ম্যানমাৰৰ ভূমিকম্প : ভাৰতে প্ৰেৰণ কৰিব ১৫ টন সাহায্য সামগ্ৰী
ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

By ANI
Published : March 29, 2025 at 7:21 AM IST
|Updated : March 29, 2025 at 11:01 AM IST
নতুন দিল্লী : ম্যানমাৰত এতিয়া জৰুৰী অৱস্থা । প্ৰাকতিক দুৰ্যোগত বিধ্বস্ত দেশখনত এতিয়া কেউফালে মৃত্যুৰ কিৰলি, ধ্বংসযজ্ঞ । শক্তিশালী কেইবাটাও ভূমিকম্পই শুকুৰবাৰে জোকাৰি যায় ম্যানমাৰ । ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে দেশখন ।
আনহাতে, কেইবাটাও শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছত বিপৰ্যস্ত হৈ পৰিছে ম্যানমাৰ তেনে পৰিস্থিতিত। ভাৰতে ম্যানমাৰলৈ ১৫ টনতকৈও অধিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি সূত্ৰই জনায় । ভাৰতে বায়ুসেনা ষ্টেচন হিন্দনৰ পৰা ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব বুলি ।
সংবাদ সংস্থা ANI-ত প্ৰকাশ কৰা বাতৰি অনুসৰি, এই সাহায্য পেকেজটোত অন্তৰ্ভুক্ত আছে তম্বু, শ্লিপিং বেগ, কম্বল, খোৱাৰ বাবে সাজু আহাৰ, পানী পৰিশোধক, পৰিচ্ছন্নতা কিট, সৌৰচাকি, জেনেৰেটৰ ছেট আৰু পেৰাচিটামল, এণ্টিবায়টিক, চিৰিঞ্জ, হাতমোজা আৰু বেণ্ডেজৰ দৰে অত্যাৱশ্যকীয় ঔষধ ।
উল্লেখ্য যে, ৭.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি কেইবাটাও কম্পনৰ ফলত ম্যানমাৰ আৰু চুবুৰীয়া থাইলেণ্ডত গাঁথনিগত ক্ষতি আৰু আতংকৰ সৃষ্টি হয় । নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীৰ (এন চি এছ) তথ্য অনুসৰি, শুকুৰবাৰে নিশা ১১.৫৬ বজাত (স্থানীয় সময় অনুসৰি) ৰিখটাৰ স্কেলত ৪.২ প্ৰাবল্যৰ ভূমিকম্পই ম্যানমাৰক জোকাৰি যায় ।

এন চি এছ সূত্ৰ অনুসৰি, শেহতীয়া ভূমিকম্পটো 10 কিলোমিটাৰ গভীৰতাত সংঘটিত হয় । যাৰ ফলত ইয়াৰ পৰৱৰ্তী জোকাৰণিৰ প্ৰতি সংবেদনশীল হৈ পৰিছিল । এন চি এছে জনাইছে যে ভূমিকম্পটো ২২.১৫ উত্তৰ অক্ষাংশ আৰু ৯৫.৪১ পূব দ্ৰাঘিমাংশত সংঘটিত হয় ।
এক্সৰ এটা পোষ্টত নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীয়ে লিখিছে, "ভাৰতীয় সময় মতে ২৮ মাৰ্চৰ ১১.৫৬.২৯ বজাত ম্যানমাৰত ২২.১৫ উত্তৰ অক্ষাংশ আৰু ৯৫.৪১ পূ দ্ৰাঘিমাংশত এক ভূমিকম্প সংঘটিত হয় । ইয়াৰ উৎপত্তি স্থল হৈছে ভূপৃষ্ঠৰ পৰা ১০ কিঃমিঃ গভীৰতাত ।"
আনহাতে, দিনটোৰ আৰম্ভণিতে ম্যানমাৰত কেইবাটাও কম্পনে জোকাৰি যায় । ইয়াৰ ভিতৰত ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পও পুৱা 11.50 বজাত (স্থানীয় সময় অনুসৰি) সংঘটিত হয় । বেংকক আৰু থাইলেণ্ডৰ কেইবাটাও ঠাইত শক্তিশালী কম্পন অনুভৱ কৰা হয় । প্ৰত্যক্ষদৰ্শীৰ প্ৰতিবেদন আৰু স্থানীয় সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, এই জোকাৰণিত বেংককৰ অট্টালিকাবোৰৰ পৰা শ শ লোক দৌৰি ওলাই আহে ।
ছ'চিয়েল মিডিয়াত বিয়পি পৰা কেইবাটাও পোষ্টত ভূমিকম্পৰ তীব্ৰতাৰ বাবে ছুইমিং পুলৰ পৰা পানী ছিটিকি পৰা দেখা গৈছে । এন চি এছৰ মতে, 7.2 প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ 10 কিলোমিটাৰ গভীৰতাত আৰু 21.93 উত্তৰ অক্ষাংশ আৰু 96.07 ই দক্ষিণ দ্ৰাঘিমাংশত ৰেকৰ্ড কৰা হয় ।
আনহাতে, এক্সৰ এটা পোষ্টত এন চি এছে কৈছে, "ভাৰতীয় সময় মতে ২৮ মাৰ্চৰ ১১.৫০.৫২ বজাত ম্যানমাৰত ২১.৯৩ উত্তৰ অক্ষাংশ আৰু ৯৬.০৭ পূ দ্ৰাঘিমাংশত এক ভূমিকম্প সংঘটিত হয় । ইয়াৰ উৎপত্তি স্থল হৈছে ভূপৃষ্ঠৰ পৰা ১০ কিঃমিঃ গভীৰতাত ।"
ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ১১.৫০ বজাত ভূমিকম্পৰ পিছত ৬.৪ প্ৰাবল্যৰ পৰৱৰ্তী কম্পন অনুভূত হয় । নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীয়ে জনাইছে যে ৰিখটাৰ স্কেলত 4.9 প্ৰাবল্যৰ ভূমিকম্পই ম্যানমাৰত আঘাত কৰে । লগতে কয় যে ৰিখটাৰ স্কেলত প্ৰথম 7.7 প্ৰাবল্যৰ পিছত এইটো হৈছে তৃতীয়টো ভূমিকম্প ।
প্ৰকাশিত তথ্য অনুসৰি, ভূমিকম্পৰ ফলত চাটুচাক জিলাত নিৰ্মাৰত এটা ৩০ মহলীয়া আকাশচুম্বী অট্টালিকা খহি পৰে । থাইলেণ্ডৰ নেচনেল ইনষ্টিটিউট ফৰ ইমাৰ্জেন্সী মেডিচিনৰ উদ্ধৃতি দি দ্য নেচন নিউজে প্ৰকাশ কৰা মতে, ৪৩ জন শ্ৰমিক নিৰ্মীয়মাণ ভৱনটোত আবদ্ধ হৈ পৰে ।
ম্যানমাৰৰ পৰা চি এন এনৰ দ্বাৰা লাভ কৰা ভিডিঅ'ত দেখা গৈছে যে ইৰাৱতী নদীৰ ওপৰেৰে মান্দালয়ৰ মাজেৰে যোৱা এখন পথ দলংনদীত ভাঙি পৰে ।

