ETV Bharat / international

ইজৰাইলৰ হাস্পতালত ইৰাণৰ ভয়ংকৰ আক্ৰমণ

এফালে ইজৰাইলে ইৰাণৰ নিউক্লিয়াৰ ৰিয়েক্টৰ কেন্দ্ৰত আক্ৰমণ কৰে । আনফালে ইৰাণৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰিলে ইজৰাইলৰ হাস্পতাল ।

Dust covers framed family photos and personal objects at the site of a direct hit from an Iranian missile strike in Ramat Gan, Israel on Thursday
ইজৰাইলৰ হাস্পতালত ইৰাণৰ ভয়ংকৰ আক্ৰমণ (AP)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 4:22 PM IST

4 Min Read
Choose ETV Bharat

টেল আভিভ : ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষ অব্যাহত আছে । দুয়োখন দেশেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত জড়িত হৈ পৰিছে । তাৰ মাজতে ইজৰাইলৰ এখন চিকিৎসালয়ত ইৰাণৰ ভয়ংকৰ আক্ৰমণ । ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই তচ-নচ কৰিলে গুৰুত্বপূৰ্ণ চিকিৎসালয়খন । জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা দক্ষিণ ইজৰাইলৰ মূল চিকিৎসালয়খনত ইৰাণৰ ক্ষেপণাস্ত্ৰই খুন্দা মাৰে । য'ত বহু লোক আহত হোৱাৰ লগতে ব্যাপক ক্ষতি হয় বুলি এগৰাকী মুখপাত্ৰই জনাইছে । ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰা ভিডিঅ'বোৰত চিকিৎসালয়খনৰ খিৰিকীবোৰ ভাঙি যোৱা আৰু প্ৰচণ্ড ক'লা ধোঁৱাই ছানি ধৰা দেখা গৈছে ।

একেদৰে ইৰাণৰ পৃথক পৃথক আক্ৰমণত টেল আভিভ আৰু মধ্য ইজৰাইলৰ অন্যান্য স্থানতো বহু অট্টালিকা ধ্বংসস্তুপত পৰিণত হয় । টেল আভিভৰ এখন চিকিৎসালয়ত ১৬ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে সপ্তম দিনাও ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষ অব্যাহত থাকে । ইৰাণে ইজৰাইলৰ ওপৰত শ শ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ নিক্ষেপ কৰিছে যদিও বেছিভাগেই ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাই ধ্বংস কৰে । অৱশ্যে ইজৰাইলৰ দক্ষিণৰ প্ৰায় ১০ লাখ বাসিন্দাক সেৱা প্ৰদান কৰা ১০০০ ৰো অধিক বিচনাযুক্ত ছ'ৰোকা মেডিকেল চেণ্টাৰত ইৰাণৰ এক ক্ষেপণাস্ত্ৰই আঘাত কৰে । এনে পৰিস্থিতিত ইজৰাইলৰ বহু হাস্পতালে পাৰ্কিঙত চিকিৎসা সেৱা চলাইছে ।

ইফালে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে আৰক ছাইটত আক্ৰমণৰ বাতৰি প্ৰকাশ কৰি কয় যে বিকিৰণৰ কোনো সম্ভাৱনা নাই । ইৰাণৰ চৰকাৰী টেলিভিছনৰ সাংবাদিকে সমীপৰ খোণ্ডাব চহৰত লাইভত কয় যে এই কেন্দ্ৰটো খালী কৰা হৈছে আৰু ৰিয়েক্টৰৰ আশে-পাশে থকা সাধাৰণ অঞ্চলৰ কোনো ক্ষতি হোৱা নাই ।

ইজৰাইলে বৃহস্পতিবাৰে পুৱাই এই কেন্দ্ৰত আক্ৰমণ কৰিব বুলি সকীয়াই দিছিল আৰু জনসাধাৰণক সেই অঞ্চলৰ পৰা আঁতৰিবলৈ আহ্বান জনাইছিল ।

ইজৰাইলৰ সেনাই কয় যে বৃহস্পতিবাৰৰ বিমান আক্ৰমণত তেহৰাণ আৰু ইৰাণৰ অন্যান্য অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে । ইৰাণে ইয়াৰ বিষয়ে বিতংভাৱে কোৱা নাই । তেহৰাণৰ পৰা ২৫০ কিলোমিটাৰ (১৫৫ মাইল) দক্ষিণ-পশ্চিমে আছে আৰক হেভি ৱাটাৰ ৰিয়েক্টৰ । যিয়ে পাৰমাণৱিক ৰিয়েক্টৰ শীতল কৰাত সহায় কৰে । ই প্লুটনিয়াম উৎপন্ন কৰে যিটো সম্ভাৱনাময়ভাৱে পাৰমাণৱিক অস্ত্ৰত ব্যৱহাৰ কৰিব পাৰি । সেইটোৱে ইৰাণক সমৃদ্ধ ইউৰেনিয়ামৰ বাহিৰেও বোমাৰ আন এটা পথ প্ৰদান কৰিব, যদিহে ই অস্ত্ৰৰ পিছত লগায় ।

ইৰাণে ২০১৫ চনত বিশ্ব শক্তিসমূহৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ অধীনত এই কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি অস্ত্ৰ প্ৰসাৰণৰ উদ্বেগ দূৰ কৰিবলৈ সন্মত হৈছিল । ২০১৯ চনত ইৰাণে হেভি ৱাটাৰ ৰিয়েক্টৰৰ ছেকেণ্ডাৰী চাৰ্কিট আৰম্ভ কৰিছিল, যিটোৱে সেই সময়ত বিশ্ব শক্তিসমূহৰ সৈতে ২০১৫ চনত তেহৰাণে কৰা পাৰমাণৱিক চুক্তি উলংঘা কৰা নাছিল ।

ইফালে ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক সুৰক্ষা সংস্থা আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই ইজৰাইলক ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ নকৰিবলৈ আহ্বান জনাই আহিছে । খবৰ অনুসৰি আই এ ই এৰ পৰিদৰ্শকে অন্তিমবাৰৰ বাবে ১৪ মে'ত আৰক ভ্ৰমণ কৰিছিল ।

ৱাশ্বিংটনস্থিত ইৰাণৰ এক মানৱ অধিকাৰ সংগঠনে প্ৰকাশ কৰা অনুসৰি ইৰাণত ২৬৩ গৰাকী সাধাৰণ নাগৰিককে ধৰি প্ৰায় ৬৩৯ গৰাকী লোক নিহত হোৱাৰ লগতে ১৩০০ ৰো অধিক লোক আহত হৈছে । ইয়াৰ প্ৰতিশোধ হিচাপে ইৰাণে প্ৰায় ৪০০ টা ক্ষেপণাস্ত্ৰ আৰু শ শ ড্ৰোণ নিক্ষেপ কৰিছে । যাৰ ফলত ইজৰাইলত প্ৰায় ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে ।

লগতে পঢ়ক :কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ : ইৰাণৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত ট্ৰাম্পৰ কৌশলী মন্তব্য - TRUMP ON IRAN STRIKES