ম্যানমাৰত মৃত্যু মিচিল : ভূমিকম্পত হাজাৰোধিক নিহত; ভাৰতৰ ‘‘অপাৰেচন ব্ৰহ্ম’’ আৰম্ভ
ম্যানমাৰৰ সামৰিক নেতৃত্বাধীন চৰকাৰে কয় যে বিধ্বংসী ভূমিকম্পৰ ফলত হাজাৰোধিক লোকৰ মৃত্যু হৈছে ।

Published : March 29, 2025 at 12:39 PM IST
নতুন দিল্লী : শুকুৰবাৰে ম্যানমাৰত সংঘটিত প্ৰচণ্ড ভূমিকম্পৰ ফলত নিহতৰ সংখ্যাই ১,০০০ অতিক্ৰম কৰিছে । আনহাতে, ২,৩৭৬ জন লোক আহত হৈছে । দেশখনৰ শাসনাধিষ্ঠ জান্তা সেনাই শনিবাৰে এই কথা কয় । আনহাতে, বেংককত আৰু প্ৰায় ১০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে ।
ইফালে দুৰ্যোগ প্ৰশমনৰ প্ৰতি প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে ম্যানমাৰক সাহায্য সামগ্ৰী আগবঢ়াইছে । শনিবাৰে পুৱা বৈদেশিক মন্ত্ৰণালয়ে কয় যে ভাৰতৰ পৰা প্ৰেৰণ কৰিবলগীয়া প্ৰথমটো সাহায্য সামগ্ৰীৰ ভিতৰত আছে তম্বু, কম্বল, শ্লিপিং বেগ, খাদ্যৰ পেকেট, পৰিচ্ছন্নতা কিট, জেনেৰেটৰ আৰু অত্যাৱশ্যকীয় ঔষধৰ ১৫ টন সামগ্ৰী ।
ঐতিহাসিকভাৱে দেখা গৈছে ভূমিকম্পপীড়িত ম্যানমাৰক সহায় আৰু সাহায্য আগবঢ়োৱা প্ৰথম ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত হৈছে অন্যতম । শেহতীয়া বিবৃতিত বৈদেশিক মন্ত্ৰণালয়ে কয় যে ভাৰতে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে আৰু ম্যানমাৰত ভুক্তভোগীসকলক সহায় কৰাৰ বাবে প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰিছে ।
"অপাৰেচন ব্ৰহ্ম- ভাৰতে কালিৰ প্ৰচণ্ড ভূমিকম্পত ক্ষতিগ্ৰস্ত ম্যানমাৰৰ লোকসকলক সহায় কৰিবলৈ প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰিছে । আমাৰ ১৫ টন সাহায্য সামগ্ৰীৰ প্ৰথম খণ্ড, য'ত আছে তম্বু, কম্বল, শ্লিপিং বেগ, খাদ্যৰ পেকেট, পৰিচ্ছন্নতা কিট, জেনেৰেটৰ আৰু অত্যাৱশ্যকীয় ঔষধ, ইয়াংগনত অৱতৰণ কৰিছে ।" এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শনিবাৰে এক্সৰ পোষ্টটোত কয় ।
Operation Brahma - India acts as a First Responder to assist the people of Myanmar affected by yesterday's massive earthquake.
— Randhir Jaiswal (@MEAIndia) March 29, 2025
Our first tranche of 15 tonnes of relief material, including tents, blankets, sleeping bags, food packets, hygiene kits, generators, and essential… pic.twitter.com/6Nx7Bez9ne
উল্লেখ্য যে শুকুৰবাৰে মধ্য ম্যানমাৰৰ চাগাইং চহৰৰ উত্তৰ-পশ্চিমত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই দেশখনৰ বৃহৎ অংশত ব্যাপক ধ্বংসৰ সৃষ্টি কৰে ।সামৰিক চৰকাৰৰ মুৰব্বী ছিনিয়ৰ জেনেৰেল মিন অং হ্লাইঙে টেলিভিছনত দিয়া ভাষণত কয় যে মৃত্যুৰ সংখ্যা আৰু আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । থাইলেণ্ডৰ ৰাজধানীত কমেও ছয়জনৰ মৃত্যু হয় । তাত নিৰ্মীয়মাণ এটা ওখ অট্টালিকা খহি পৰে । চীনতো ক্ষতিৰ খবৰ পোৱা গৈছে ।
আনহাতে, দুপৰীয়াৰ ভাগত সংঘটিত ভূমিকম্পটোৰ ফলত মানুহে অট্টালিকাৰ পৰা ওলাই আহে আৰু ইফালে সিফালে আশ্ৰয় বিচাছে । কিন্তু প্ৰখৰ ৰ'দৰ উত্তাপত মানুহৰ যথেষ্ট কষ্ট হয় । ইফালে ম্যানমাৰৰ সামৰিক পৰিচালিত চৰকাৰে ছয়টা অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।
ম্যানমাৰৰ সামৰিক নেতৃত্বাধীন চৰকাৰে কয় যে দেশখনৰ দ্বিতীয় বৃহত্তম চহৰখনৰ ওচৰত সংঘটিত বিধ্বংসী ভূমিকম্পৰ ফলত বৰ্তমানলৈকে ১,০০০ ৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । শেহতীয়া পৰিসংখ্যা অনুসৰি, মান্দালয়ত শুকুৰবাৰে সংঘটিত ভূমিকম্পৰ পিছত ১,০০২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সামৰিক চৰকাৰে এক বিবৃতিত কয় ।
আনহাতে, ২,৩৭৬ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে আৰু ৩০ জন সন্ধানহীন হৈ আছে বুলি কোৱা হৈছে । বিবৃতিটোত লগতে কোৱা হৈছে যে এই সংখ্যাবোৰ বৃদ্ধি পাব পাৰে । বিতং পৰিসংখ্যা এতিয়াও সংগ্ৰহ কৰিবলৈ বাকী আছে ।"

