বেংকক : প্ৰায় এসপ্তাহ পূৰ্বে ম্যানমাৰত সংঘটিত প্ৰচণ্ড ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃহস্পতিবাৰে ৩,০৮৫ জনলৈ বৃদ্ধি পাইছে । অনুসন্ধানকাৰী আৰু উদ্ধাৰকাৰী দলে অধিক মৃতদেহ উদ্ধাৰ কৰা বুলি দেশখনৰ সামৰিক নেতৃত্বাধীন চৰকাৰে জানিবলৈ দিয়ে । এক বিবৃতিত সামৰিক বাহিনীয়ে কয় যে ভূমিকম্পৰ ফলত আন ৪,৭১৫ জন লোক আহত হোৱাৰ বিপৰীতে ৩৪১ জন সন্ধানহীন হৈ আছে ।
উল্লেখ্য যে যোৱা শুকুৰবাৰে সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ ওচৰত । এই ভূমিকম্পৰ ফলত বহু অট্টালিকা ধ্বংস হোৱাৰ লগতে ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হয় আৰু একাধিক অঞ্চলত দলং ধ্বংস হয় ।
অৱশ্যে স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে, হতাহতৰ সংখ্যা চৰকাৰী পৰিসংখ্যাতকৈ বহু বেছি হ'ব । আনহাতে, দূৰসংযোগ ব্যৱস্থা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি বহু ঠাইত উপনীত হোৱাত অতি কঠিন হোৱাৰ বাবে হতাহতৰ প্ৰকৃত সংখ্যা হাতত পৰা নাই । উক্ত অঞ্চলবোৰৰ পৰা অধিক তথ্য অহাৰ লগে লগে এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে ।
উল্লেখ্য যে, ২০২১ চনত আং চান চু কীৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা ম্যানমাৰৰ সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰে । যাৰ ফলত এক গৃহযুদ্ধৰ সূত্ৰপাত ঘটে । ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ভূমিকম্পৰ পূৰ্বৰ পৰায়ে গুৰুতৰ হৈ থকা মানৱীয় সংকট অধিক শোচনীয় হৈ পৰিছে । কিয়নো ৩০ লাখতকৈও অধিক লোক গৃহহীন হৈছে আৰু প্ৰায় ২০ নিযুত লোকৰ বিভিন্ন প্ৰয়োজনীয়তা আছিল ।
চলিত যুদ্ধৰ ফলত মানৱীয় সাহায্যৰ প্ৰচেষ্টা বাধাগ্ৰস্ত হ'ব পাৰে বুলি আশংকা সৃষ্টি হোৱাৰ মাজতে সামৰিক বাহিনীয়ে বুধবাৰে ২২ এপ্ৰিললৈ অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰে । এই ঘোষণাটো সামৰিক শাসনৰ বিৰোধী সশস্ত্ৰ প্ৰতিৰোধ গোটৰ দ্বাৰা ঘোষণা কৰা একপক্ষীয় অস্থায়ী যুদ্ধবিৰতিৰ পিছত আহে ।
সামৰিক বাহিনীৰ ঘোষণাত কোৱা হৈছে যে যদি তেওঁলোকে এই যুদ্ধবিৰতিক পুনৰ একত্ৰিত হোৱা, প্ৰশিক্ষণ বা আক্ৰমণ আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে তাৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।
আনহাতে, এক নিৰ্মীয়মাণ আকাশচুম্বী অট্টালিকা ভূপতিত কৰা বেংককৰ গৱৰ্ণৰ চাডচাৰ্ট চিটিপুণ্টে কয় যে ধ্বংসস্তূপৰ মাজত জীয়াই থকাৰ এক সম্ভাৱ্য শব্দ ধৰা পৰাৰ লগে লগে জীৱিত আৰু মৃতদেহৰ সন্ধান অব্যাহত ৰখা হৈছে । চহৰখনত এতিয়ালৈকে ২২ জন লোক নিহত হৈছে আৰু ৩৫ জন আহত হৈছে । ইয়াৰে বেছিভাগেই নিৰ্মীয়মাণ অট্টালিকাটো খহি পৰাৰ ফলত হয় ।