ETV Bharat / international

ইজৰাইলৰ আক্ৰমণত ইৰাণত কমেও ৫৮৫ জন লোকৰ মৃত্যু: মানৱ অধিকাৰ সংগঠনৰ তথ্য়ত প্ৰকাশ

ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ ষষ্ঠটো দিনত আতংকিত তেহৰাণৰ বাসিন্দাসকলে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰে ।

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 12:58 PM IST

5 Min Read
Choose ETV Bharat

ডুবাই: বুধবাৰে পুৱা ইৰাণৰ ৰাজধানী তেহৰাণক লক্ষ্য কৰি ইজৰাইলে চলোৱা বিমান আক্ৰমণত সমগ্ৰ ইৰাণত কমেও ৫৮৫ জন লোকৰ মৃত্যু ঘটাৰ লগতে প্ৰায় ১,৩২৬ জন লোক আহত হয় ৷ এই তথ্য সদৰী কৰিছে মানৱ অধিকাৰ সংগঠনে ৷

ৱাশ্বিংটনস্থিত মানৱ অধিকাৰ সংগঠনৰ কৰ্মীসকলে জনোৱা মতে, ইজৰাইলৰ আক্ৰমণত নিহতসকলৰ ভিতৰত ২৩৯ জনক সাধাৰণ নাগৰিক আৰু ১২৬ জনক নিৰাপত্তাৰক্ষী হিচাপে চিনাক্ত কৰা হৈছে ৷ ২০২২ চনত মাহছা আমিনিৰ মৃত্যুক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ সময়তো বিশদভাৱে আহতৰ সংখ্যা প্ৰকাশ কৰা এই গোটটোৱে ইছলামিক ৰিপাব্লিকৰ স্থানীয় প্ৰতিবেদনসমূহ দেশখনত বিকশিত হোৱা উৎসৰ নেটৱৰ্কৰ বিপৰীতে পৰীক্ষা কৰে ।

সংঘাতৰ সময়ত ইৰাণে নিয়মিতভাৱে মৃত্যুৰ সংখ্যা প্ৰকাশ কৰা নাই আৰু বিগত সময়ত ইৰাণে হতাহতৰ সংখ্যাও কমকৈ প্ৰকাশ কৰিছে । সোমবাৰে প্ৰকাশ পোৱা শেহতীয়া তথ্য় অনুসৰি, মৃত্যুৰ সংখ্যা ২২৪ জন হোৱাৰ বিপৰীতে আহত হৈছে ১,২৭৭ জন ।

এক চৰম অনিশ্চয়তাই অঞ্চলটোক উত্তেজিত কৰি তুলিছিল ৷ ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক বাহিনীক লক্ষ্য কৰি ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ ষষ্ঠটো দিনত তেহৰাণৰ বাসিন্দাসকলে একগোট হৈ নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিছিল ।

ইজৰাইলে দাবী কৰিছে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত বাধা দিবলৈ বিমানেৰে আক্ৰমণ চলাবলগা হৈছিল । ইৰাণ আৰু আমেৰিকাই তেহৰাণৰ কাৰ্যসূচীক লৈ নতুন কূটনৈতিক চুক্তিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি থকাৰ সময়তে এই কথা প্ৰকাশ পাইছে ৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইজৰাইলে চলোৱা এই অভিযান তেওঁ কৰা আলোচনাৰ ৬০ দিনৰ পিছতহে চলোৱা হৈছে ।

ইৰাণে দীৰ্ঘদিন ধৰি নিজৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ বুলি দাবী কৰি আহিছে যদিও ই একমাত্ৰ অপাৰমাণৱিক অস্ত্ৰধাৰী দেশ, যিয়ে ইউৰেনিয়ামক ৬০% লৈ সমৃদ্ধ কৰিছে ৷ যিটো অস্ত্ৰ গ্ৰেডৰ স্তৰ ৯০% ৰ পৰা এটা সৰু, কাৰিকৰী পদক্ষেপ । ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থা আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই এতিয়াও ইৰাণত সীমিত পৰিদৰ্শন চলাই আছে । আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহেও কয় যে তেওঁলোকে বিশ্বাস নকৰে যে ইৰাণে সক্ৰিয়ভাৱে বোমা নিৰ্মাণৰ চেষ্টা কৰিছে ৷

আন্দোলন অব্যাহত থকাৰ সময়তে তেহৰাণৰ পৰা পলায়ন নাগৰিকসকলৰ

বুধবাৰে পুৱা প্ৰায় ৫ বজাত তেহৰাণত এক ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনা যায় ৷ তাৰপিছত ক্ৰমান্বয়ে একাধিক বিস্ফোৰণ সংঘটিত হৈছিল ৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইলৰ বিমান আক্ৰমণ তীব্ৰতৰ হোৱাৰ পিছত সাধাৰণ হৈ পৰা এই আক্ৰমণৰ কথা ইৰাণৰ বিষয়াসকলে নিশ্চিত কৰা নাই ।

