চতুৰ্থবাৰলৈ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কে পি শৰ্মা অলিৰ শপত গ্ৰহণ - Nepal Prime Minister
Nepal new PM : নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে কে পি শৰ্মা অলিয়ে ৷ আস্থা ভোটত পুষ্প কমল দাহাল ‘প্ৰচণ্ড’ৰ পৰাজয়ৰ পিচতেই ৰাষ্ট্ৰপতিয়ে কে পি শৰ্মা অলিক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷

By PTI
Published : July 15, 2024 at 2:07 PM IST
|Updated : July 15, 2024 at 5:59 PM IST
নিউজ ডেস্ক, 15 জুলাই : সোমবাৰে চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কে পি শৰ্মা অলিয়ে । নেপালৰ বৃহত্তম কমিউনিষ্ট দলৰ নেতাগৰাকীক দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে ৷ হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনত ৰাজনৈতিক স্থিতিশীলতা প্ৰদানৰ ক্ষেত্ৰত ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নতুন মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিব কে পি শৰ্মা অলিয়ে ।
শুকুৰবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত পুষ্প কমল দাহাল ‘প্ৰচণ্ড’ক পৰাস্ত কৰিবলৈ সক্ষম হয় 72 বছৰীয়া অলিয়ে ৷ সংসদৰ সৰ্ববৃহৎ দল নেপালী কংগ্ৰেছৰ সহযোগত তেওঁ প্ৰধানমন্ত্ৰী হৈছিল পুষ্প কমল দাহাল ।
ৰাষ্ট্ৰপতি ভৱনৰ মূল ভৱন শীতল নিৱাসত ৰাষ্ট্ৰপতি পৌড়েলে প্ৰধানমন্ত্ৰী অলিক শপত বাক্য পাঠ কৰোৱায় । অলিয়ে এতিয়া সাংবিধানিক আদেশ অনুসৰি নিযুক্তিৰ 30 দিনৰ ভিতৰত সংসদৰ পৰা আস্থা ভোট লাভ কৰিব লাগিব । 275 খন আসন থকা নেপালৰ সদনত অলিক ন্যূনতম 138 টা ভোটৰ প্ৰয়োজন হ’ব ৷
ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি, জনতা সমাজবাদী পাৰ্টী নেপাল, লোকতান্ত্ৰিক সমাজবাদী পাৰ্টী, জনমত পাৰ্টী, নাগাৰিক উনমুক্তি পাৰ্টীকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহেও চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা আছে ।
2015 চনৰ 11 অক্টোবৰৰ পৰা 2016 চনৰ 3 আগষ্টলৈকে আৰু তাৰ পিচত 2018 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা 2021 চনৰ 13 জুলাইলৈকে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অলিয়ে ৷ তেতিয়াৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ নিযুক্তিৰ মৰ্মে 2021 চনৰ 13 মে’ৰ পৰা 2021 চনৰ 13 জুলাইলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল যদিও পিচত উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী পদৰ ওপৰত অলিৰ দাবী অসাংবিধানিক বুলি ৰায় দিয়ে ।
লগতে পঢ়ক: আস্থা ভোটত পৰাজিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল - Prachanda seeks vote of confidence

