ট্ৰাম্পৰ শুল্কনীতিয়ে ৰাজনীতি সলাইছে: পুটিন আহি আছে ভাৰতলৈ
শক্তি আৰু প্ৰতিৰক্ষা বিষয়ত ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনা ৷

By PTI
Published : August 8, 2025 at 9:07 AM IST
মস্কো: এই বছৰৰে শেষৰ ভাগলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ৷ ৰাষ্ট্ৰপতিগৰাকীৰ এই আগন্তুক ভাৰত ভ্ৰমণৰ বিষয়টো এই সময়ত অতিকৈ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ৷
কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত 25 শতাংশ শুল্ক আৰোপ কৰাৰ পিছতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতে জনোৱা এই আমন্ত্ৰণ স্বীকাৰ কৰিছে ৷ ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে মস্কোৰ ক্ৰেমলিনত ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক এই আমন্ত্ৰণ জনায় ৷
পুটিনৰ সৈতে হোৱা এই বৈঠকত ডোভালৰ লগতে উপস্থিত থাকে ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰো ৷ এই বৈঠকৰ পূৰ্বে ৰাছিয়াৰ প্ৰতিৰক্ষা কাউন্সিলৰ সচিব ছাৰ্গে শ্বইগু ৷ উল্লেখ্য যে বুধবাৰে ৰাছিয়াত উপস্থিত হয় ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল ৷ দোভালৰ এই ৰাছিয়া ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ৷
বুধবাৰে ছাৰ্গে শ্বইগুৰ সৈতে বৈঠকত মিলিত হয় ডোভাল ৷ শক্তি আৰু প্ৰতিৰক্ষা বিষয়ত ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হয় দ্বিপাক্ষিক আলোচনা ৷ যি সময়ত আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে সেই সময়ত ভাৰতে এইদৰে ৰাছিয়াৰ সৈতে তেল ক্ৰয়ৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনাত মিলিত হোৱা ঘটনা তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে বিবেচিত হৈছে ৷