উল্লেখ্য যে, অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ একাডেমী থকা হাকিমিয়েহ নামৰ পূব তেহৰাণৰ চুবুৰীটোক লক্ষ্য কৰি এক আক্ৰমণ চলোৱা হৈছিল ৷ এই আক্ৰমণৰ ফলত তেহৰানৰ অধিকাংশ ঠাই খালী হৈ পৰে, বহু বিপণি আৰু পুৰণি বৃহৎ বজাৰখনো বন্ধ হৈ যায় । সংকটৰ সময়তহে বজাৰখন বন্ধ হৈ পৰে, যেনে- ২০২২ চনৰ চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু কৰ’ণা মহামাৰীৰ সময়তো এই বজাৰ বন্ধ হৈ পৰিছিল । চহৰখনৰ পশ্চিম দিশলৈ যোৱা পথবোৰত সৃষ্টি হৈছিল যান-জঁট ।

ইৰাণৰ আত্মসমৰ্পণৰ দাবী ট্ৰাম্পৰ

আমেৰিকাই মধ্যপ্ৰাচ্যলৈ অধিক যুদ্ধবিমান প্ৰেৰণ কৰাৰ লগে লগে ট্ৰাম্পে এই সংঘাতৰ বিষয়ে কেইবাটাও মন্তব্য আগবঢ়ায় ৷ ছ’চিয়েল মিডিয়াত “বিনা চৰ্তত আত্মসমৰ্পণ” ৰ দাবী কৰি কৰা পোষ্ট আৰু শীৰ্ষ নেতা আয়াতুল্লাহ আলী সন্দৰ্ভত দিয়া পোষ্টে আমেৰিকাৰ ভূমিকাক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল ৷

খামেনী সন্দৰ্ভত আমেৰিকাই প্ৰকাশ কৰা পোষ্টটো আছিল এনেধৰণৰ- ‘‘আমেৰিকাই জানে যে খামেনী ক'ত লুকাই আছে, কিন্তু এতিয়াৰ বাবে অন্ততঃ তেওঁক হত্যা কৰাৰ কোনো পৰিকল্পনা নাই ৷’’

ৰাজহুৱাভাৱে মন্তব্য দিবলৈ অপাৰগ তথা নাম প্ৰকাশত অনিচ্ছুক হোৱাইট হাউছৰ এজন বিষয়াই কয়, ‘‘মঙলবাৰে ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ফোনযোগে এই পৰিস্থিতিৰ বিষয়ে কথা পাতিছিল ।’’

প্ৰতিশোধৰ মাত্ৰা হ’ব অধিক: ইৰাণ

ইৰাণে ৰাষ্ট্ৰপতি পদৰ প্ৰতি তৎক্ষণাত কোনো সঁহাৰি নিদিলেও দেশখনৰ সামৰিক নেতাসকলে ইজৰাইলৰ ওপৰত অতি সোনকালে পূৰ্বৰ তুলনাত অধিক আক্ৰমণ চলোৱাৰ হুংকাৰ প্ৰদান কৰে ৷

ইৰাণৰ সামৰিক সেনাধ্যক্ষ জেনেৰেল আব্দুল ৰহিম মৌছাভীয়ে এক ভিডিঅ’যোগে কয়, ‘‘এতিয়ালৈকে চলোৱা অভিযানসমূহ কেৱল সতৰ্কবাণী আৰু প্ৰতিৰোধৰ উদ্দেশ্যেহে আছিল । শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।’’

বুধবাৰে ইৰাণে নতুনকৈ মিছাইল আক্ৰমণৰ হুংকাৰ প্ৰদান কৰাৰ পিছত ইজৰাইলৰ সেনাই সাধাৰণ লোকসকলক আশ্ৰয় শিবিৰৰ সমীপত থাকিবলৈ সকীয়াই দিছিল যদিও বিষয়াসকলে কয় যে অধিকাংশ মিছাইল জব্দ কৰা হৈছে ৷ এই সময়ত কোনো সাধাৰণ লোক হতাহত হোৱা নাই ৷ ইজৰাইলৰ মৰুভূমি চহৰ ডিমোনাকে ধৰি সমগ্ৰ দক্ষিণ ইজৰাইলত এই সময়ছোৱাত ছাইৰেন বাজি উঠিছিল ।

শুকুৰবাৰলৈকে জেৰুজালেমত থকা আমেৰিকাৰ দূতাবাস বন্ধ থাকিব বুলি ঘোষণা কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে । ইৰানে নিজৰ প্ৰতিটো বেৰেজত কম ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে, বুধবাৰে মাত্ৰ মুষ্টিমেয় ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ।

ইয়াৰ দ্বাৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ হ্ৰাস পোৱাৰ কোনো ব্যাখ্যা দিয়া হোৱা নাই যদিও ইজৰাইলে ইৰাণৰ কেইবাটাও লঞ্চাৰক লক্ষ্য হিচাপে লোৱাৰ পিছতে এই সংখ্যা হ্ৰাস পাইছে । ইৰাণে ইয়াৰ প্ৰতিশোধ লৈ ইজৰাইললৈ প্ৰায় ৪০০ ক্ষেপণাস্ত্ৰ আৰু শ শ ড্ৰোণ নিক্ষেপ কৰিছে । এইপৰ্যন্ত ইজৰাইলত ২৪ জন লোকৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক: সকলো ভাৰতীয়ক তেহৰাণৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ বৈদেশিক মন্ত্ৰণালয়ৰ