অলেখ প্ৰশ্নৰ মাজত আবদ্ধ ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি
যুদ্ধবিৰতি সফল হ'ব নে ? আলোচনা আৰু আগবাঢ়িব নে ? যদি দুয়োপক্ষ একমত নহয় তেনেহ'লে পুনৰ আৰম্ভ হ'ব নেকি যুদ্ধ ?

Published : October 11, 2025 at 10:14 AM IST
কাইৰো : প্ৰায় দুবছৰৰ তীব্ৰ সংঘৰ্ষৰ অন্তত অৱশেষত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে । তাৰ অধীনত শুকুৰবাৰে গাজাত বোমাবৰ্ষণ বন্ধ হোৱাৰ লগতে ইজৰাইলৰ সেনাও পিছুৱাই গৈছে । কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰা মতে এই চুক্তিৰ ফলত 'এক শক্তিশালী, স্থায়ী আৰু চিৰন্তন শান্তি' হ'বনে ?
ইজৰাইল আৰু হামাছৰ ওপৰত আমেৰিকা, আৰব দেশ আৰু তুৰস্কই হেঁচা প্ৰয়োগ কৰি কৈছে যে গাজা ষ্ট্ৰিপক ধ্বংস কৰা, লাখ লাখ পেলেষ্টাইনীক হত্যা কৰা, অঞ্চলটোৰ চাৰিওফালে অন্যান্য সংঘাতৰ সূচনা কৰা আৰু ইজৰাইলক ক্ৰমান্বয়ে বিচ্ছিন্ন কৰি ৰখা দুবছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে ।
এই হেঁচাৰ ফলত প্ৰথম পৰ্যায়ৰ চুক্তি সম্পন্ন হ'ল । যাৰ অধীনত ইজৰাইলে কাৰাগাৰত বন্দী হৈ থকা শ শ পেলেষ্টাইনীক মুকলি কৰি দিয়াৰ বিনিময়ত বাকী থকা জীৱিত ইজৰাইলী বন্দীসকলক কিছুদিনৰ ভিতৰতে হামাছে মুক্ত কৰিব লাগিব । কিন্তু ইয়াৰ পিছত কি হ'ব তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে যাৰ কোনো উত্তৰ নাই । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত সন্ত্ৰাসবাদীয়ে ইজৰাইলত আক্ৰমণ চলাই প্ৰায় ১২০০ জন লোকক হত্যা কৰাৰ লগতে ২৫১ জন লোকক পণবন্দী কৰি লৈছিল । তাৰ পিছতে আৰম্ভ হৈছিল মধ্য প্ৰাচ্যৰ এই তীব্ৰ সংঘাত ।
ইফালে ইজৰাইলে নিশ্চিত কৰিব বিচাৰিছে যে হামাছে আৰু অস্ত্ৰ ব্যৱহাৰ নকৰে । হামাছেও নিশ্চিত কৰিব বিচাৰে যে ইজৰাইলে নিজৰ সেনাক গাজাৰ পৰা সম্পূৰ্ণৰূপে উলিয়াই আনিব আৰু যুদ্ধ পুনৰ আৰম্ভ কৰিবলৈ দিয়া নহ'ব । একে সময়তে হামাছৰ শাসনৰ ঠাইত গাজাৰ বাবে যুদ্ধোত্তৰ চৰকাৰ গঠন কৰিব লাগিব । ইয়াৰ অবিহনে দেশখনৰ পুনৰ্গঠন প্ৰক্ৰিয়াৰ সম্ভাৱনা কম ।
দুয়োপক্ষৰ মাজত কোনো আস্থা নথকাৰ বাবে আমেৰিকা, ইজিপ্ত, কাটাৰ আৰু তুৰস্কৰ পৰা অব্যাহত থকা হেঁচাত বহুখিনি নিৰ্ভৰশীল । সেই আন্তঃসংলগ্ন বিষয়সমূহৰ সমাধানৰ ক্ষেত্ৰত যিকোনো বাধাই সকলো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু ইজৰাইলে হামাছক ধ্বংস কৰাৰ অভিযান পুনৰ আৰম্ভ কৰিব পাৰে ।
