ETV Bharat / international

হামাছে মুকলি কৰা বন্দীক স্বদেশলৈ স্বাগতম প্ৰধানমন্ত্ৰী নেতান্যাহুৰ

যুদ্ধবিৰতি চুক্তি অনুসৰি ৩ গৰাকী ইজৰাইলী বন্দীক হামাছে মুকলি কৰি দিয়ে ।

Israel Prime Minister Benjamin Netanyahu
হামাছে মুকলি কৰা বন্দীক স্বদেশলৈ স্বাগতম প্ৰধানমন্ত্ৰী নেতান্যাহুৰ (X/@netanyahu)
author img

By ANI

Published : January 31, 2025 at 7:52 AM IST

2 Min Read
Choose ETV Bharat

জেৰুজালেম(ইজৰাইল) : দীৰ্ঘদিনীয়া সংঘৰ্ষৰ অন্তত শেহতীয়াকৈ হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈছে । যুদ্ধবিৰতি চুক্তি অনুসৰি দুয়োপক্ষই ইতিমধ্যে বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । একেদৰে বিভিন্ন অঞ্চলৰ পৰা দুয়োপক্ষই সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে । তাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বৃহস্পতিবাৰে সন্ধিয়া এক বিবৃতি জাৰি কৰি গাজাত বন্দীত্বৰ পৰা মুক্তি লাভ কৰা তিনিগৰাকী ইজৰাইলীক স্বদেশলৈ স্বাগতম জনাইছে ।

ইজৰাইলী বন্দীক মুকলি হামাছৰ

হামাছে মুকলি কৰি দিয়া সেই ৩ গৰাকী বন্দী হৈছে ক্ৰমে আগম বাৰ্জাৰ, আৰবেল য়েহুদ আৰু গাদি মোজেছ । অৱশ্যে বন্দীসকলক মুকলিৰ প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি নেতান্যাহুৱে হামাছক সমালোচনাও কৰে । বিবৃতিত তেওঁ লিখিছে, "আগম, আৰবেল, গাদি-ঘৰলৈ স্বাগতম । সমগ্ৰ ইজৰাইলে আপোনালোকক আঁকোৱালি লৈছে, যেনেদৰে মোৰ পত্নী ছাৰা আৰু মইও লৈছো ।"

বন্দীৰ মুকলি প্ৰক্ৰিয়াত অসন্তুষ্ট প্ৰধানমন্ত্ৰী নেতান্যাহু

নেতান্যাহুৱে লগতে কয়, "এই মুকলি প্ৰক্ৰিয়াৰ বাবে প্ৰথমতে আমাৰ বীৰ সৈনিকসকলক ধন্যবাদ, আলোচনাৰ সময়ত আমি গ্ৰহণ কৰা দৃঢ় আৰু সবল স্থিতিৰ বাবেও এই লক্ষ্যত উপনীত হ'ব পাৰিছো । অৱশ্যে, মুকলিৰ সময়ত ইজৰাইলীসকলে গাজাৰ বিশৃংখল পৰিৱেশৰ সন্মুখীন হোৱা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে কেইটামান কথা কয়, "আমি চুক্তিৰ উলংঘন গ্ৰহণ নকৰো । আজি আমাৰ বন্দীসকলৰ মুক্তিৰ সময়ত, আমি সকলোৱে আচৰিত দৃশ্য দেখিছো । আমি মধ্যস্থতাকাৰীসকলক স্পষ্টকৈ কৈছো যে আমি আমাৰ বন্দীসকলৰ বাবে কোনো বিপদাশংকা স্বীকাৰ কৰিব নিবিচাৰো আৰু মই কম : যিয়ে আমাৰ বন্দীসকলৰ ক্ষতি কৰিবলৈ সাহস কৰে - তেওঁ উচিত শিক্ষা পাব ।"

লগতে পঢ়ক :মাজ আকাশত যাত্ৰীবাহী বিমান-সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ, কেবাজনৰো মৃত্যুৰ আশংকা - WASHINGTON DC PLANE CRASH