ETV Bharat / international

ৱাশ্বিংটনৰ ইহুদী সংগ্ৰহালয়ৰ ওচৰত ইজৰাইলৰ দূতাবাসৰ ২ কৰ্মচাৰীক হত্যা - ISRAELI EMBASSY STAFF KILLED

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনি ডেননে এই গুলীচালনাক 'ইহুদীবিৰোধী সন্ত্ৰাসবাদী কাৰ্য' বুলি অভিহিত কৰে ।

Israeli Embassy Staff Killed
ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী (AP)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 2:41 PM IST

3 Min Read

ৱাশ্বিংটন : ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক বুধবাৰে সন্ধিয়া গুলীয়াই হত্যা কৰা হয় । ৱাশ্বিংটনৰ ইহুদী সংগ্ৰহালয়ৰ এটা অনুষ্ঠানৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁলোকক গুলীয়াই হত্যা কৰা হয় ।

অৱশ্যে এই গুলীচালনাত জড়িত সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পিছত তেওঁ 'স্বাধীন, স্বাধীন পেলেষ্টাইন' বুলি শ্লোগান দিয়াৰ কথা আৰক্ষীয়ে জনায় । ইফালে এই আক্ৰমণৰ ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ইজৰাইলৰ মিছনসমূহে নিজৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ বাধ্য হয় ।

মেট্ৰ’পলিটান আৰক্ষী অধীক্ষক পামেলা স্মিথে এক সংবাদমেলত জনোৱা মতে, ভুক্তভোগী এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা । কেপিটেল ইহুদী মিউজিয়ামত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা ওলাই গৈ থকা অৱস্থাত সন্দেহযুক্ত লোকজনে চাৰিজনীয়া এটা দলৰ ওচৰ চাপি গৈ গুলীচালনা কৰে । স্মিথে জনোৱা মতে, চিকাগোৰ ইলিয়াছ ৰড্ৰিগেজ (৩০) নামৰ সন্দেহজনক লোকজনক গুলীচালনাৰ পূৰ্বে সংগ্ৰহালয়ৰ বাহিৰত খোজকাঢ়ি থকা দেখা গৈছিল । আনহাতে, গুলীচালনাৰ পিছত তেওঁ সংগ্ৰহালয়টোত সোমায় আৰু সেই সময়ত তাত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে তেওঁক আটক কৰে ।

তেওঁক জিম্মাত লোৱাৰ সময়ত সন্দেহযুক্ত লোকজনে 'স্বাধীন, স্বাধীন পেলেষ্টাইন' বুলি শ্লোগান দিবলৈ আৰম্ভ কৰে বুলি স্মিথে কয় ।

"এই ভয়ংকৰ ডি চি হত্যাকাণ্ডবোৰৰ, স্পষ্টভাৱে ইহুদীবিৰোধীৰ ওপৰত ভিত্তি কৰি কৰা, অন্ত পৰিব লাগিব, এতিয়াই !" বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই কথা প্ৰকাশ কৰে । তেওঁ লগতে কয়, "আমেৰিকাত ঘৃণা আৰু উগ্ৰবাদৰ কোনো স্থান নাই ।"

ইজৰাইলৰ প্ৰতিক্ৰিয়া

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে বৃহস্পতিবাৰে কয় যে তেওঁ এই 'ভয়ংকৰ, ইহুদীবিৰোধী' গুলীচালনাত 'হতভম্ব' হৈছে । তেওঁ এক বিবৃতিত কয়, "ইহুদীবিৰোধী আৰু ইজৰাইলৰ বিৰুদ্ধে বন্য প্ৰৰোচনাৰ ভয়ংকৰ মূল্য আমি প্ৰত্যক্ষ কৰিছোঁ ।"

আনহাতে, আমেৰিকাত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত য়েচিয়েল লেইটাৰে কয় যে নিহত লোক দুজন হৈছে বিয়া পাতিব ওলোৱা যুৱক-যুৱতী । অহা সপ্তাহত জেৰুজালেমত প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ উদ্দেশ্যেৰে এই সপ্তাহত যুৱকজনে এটা আঙুঠি ক্ৰয় কৰিছিল । অৱশ্যে তেওঁলোকৰ পৰিচয় তাৎক্ষণিকভাৱে ৰাজহুৱা কৰা নাই ।

আমেৰিকাত থকা ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰদূত মাইক হাৰ্জগে ইজৰাইলী সেনা ৰেডিঅ’ক জনোৱা মতে, হত্যা কৰা মহিলাগৰাকী দূতাবাসটোৰ এগৰাকী আমেৰিকান কৰ্মচাৰী আৰু যুৱকজন ইজৰাইলী ।

এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে কয় যে ঘটনাটোৰ সময়ত তেওঁ ৱাশ্বিংটনত আমেৰিকাৰ এটৰ্নী হিচাপে কাম কৰা প্ৰাক্তন ন্যায়াধীশ জিনিন পিৰ’ৰ সৈতে উক্ত স্থানত উপস্থিত আছিল । আনহাতে, নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা বিবৃতিত কোৱা হৈছে যে তেওঁ বণ্ডীৰ সৈতে কথা পাতিছে আৰু তেওঁ কৈছে যে ট্ৰাম্পে এই ঘটনাটোক গুৰুত্বসহকাৰে লৈছে আৰু এই কাণ্ডত জড়িত অপৰাধীক আদালতৰ কাঠগড়ালৈ আনিব ।

লগতে পঢ়ক :পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি উদঙাবলৈ ইউএইত ভাৰতৰ প্ৰতিনিধি দল - INDIA ALL PARTY DELEGATION IN UAE
লগতে পঢ়ক :বেলুচিস্তানত বোমা বিস্ফোৰণ: ৪ জন নিহত, ২০ জন আহত - BLAST IN BALOCHISTAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.