চুক্তিখনৰ বিষয়ে কিছু জানিবলগীয়া কথা
চুক্তিৰ প্ৰথম পৰ্যায় আৰম্ভ
শুকুৰবাৰে দুপৰীয়াৰ পৰা কাৰ্যকৰী হয় এই যুদ্ধবিৰতি । ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে চুক্তিৰ প্ৰথম দিনটোত গাজাৰ ভিতৰৰ সীমান্তলৈ নিজৰ সেনাক পিছুৱাই লৈ গৈছে । গাজা চহৰৰ বহু অংশ, দক্ষিণৰ খান ইউনিছ চহৰ আৰু অন্যান্য অঞ্চলৰ পৰা সেনা আঁতৰি আহিছে । দক্ষিণৰ ৰাফা চহৰৰ বেছিভাগ অঞ্চল, গাজাৰ সুদূৰ উত্তৰ চহৰ আৰু ইজৰাইলৰ সৈতে গাজাৰ সীমান্তৰ বহল ষ্ট্ৰিপত সেনা আছে ।
দক্ষিণ দিশলৈ স্থানান্তৰিত হোৱা পেলেষ্টাইনীসকলে উত্তৰ দিশত থকা নিজৰ ঘৰলৈ উভতি যাব পাৰিব বুলি সেনাই কৈছে । উত্তৰ দিশলৈ যোৱা পথবোৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰিছিল ।
ৰাষ্ট্ৰসংঘৰ এজন বিষয়াই জনোৱা মতে ইজৰাইলে ৰাষ্ট্ৰসংঘক দেওবাৰৰ পৰা গাজালৈ সাহায্য প্ৰেৰণ আৰম্ভ কৰিবলৈ সেউজ সংকেত দিছে ।
ইফালে সোমবাৰৰ ভিতৰত হামাছে বাকী ৪৮ গৰাকী বন্দীক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব, ইয়াৰে প্ৰায় ২০ গৰাকী জীৱিত বুলি ধাৰণা কৰা হৈছে । ইজৰাইলে প্ৰায় ২০০০ পেলেষ্টাইনীক মুকলি কৰি দিব, য'ত কাৰাগাৰাত থকা কেইবাশ লোক আৰু যুদ্ধৰ সময়ত গাজাৰ পৰা বন্দী কৰা লোক আছে । তাৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ বাবে আলোচনা আৰম্ভ হ'ব ।
সেনাৰ প্ৰত্যাহাৰ
হামাছে দীৰ্ঘদিন ধৰি জোৰ দি আহিছে যে ইজৰাইলৰ সেনাই গাজা সম্পূৰ্ণৰূপে এৰি নিদিয়ালৈকে তেওঁলোকে সকলো বন্দীক মুকলি কৰি নিদিয়ে । প্ৰথমে তেওঁলোকক মুক্ত কৰিবলৈ সন্মত হোৱাৰ পিছত হামাছে কয় যে তেওঁলোকে ট্ৰাম্পৰ পৰা পোৱা নিশ্চয়তাৰ ওপৰত নিৰ্ভৰ কৰি আছে যে সেয়া সম্পূৰ্ণ প্ৰত্যাহাৰ হ'ব । কিমান সময় লাগিব - সপ্তাহ, মাহ, বছৰ । সেয়া জনা হোৱা নাই ।
যোৱা সপ্তাহত ট্ৰাম্পে জাৰি কৰা প্ৰাৰম্ভিক ২০ পইণ্টৰ পৰিকল্পনাত ইজৰাইলে গাজাৰ ভিতৰত তেওঁলোকৰ মাজত থকা সীমান্তত এটা সংকীৰ্ণ বাফাৰ জ'ন বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু ইজৰাইলে ইজিপ্তৰ সৈতে গাজাৰ সীমান্তত থকা ফিলাডেলফি কৰিডৰটোও ধৰি ৰখাৰ কথা কৈছে ।
