ETV Bharat / international

কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ : ইৰাণৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত ট্ৰাম্পৰ কৌশলী মন্তব্য

ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে বিনাচৰ্তে আত্মসমৰ্পণৰ দাবী নাকচ কৰাৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰে ।

Trump On Iran Strikes
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প (AP)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 1:07 PM IST

5 Min Read
Choose ETV Bharat

ৱাশ্বিংটন: ইৰাণ-ইজৰাইলৰ সংঘাত এতিয়াও তুংগত আছে । আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে দুয়োখন দেশে পৰস্পৰৰ ওপৰত আঘাত হানি আছে । আনহাতে, ইজৰাইলৰ পক্ষ গ্ৰহণ কৰি আমেৰিকায়ো ইৰাণক সকীয়নি প্ৰদান কৰিছে । তাৰ মাজতে ইৰাণৰ ওপৰত আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণ সন্দৰ্ভত মন্তব্য কৰিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে কয় যে ইৰাণৰ ওপৰত ইজৰাইলে চলাই থকা আক্ৰমণত আমেৰিকাই যোগদান কৰিবনে নকৰে সেই বিষয়ত তেওঁ এতিয়াও বিবেচনা কৰি আছে । লগতে দাবী কৰে যে তেহৰাণে এতিয়া হোৱাইট হাউছত আলোচনাত বহিব বিচাৰে যদিও তাৰ বাবে হয়তো অপেক্ষাৰ সময় বহু বেছি হৈ গৈছে ।

ট্ৰাম্পে নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ সৈতে দুদিনৰ ভিতৰত দ্বিতীয়খন 'ছিটুৱেশ্যন ৰুম' বৈঠক অনুষ্ঠিত কৰে । ইয়াৰ ফলত সম্ভাৱ্য সামৰিক কাৰ্যক্ৰমৰ বিষয়ে নিজৰ আদেশ সন্দৰ্ভত বিশ্বক ভাবিবলৈ বাধ্য কৰাইছে । হোৱাইট হাউছত স্থাপন কৰা দুটা বিশাল নতুন পতাকা খুঁটাৰ ভিতৰত এটা উন্মোচন কৰা অনুষ্ঠানত সাংবাদিকৰ আগত ট্ৰাম্পে কয়, "মই এয়া কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ । মানে ইয়াৰ অৰ্থ হৈছে মই কি কৰিবলৈ গৈ আছোঁ কোনেও নাজানে ।"

"মই আপোনালোকক এই কথা ক'ব পাৰো যে ইৰাণৰ বহুত কষ্ট হৈছে আৰু তেওঁলোকে আলোচনা কৰিব বিচাৰে"- ট্ৰাম্পে কয় । তেওঁ লগতে কয় যে ইৰাণৰ ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত 'আগন্তুক সপ্তাহটো অতি গুৰুত্বপূৰ্ণ হ’ব' ।

ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে বিনাচৰ্তে আত্মসমৰ্পণৰ দাবী নাকচ কৰাৰ লগতে আমেৰিকাই হস্তক্ষেপ কৰিলে 'অপূৰণীয় ক্ষতি' হ’ব বুলি সকীয়াই দিয়াৰ পিছতে ট্ৰাম্পৰ এই মন্তব্য আহিছে । খামেনীক 'সহজ লক্ষ্য' বুলি কোৱাৰ এদিন পিছতে ট্ৰাম্পে অ’ভেল অফিচত এ এফ পিক কয় যে তেহৰাণত নেতৃত্বৰ পৰিৱৰ্তন 'হ’ব পাৰে' ।

কিন্তু নিজৰ সমৰ্থকৰ মাজৰে একাংশৰ অসন্তুষ্টি আৰু কোনো বিদেশী যুদ্ধত যোগদান কৰাৰ বিৰোধিতাৰ সন্মুখীন হোৱা ৰিপাব্লিকান ট্ৰাম্পে জোৰ দি কয় যে আমেৰিকাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবনে নকৰে সেই সম্পৰ্কে তেওঁ এতিয়াও সিদ্ধান্ত লোৱা নাই ।

ট্ৰাম্পে কয়, "কি কৰিব লাগে সেই সম্পৰ্কে মোৰ ধাৰণা আছে, কিন্তু মই চূড়ান্ত সিদ্ধান্ত লোৱা নাই ।" লগতে কয়, "মই চূড়ান্ত সিদ্ধান্তটো ইয়াক কাৰ্যকৰী কৰা সময়ৰ এক ছেকেণ্ড পূৰ্বে ল'বলৈ ভালপাওঁ । কাৰণ কথাবোৰ সলনি হয়, বিশেষকৈ যুদ্ধৰ ক্ষেত্ৰত ।"

ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি, ট্ৰাম্পে মঙলবাৰে উল্লেখ কৰিছিল যে তেওঁ ইৰাণৰ ওপৰত আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনাইছে যদিও ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী ত্যাগ কৰে নেকি সেইটো চাবলৈ অপেক্ষা কৰিছে ।

