
নেপালত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ; বান-ভূমিস্খলনত মৃত্যু ৫২ জনৰ, নিৰুদ্দেশ আৰু আহত বহুজন
বিগত দুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত নেপালত সৰ্বাধিক ক্ষতিসাধন হোৱাৰ তথ্য লাভ কৰা হৈছে ।

By PTI
Published : October 6, 2025 at 11:25 AM IST
কাঠমাণ্ডু : প্ৰকৃতিৰ ক্ৰোধৰ সাক্ষী হৈছে নেপাল ৷ বিগত কেবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালত বান, ভূমিস্খলন, বজ্ৰপাত, পথ দুৰ্ঘটনাৰ দৰে বহু ঘটনাই সংঘটিত হৈছে ৷ নেপালত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰূদ্ৰ ৰূপ ৷ যাৰ ফলত বৰ্তমান পৰ্যন্ত প্ৰায় ৫২ জন লোকৰ মৃত্যু হৈছে । লগতে বহু সংখ্যক লোক আহত হোৱাৰ সমান্তৰালকৈ বহু লোক নিৰুদ্দেশ হোৱাৰো তথ্য লাভ কৰা গৈছে । বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সকলো প্ৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।
দেওবাৰে সন্ধিয়া সশস্ত্ৰ আৰক্ষী বাহিনীয়ে জনোৱা মতে, এই বৰষুণৰ ফলত হোৱা দুৰ্যোগত এতিয়াও কমেও ৭ জন লোক নিৰুদ্দেশ হৈ আছে আৰু ২৯ জন আহত হৈছে । বংগোপসাগৰৰ পৰা অহা আৰ্দ্ৰ বাৰিষাৰ বতাহৰ ফলত শনিবাৰে পুৱাৰে পৰা নেপালত হৈ আছে ধাৰাষাৰ বৰষুণ ।
ইয়াৰ ফলত সমগ্ৰ হিমালয়ৰ পাদদেশীয় অঞ্চলত বৰষুণৰ মাত্ৰা অধিক হোৱা দেখা গৈছে ৷ কেবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সাতখন প্ৰদেশৰ ভিতৰত ভাৰতৰ সীমান্তৱৰ্তী কোশী প্ৰদেশে সৰ্বাধিক ক্ষতিসাধন হৈছে । সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি, কেৱল ইলামতেই ভূমিস্খলন আৰু বানৰ ফলত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰদেশখনৰ অন্যান্য জিলাত আৰু ১২ জন লোকৰ মৃত্যু হৈছে । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোশীত এজন লোক সন্ধানহীন হৈ আছে আৰু কমেও ১৭ জন লোক আহত হৈছে ।

নেপালৰ দক্ষিণ সমভূমিৰ মধ্যম প্ৰান্তৰ ৰৌতহট বজ্ৰপাতৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে এজন আহত হৈছে । সৰলাহীৰ মুখ্য জিলা বিষয়া তুলসী বাহাদুৰ শ্ৰেষ্ঠাই ANI-ৰ আগত কয়, "বাগমতী নদীৰ বানৰ ফলত ইয়াৰ কাষৰীয়া আৱাসিক অঞ্চল প্লাৱিত হৈছে । আমি প্ৰথম দিনাৰ পৰাই নৈ কাষৰীয়া বাসিন্দাসকলক হাই এলাৰ্টত থাকিবলৈ পৰামৰ্শ দিছো আৰু নিৰাপত্তা সংস্থা মোতায়েন কৰিছো । আমি বিভিন্ন যোগাযোগ মাধ্যমৰ জৰিয়তে বাৰ্তা দি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ সকলোকে আহ্বান জনাইছো ।"
ধাৰাসাৰ বৰষুণ আৰু বহু অঞ্চল ভূমিস্খলন প্ৰবন অঞ্চল হোৱাৰ পাচতো উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে । শ্ৰেষ্ঠই কয়, "এই সময়ত আমি উদ্ধাৰ অভিযানত অধিক গুৰুত্ব দিছো । নিৰাপত্তা সংস্থাৰ পৰা আৰম্ভ কৰি স্থানীয় প্ৰতিনিধিলৈকে সকলোকে নিয়োগ কৰা হৈছে ।"
বাগমতী প্ৰদেশত চাৰিজন লোক আহত হোৱাৰ বিপৰীতে চাৰিজন নিৰুদ্দেশ হৈছে ৷ সুদুৰপাছচিম প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৮ জন লোক আহত হৈছে ।
দুদিনীয়া বিধ্বংসী পৰিস্থিতিৰ অন্তত শেহতীয়াকৈ নিম্ন চাপৰ বাবে বৰষুণৰ গতি অন্য স্থানলৈ স্থানান্তৰিত হৈছে ৷ হিমালয় পাদদেশৰ বতৰৰ উন্নতি হৈছে বুলি জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগে ঘোষণা কৰিছে । বিভাগটোৱে উল্লেখ কৰিছে যে যদিও বৰষুণৰ মাত্ৰা কিছু কম হৈছে, তথাপিও ই সম্পূৰ্ণৰূপে নাইকীয়া হৈ যোৱা নাই ।