আনহাতে হামাছে সম্পূৰ্ণৰূপে অস্ত্ৰ ত্যাগ নকৰালৈকে গাজা সম্পূৰ্ণৰূপে এৰি যোৱা কথাটো ভাল হ'ব বুলি ভবা নাই । সেয়ে ইজৰাইলে সেই অঞ্চলসমূহ ইমান সোনকালে এৰি দিয়াৰ সম্ভাৱনা নাই ।
ট্ৰাম্পৰ এই পৰিকল্পনা অনুসৰি ইজিপ্ত আৰু জৰ্ডানৰ প্ৰশিক্ষণপ্ৰাপ্ত পেলেষ্টাইনী আৰক্ষীৰ লগতে আৰব নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীও গাজালৈ স্থানান্তৰিত হ'ব লাগিব । তাত উল্লেখ কৰা হৈছে যে সেই বাহিনীসমূহ নিয়োজিত হোৱাৰ লগে লগে ইজৰাইলী বাহিনীয়ে অঞ্চলসমূহ এৰি যাব । সেই ব্যৱস্থা অনুসৰণ কৰা হ'ব নে বিকল্পৰ আলোচনা কৰা হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
অস্ত্ৰ-শস্ত্ৰ বৰ্জন
ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ড দখল কৰা বন্ধ নকৰালৈকে সশস্ত্ৰ প্ৰতিৰোধৰ অধিকাৰ আছে বুলি কৈ হামাছে দীৰ্ঘদিন ধৰি অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইজৰাইলৰ বাবে অস্ত্ৰ বৰ্জন এক মূল দাবী । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বাৰে বাৰে কৈছে যে ভূখণ্ডৰ চাৰিওফালে নিৰ্মিত সুৰংগৰ নেটৱৰ্ককে ধৰি হামাছৰ সামৰিক সামৰ্থ্য ভাঙি নেপেলোৱালৈকে তেওঁলোকৰ অভিযান শেষ নহ'ব ।
কিন্তু আলোচনাৰ বিষয়ে জনা আৰবৰ বিষয়াসকলে কয় যে হামাছে নিজৰ আক্ৰমণাত্মক অস্ত্ৰসমূহ 'ডিকমিছনিং' কৰিবলৈ সন্মত হ'ব পাৰে, ইয়াক পেলেষ্টাইন-ইজিপ্তৰ যৌথ কমিটীৰ হাতত গতাই দিব পাৰে ।
ভৱিষ্যতৰ চৰকাৰ
ইজৰাইলে কয় যে তেওঁলোকে গাজাক হামাছৰ প্ৰভাৱৰ পৰা মুক্ত কৰাটো বিচাৰে । কিন্তু পেলেষ্টাইন কৰ্তৃপক্ষক কোনো ভূমিকা বা পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ সূচনা কৰিব পৰা যিকোনো ব্যৱস্থা দিয়াটোও নাকচ কৰিছে । ২০০৭ চনৰ পৰা গাজাত শাসন কৰা হামাছে এই ভূখণ্ড শাসনৰ পৰা পদত্যাগ কৰি পেলেষ্টাইনী টেকন'ক্ৰেটৰ এটা দলক শাসন ব্যৱস্থা অৰ্পণ কৰিবলৈ সন্মত হৈছে ।
অৱশ্যে ইয়াৰ স্থান কিহে লয় সেয়া অনিশ্চিত । ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই শাসন কৰিব । শান্তি পৰিষদ আৰু শান্তি ব'ৰ্ড দুয়োটাকে সংস্থাটোৰ নাম হিচাপে উত্থাপন কৰা হৈছে ।