আনহাতে, এই প্ৰতিবেদনৰ বিষয়ে সোধাত হোৱাইট হাউছৰ এজন বিষয়াই এ এফ পিক কয় যে সকলো বিকল্প মেজত আছে ।

অৱশ্যে এইটো প্ৰতীয়মান হয় যে ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ব পৰা এক সিদ্ধান্তত উপনীত হ’বলৈ কোনো খৰখেদা কৰা যেন দেখা নগ’ল । তেওঁ নতুন পতাকা খুঁটা স্থাপনৰ অনুষ্ঠানটোত এঘণ্টাৰো অধিক সময় কটায় । তেওঁ কয় যে ইৰাণে আমেৰিকাৰ মিত্ৰ ইজৰাইলৰ সৈতে সংঘাতৰ অন্ত পেলাবলৈ নিজৰ পাৰমাণৱিক কাৰ্যসূচীত বুজাবুজিত উপনীত হোৱাৰ চেষ্টাত হাত আগবঢ়াইছে ।

ট্ৰাম্পে কয়, "তেওঁলোকে হোৱাইট হাউছলৈ আহিব বিচাৰে, মই হয়তো তেনেকুৱাই কৰিম ।" তেওঁ অৱশ্যে লগতে কয়, "কথা পাতিবলৈ বহুত দেৰি হৈছে… বৰ্তমান পৰিস্থিতি আৰু এসপ্তাহ পূৰ্বৰ পৰিস্থিতিৰ মাজত বহুত পাৰ্থক্য আছে ।"

কিন্তু ইৰাণে ৱাশ্বিংটনলৈ বিষয়া প্ৰেৰণৰ প্ৰস্তাৱ দিয়া কথাটো অস্বীকাৰ কৰে । ৰাষ্ট্ৰসংঘত থকা ইৰাণৰ মিছনে X-ত পোষ্ট কৰিছে, "কোনো ইৰাণী বিষয়াই কেতিয়াও হোৱাইট হাউছৰ গে'টত খোজ পেলাবলৈও কোৱা নাই ।"

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্ত পেলাবলৈ কূটনৈতিক পথৰ পক্ষপাতী আছিল ট্ৰাম্প । তেওঁ ২০১৮ চনত প্ৰথম কাৰ্যকালত ফালি পেলোৱা চুক্তিখনৰ ঠাইত নতুন চুক্তি বিচাৰিছিল ।

কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ছদিন পূৰ্বে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা ট্ৰাম্পে আমেৰিকাৰ মূল মিত্ৰ দেশখনৰ পক্ষ লৈছে আৰু এতিয়া তেহৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক শক্তি ব্যৱহাৰ কৰিবনে নকৰে সেই বিষয়েও বিবেচনা কৰি আছে ।

বুধবাৰে ট্ৰাম্পে কয় যে ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ 'সপ্তাহ' দূৰৈত আছে ।

তেওঁ উল্লেখ কৰে যে ইৰাণৰ ফৰ্ড’ পাৰমাণৱিক প্লাণ্টক ধ্বংস কৰিব পৰা 'বাংকাৰ বাষ্টাৰ' বোমা থকা একমাত্ৰ দেশখনেই হৈছে আমেৰিকা । তেওঁ কয়, “কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই সেইটো কৰিবলৈ ওলাইছোঁ ।”

ইৰাণৰ বিৰুদ্ধে ইজৰাইলক আক্ৰমণ চলাই যাবলৈ নেতান্যাহুক কোৱা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁলোকে প্ৰতিদিনে কথা পাতে ।

ট্ৰাম্পে অৱশ্যে ইজৰাইল-ইৰাণ সংঘাতত মধ্যস্থতা কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি কয় যে ৰাছিয়াই প্ৰথমে ইউক্ৰেইনত নিজৰ যুদ্ধ শেষ কৰিব লাগে ।

ট্ৰাম্পে কয়, "তেওঁ আচলতে মধ্যস্থতা কৰাত সহায় কৰাৰ প্ৰস্তাৱ দিছিল । মই কৈছিলোঁ, মোৰ বাবে এটা উপকাৰ কৰক, নিজৰ বাবেই মধ্যস্থতা কৰক । প্ৰথমে ৰাছিয়াৰ ক্ষেত্ৰত মধ্যস্থতা কৰোঁ আহক, ঠিক আছে ? আপুনি পিছত এই বিষয়ে চিন্তা কৰিব ।"

লগতে পঢ়ক :যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা আৰ্মেনিয়ালৈ যোৱা শতাধিক ভাৰতীয় ছাত্ৰক লৈ দিল্লীত অৱতৰণ বিমান - OPERATION SINDHU
লগতে পঢ়ক :ইজৰাইলৰ আক্ৰমণত ইৰাণত কমেও ৫৮৫ জন লোকৰ মৃত্যু: মানৱ অধিকাৰ সংগঠনৰ তথ্য়ত প্ৰকাশ - ISRAEL IRAN CONFLICT