ETV Bharat / international

ফেডাৰেল কৰ গোচৰত আটাইকেইটা অভিযোগৰ দোষ স্বীকাৰ বাইডেন পুত্ৰ হাণ্টাৰৰ - Hunter Biden pleaded guilty

Hunter Biden Federal Tax Case : আন এক অপৰাধমূলক গোচৰত শাস্তিৰ সন্মুখীন হ'বলৈ গৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেন । এইবাৰ তেওঁ কৰ গোচৰত শাস্তিৰ সন্মুখীন হ'ব । ডেলাৱেৰৰ উইলমিংটনত তিনিটা ফেডাৰেল বন্দুকৰ অভিযোগত জুনত দোষী সাব্যস্ত হোৱাৰ পিচত এইবছৰ বাইডেনৰ এইটো হ'ব দ্বিতীয়টো অপৰাধমূলক বিচাৰ ।

Hunter Biden Federal Tax Case
জো বাইডেনৰ পুত্ৰ হাণ্টাৰ (ANI Photo)
author img

By ANI

Published : September 6, 2024 at 10:18 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেনে বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত ফেডাৰেল কৰ গোচৰৰ আটাইকেইটা অভিযোগৰ দোষ স্বীকাৰ কৰে । লগতে লছ এঞ্জেলছৰ জিলা ন্যায়াধীশ মাৰ্ক স্কাৰ্চিয়ে তেওঁৰ আবেদন গ্ৰহণ কৰিছে । চি এন এনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ । নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিচত অহা ১৬ ডিচেম্বৰত এই বিষয়ত শাস্তি প্ৰদান কৰা হ'ব ।

চি এন এনৰ মতে, বাইডেন পুত্ৰই আনুষ্ঠানিকভাৱে এটা কৰ ফাঁকি, প্ৰৱঞ্চনামূলক কৰ ৰিটাৰ্ণ দাখিলৰ দুটা গোচৰ, কৰ পৰিশোধ কৰাত বিফল হোৱাৰ চাৰিটা অপৰাধৰ গোচৰ আৰু কৰ ৰিটাৰ্ণ দাখিল কৰাত বিফল হোৱা দুটা অপৰাধৰ গোচৰত দোষ স্বীকাৰ কৰে ।

উল্লেখ্য যে, তেওঁৰ দোষ স্বীকাৰৰ আবেদনখন সমগ্ৰ দিনজুৰি চলা শুনানিৰ সময়ত আহে, যিদিনাখন লছ এঞ্জেলছত নিৰ্বাচিত জুৰিৰ সৈতে তেওঁৰ বিচাৰ আৰম্ভ হোৱাৰ কথা আছিল । প্ৰায় 120 গৰাকী সম্ভাৱ্য জুৰিয়ে গোটেই দিনটো এটা পৃথক এছেম্বলী কক্ষত অপেক্ষা কৰিছিল । আনহাতে, চৰকাৰী অধিবক্তা আৰু হাণ্টাৰ বাইডেনৰ অধিবক্তাই বিষয়টো কেনেদৰে আগবঢ়াই নিয়া যাব তাকে লৈ আদালতত বিতৰ্ক কৰে ।

চি এন এনৰ মতে, হাণ্টাৰ বাইডেনে ‘‘আলফ'ৰ্ড আবেদন’’ আগবঢ়োৱাৰ কেইঘণ্টামান পিচত এই আবেদন কৰে । তাত তেওঁ নিজকে নিৰ্দোষী বুলি জনোৱা স্থিতিত অটল আছিল আৰু বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি গৈছিল যি শাস্তি প্ৰদান কৰা হয় সেয়া গ্ৰহণ কৰিম বুলি উল্লেখ কৰিছিল । কিন্তু চৰকাৰী অধিবক্তাই জোৰদাৰ আপত্তি দৰ্শোৱাত বাইডেনৰ দলটোৱে উক্ত পৰিকল্পনাৰ পৰা আঁতৰি যায় ।

আনহাতে, ন্যায়াধীশে কয় যে তেওঁ সমগ্ৰ বিষয়টো অধ্যয়ন কৰিব বিচাৰিব আৰু এই বিষয়ত শুকুৰবাৰে পুৱা পুনৰ বৈঠক আহ্বান কৰিব । দোষীৰ আবেদনখন হাণ্টাৰ বাইডেনৰ একপক্ষীয় পদক্ষেপ আছিল আৰু ইয়াক ‘‘মুকলি আবেদন’’ বুলি কোৱা হয় । কিয়নো এইখন চৰকাৰী অধিবক্তাৰ সৈতে পূৰ্ব-নিৰ্ধাৰিত তথ্য চুক্তি অবিহনে কৰা হৈছিল ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বাইডেনে লছ এঞ্জেলছৰ ফেডাৰেল আদালতত শপত গ্ৰহণ কৰি কৈছিল যে কৰ গোচৰত দোষ স্বীকাৰ কৰাৰ বাবে সৈমান হ'বলৈ তেওঁৰ পৰা কোনেও প্ৰতিশ্ৰুতি লোৱা নাছিল । ৰাষ্ট্ৰপতিৰ পুত্ৰই এইটোও সাক্ষ্য দিছিল যে কোনেও তেওঁক কোনো ধৰণে দোষ স্বীকাৰ কৰিবলৈ হেঁচা দিয়া নাছিল ।

আনহাতে, চৰকাৰী অধিবক্তাসকলে আবেদন প্ৰক্ৰিয়াৰ সময়ত প্ৰায় 90 মিনিট ধৰি 56 পৃষ্ঠাৰ সম্পূৰ্ণ অভিযোগটো পাঠ কৰাৰ পিচত স্কাৰ্চিয়ে হাণ্টাৰ বাইডেনক প্ৰশ্ন কৰে, "আপুনি প্ৰতিটো অপৰাধৰ প্ৰতিটো উপাদান কৰিছে বুলি আপুনি সন্মতনে ?"

উত্তৰত হাণ্টাৰ বাইডেনে এয়া স্বীকাৰ কৰে । কৰ গোচৰৰ সমাধান লছ এঞ্জেলছৰ ডাউনটাউনত এটা বিচাৰৰ সময়ত আহিছিল । ডেলাৱেৰৰ উইলমিংটনত তিনিটা ফেডাৰেল বন্দুকৰ অভিযোগত জুনত দোষী সাব্যস্ত হোৱাৰ পিচত এইবছৰ বাইডেনৰ এইটো হ'ব দ্বিতীয়টো অপৰাধমূলক বিচাৰ ।

চি এন এনৰ মতে, চৰকাৰী অধিবক্তাই অভিযোগ কৰিছিল যে বাইডেনে ফেডাৰেল কৰত 1.4 নিযুত আমেৰিকান ডলাৰ পৰিশোধ কৰাত ব্যৰ্থ হৈছিল আৰু প্ৰৱঞ্চনামূলক ব্যৱসায়িক কৰ্তনৰ সৈতে কৰ ৰিটাৰ্ণ দাখিল কৰি কৰ ফাঁকি দিছিল ।

লগতে পঢ়ক :The Apprentice : নিৰ্বাচনৰ পূৰ্বে আমেৰিকাৰ ছবিগৃহত ট্ৰাম্পৰ বিতৰ্কিত বায়'পিক - Trump Biopic The Apprentice
লগতে পঢ়ক :বাংলাদেশে প্ৰত্যাৰ্পণ নিবিচৰালৈকে ভাৰতত মৌন হৈ থকা উচিত শ্বেখ হাছিনা: মঃ ইউনুছ - Chief Advisor Muhammad Yunus