দৈনন্দিন কাম-কাজ চলোৱা পেলেষ্টাইনী টেকন'ক্ৰেটসকলৰ প্ৰশাসন চোৱাচিতা কৰাৰ সময়তে ই বেছি ক্ষমতা দখল কৰিব । ইয়াৰ উপৰিও গাজাত পুনৰ্গঠন পৰিচালনাৰ কমাণ্ডিং ভূমিকাও গ্ৰহণ কৰিব । ট্ৰাম্পৰ প্ৰাৰম্ভিক ২০ দফীয়া পৰিকল্পনাত ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰক সংস্থাটোৰ নেতৃত্ব দিবলৈ কোৱা হৈছিল । হামাছে এতিয়ালৈকে এই কথাত সন্মতি প্ৰকাশ কৰা নাই আৰু কয় যে গাজা চৰকাৰৰ কাম পেলেষ্টাইনীসকলৰ মাজত হ'ব লাগে ।
ইজিপ্তৰ ৰিজ'ৰ্ট চহৰ শ্বাৰ্ম এল শ্বেইখত তিনিদিনীয়া আলোচনাৰ অন্তত নিশাৰ ভিতৰতে চুক্তি ঘোষণা হয় আৰু ইজৰাইলীসকলে ইয়াক ব্যাপকভাৱে উদযাপন কৰে । ইজৰাইলী জনসাধাৰণৰ বেছিভাগৰ বাবে দুবছৰ ধৰি বন্দী কৰি ৰখাসকলৰ অন্তিমজনলৈকে মুক্ত কৰাটোৱেই তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ ।
কিন্তু গাজাত পেলেষ্টাইনীসকল অধিক অনিশ্চয়তাত আছিল । অদম্য বোমাবৰ্ষণ আৰু স্থল আক্ৰমণ কিছু সময়ৰ বাবে বন্ধ হৈ যাব পাৰে আৰু সাহায্য বৃদ্ধি হ'ব পাৰে বুলি কিছু সকাহ পাইছিল । কিন্তু যুদ্ধৰ যিকোনো বিৰতি কিমান দিনলৈ চলিব, লাখ লাখ লোকে নিজৰ ঘৰলৈ উভতি যাব পাৰিবনে আৰু গাজা - ইয়াৰ বহুলাংশে ধ্বংসস্তূপ হৈ পৰা চহৰবোৰ - কেতিয়াবা পুনৰ নিৰ্মাণ হ'ব নে, সেই বিষয়েও সন্দেহ আৰু উদ্বেগৰ সৃষ্টি হৈছে ।
বহু পেলেষ্টাইনী লোকে আশংকা কৰিছে যে ইজৰাইলে আলোচনাৰ যিকোনো বিফলতাক পুনৰ আক্ৰমণ আৰম্ভ কৰাৰ সুযোগ হিচাপে ল'ব । কেইবামাহো ধৰি নেতান্যাহু আৰু তেওঁৰ মিত্ৰসকলে গাজাৰ ওপৰত দীৰ্ঘম্যাদী প্ৰত্যক্ষ নিৰাপত্তা নিয়ন্ত্ৰণ ৰাখিবলৈ জোৰ দি আহিছে আৰু ইয়াৰ পেলেষ্টাইনী জনসংখ্যাক বাহিৰলৈ উলিয়াই পঠিওৱাৰ কথা কৈছে । গাজাত বহুতে বিশ্বাস কৰে যে সেইটোৱেই ইজৰাইলৰ উদ্দেশ্য হৈয়ে আছে ।
আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিৰ হেঁচা - যদিহে বন্দীসকল মুকলি হোৱাৰ পিছতো এই হেঁচা চলি থাকে - ইজৰাইলে পুনৰ পূৰ্ণাংগ যুদ্ধ আৰম্ভ কৰাত বাধা দিব পাৰে ।
যদিহে হামাছ আৰু ইজৰাইলে চূড়ান্ত চুক্তিত উপনীত হ'ব নোৱাৰে বা আলোচনা নিৰ্ণায়কভাৱে আগবঢ়াই নিব নোৱাৰে তেন্তে গাজা অস্থিৰ হৈ পৰিব পাৰে, ইজৰাইলৰ সেনাই এতিয়াও ইয়াৰ কিছু অংশ ধৰি ৰাখিছে আৰু হামাছ এতিয়াও সক্ৰিয় হৈ আছে । তেনে ক্ষেত্ৰত ইজৰাইলে উল্লেখযোগ্য পুনৰ্গঠনৰ অনুমতি দিয়াৰ সম্ভাৱনা কম হ'ব, যাৰ ফলত গাজাৰ জনসাধাৰণ শিবিৰ বা আশ্ৰয় শিবিৰত আবদ্ধ হৈ পৰিব ।
লগতে পঢ়ক :প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু হামাছ : ট্ৰাম্প

