৰীয়া ১:০৭ বজাত আন এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

শ্বিলঙৰ একাংশ বিষয়াই নিশ্চিত কৰিছে যে বেংককৰ ভূমিকম্পৰ এঘণ্টা পিছতে মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাতো মৃদু ভূমিকম্পৰ জোকাৰি অনুভূত হয় । আঞ্চলিক ভূকম্পন কেন্দ্ৰৰ মতে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলে কয়, "প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই ।"

Earthquake
ভূমিকম্পৰ পিছত থাইলেণ্ডত ঘৰৰ বাহিৰলৈ ওলাই আহিছে লোকসকল (AP)
  • নিউজীলেণ্ডত ছুনামিৰ আশংকা

ইয়াৰ পূৰ্ব নিউজীলেণ্ডৰ ৰিভাৰ্টন উপকূলত পুৱা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৫ । ভূমিকম্পত হতাহতৰ কোনো তথ্য নাই । অৱশ্যে দেশখনৰ একাংশ বিশেষজ্ঞৰ মতে ৰিভাৰ্টন উপকূলত ছুনামিৰ আশংকা আছে । এনে পৰিস্থিতিত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

লগতে পঢ়ক :নিৰ্মীয়মান অট্টালিকা খহি কাঢ়িলে ছজনৰ প্ৰাণ, মৃত্যুৰে যুঁজ বহুজনৰ - BUILDING COLLAPSE IN TELANGANA

Last Updated : March 28, 2025 at 5:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.