ইছলামাবাদ : বিদেশৰ বিভিন্ন কাৰাগাৰত কিমান পাকিস্তানী নাগৰিক কাৰাবন্দী হৈ আছে ? শেহতীয়াভাৱে ইয়াৰ তথ্য প্ৰকাশ কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে । ড্ৰাগছ সৰবৰাহ, ধৰ্ষণ, হত্যা, ডকাইতিকে ধৰি বিভিন্ন গোচৰত ২৩,৪৫৬ জন পাকিস্তানী নাগৰিকক বিদেশৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে ।
ইয়াৰে ভিতৰত ১২,১৫৬ জনক কেৱল চৌদি আৰবতে বন্দী কৰি ৰখা হৈছে বুলি এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সংসদক সংশ্লিষ্ট মন্ত্ৰণালয়ে অৱগত কৰে বুলি দেশখনৰ আগশাৰীৰ ৰাষ্ট্ৰীয় কাকত ডনে প্ৰকাশ কৰিছে । এক লিখিত উত্তৰত মন্ত্ৰণালয়ে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীত ৫,২৯২ জন পাকিস্তানী নাগৰিক কাৰাবন্দী হৈ আছে ।
আনহাতে, বাহৰেইনত ৪৫০ জন কাৰাগাৰত বন্দী হৈ আছে । ইয়াৰে বেছিভাগেই ড্ৰাগছ সৰবৰাহ, ড্ৰাগছ মজুত ৰখা আৰু জালিয়াতিৰ বাবে বন্দী হৈ আছে ।
ইয়াৰ উপৰি প্ৰায় ৪০০ পাকিস্তানী চীনৰ কাৰাগাৰত বন্দী হৈ আছে । তেওঁলোক ড্ৰাগছ সৰবৰাহ, ধৰ্ষণ, ডকাইতি, হত্যা, জালনোট প্ৰচলনকে ধৰি বিভিন্ন গোচৰত দোষী সাব্যস্ত হৈছে ।
ইফালে কাটাৰত ৩৩৮ জন পাকিস্তানীক চুৰি, হত্যা, নিচাযুক্ত দ্ৰব্য, ধন সৰবৰাহ, ধৰ্ষণ, আৰ্থিক জালিয়াতিকে ধৰি বিভিন্ন অপৰাধৰ শাস্তি প্ৰদান কৰা হৈছে । ওমানে ড্ৰাগছ সৰবৰাহ, হত্যা, ডকাইতি, যৌন নিৰ্যাতনৰ দৰে অপৰাধৰ বাবে ৩০৯ জন পাকিস্তানীক শাস্তি দিয়াৰ বিপৰীতে মালয়েছিয়াই অবৈধ প্ৰৱেশৰ উপৰি একেধৰণৰ অপৰাধৰ বাবে ২৫৫ জন ব্যক্তিক দোষী সাব্যস্ত কৰে ।
ডনৰ প্ৰতিবেদনত কোৱা হৈছে যে মন্ত্ৰণালয়ে বন্দীৰ সুবিধা, বন্দীৰ অৱস্থাৰ পৰ্যবেক্ষণ আৰু কয়দীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে নিয়মীয়াকৈ কনছুলাৰ ভ্ৰমণ কৰি থকা বুলি দাবী কৰিছে ।