আন্তৰ্জাতিক ক্ৰান্তীয় দিৱস; ক্ৰান্তীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ বাবে উদযাপন কৰা এটা দিৱস - International Day of Tropics 2024
International Day of Tropics 2024 : আন্তৰ্জাতিক ক্ৰান্তীয় দিৱস প্ৰতিবছৰে ২৯ জুনত উদযাপন কৰা হয় । ক্ৰান্তীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ এই দিৱসটো উদযাপন কৰা হয় ।

Published : June 29, 2024 at 10:47 AM IST
ক্ৰান্তীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগবোৰ প্ৰকাশৰ বাবে প্ৰতিবছৰে ২৯ জুনত আন্তৰ্জাতিক ক্ৰান্তীয় দিৱস উদযাপন কৰা হয় ।
ক্ৰান্তীয় অঞ্চল সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে এক্সত এনেদৰে পোষ্ট কৰিছে, "ক্ৰান্তীয় অঞ্চলৰ আন্তৰ্জাতিক দিৱসৰ স্মৰণত ডব্লিউ আই আই-চি2চি (WII-c2c) আৰু এন এম এন এইচৰ (NMNH) দ্বাৰা এক ৱেবিনাৰ 'দ্য ট্ৰপিক্স এণ্ড হেৰিটেজ' (The Tropics and Heritage) আয়োজন কৰা হৈছিল । তাত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সুৰক্ষিত এলেকা ব্যৱস্থাপক আৰু বিজ্ঞানীসকলে প্ৰাকৃতিক ঐতিহ্যৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিছিল ।
বিশ্ব ঐতিহ্য দিৱস কলা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিজয়ীসকলৰ নামো ঘোষণা কৰা হৈছে । এই প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে ভাৰতৰ প্ৰাকৃতিক ঐতিহ্যৰ ওপৰত সুন্দৰ চিত্ৰায়ন কৰিছে ।"
ৰাষ্ট্ৰসংঘৰ ৱেবছাইট অনুসৰি, প্ৰথম 'ষ্টেট অব দ্য ট্ৰপিক্স' প্ৰতিবেদন 2014 চনৰ 29 জুন তাৰিখে প্ৰকাশ কৰা হৈছিল । বাৰটা আগশাৰীৰ ক্ৰান্তীয় গৱেষণা প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ সমাপ্তিত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ।
এই প্ৰতিবেদনখনে ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ অঞ্চলটোৰ ওপৰত এক অনন্য দৃষ্টিভংগী আগবঢ়ায় । প্ৰতিবেদনখন প্ৰকাশ কৰাৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2016 চনত এক প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাষ্ট্ৰসংঘৰ ৱেবছাইট অনুসৰি, এই প্ৰস্তাৱত ঘোষণা কৰা হৈছিল যে প্ৰতিবছৰে 29 জুন তাৰিখটো আন্তৰ্জাতিক ক্ৰান্তীয় দিৱস হিচাপে উদযাপন কৰা হ'ব ।
ক্ৰান্তীয় অঞ্চলসমূহে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বান, বিশ্বৰ ক্ৰান্তীয় অঞ্চলক প্ৰভাৱিত কৰা সমস্যাবোৰৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আৰু সকলো স্তৰত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আৰু বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ক্ৰান্তীয় অঞ্চলৰ দেশবোৰে পালন কৰিবলগা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে ক্ৰান্তীয় অঞ্চলৰ আন্তৰ্জাতিক দিৱস নিৰ্ধাৰণ কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ সূত্ৰত এই কথা প্ৰকাশ ।
এই দিৱস উদযাপনে সমগ্ৰ ক্ৰান্তীয় অঞ্চলত প্ৰগতিৰ বুজ লোৱা, ক্ৰান্তীয় অৱস্থা আৰু দক্ষতা ভাগ-বতৰা কৰা আৰু অঞ্চলটোৰ বৈচিত্ৰ্য আৰু সম্ভাৱনাক স্বীকাৰ কৰাৰ সুযোগ প্ৰদান কৰে ।
"ক্ৰান্তীয় ৰাষ্ট্ৰসমূহে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে । কিন্তু তাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে । যিয়ে বহনক্ষম উন্নয়নত উপনীত হোৱাৰ বাবে বিভিন্ন উন্নয়ন সূচক আৰু তথ্যৰ ক্ষেত্ৰত মনোযোগ দিয়াটো বিচাৰে ।" ৰাষ্ট্ৰসংঘই কয় ।
"২০৫০ চনৰ ভিতৰত অঞ্চলটোৱে পৃথিৱীৰ বেছিভাগ লোক আৰু ইয়াৰ দুই-তৃতীয়াংশ শিশুক আতিথ্য দিব আৰু বস্তিৰ পৰিস্থিতিত বাস কৰা নগৰীয়া জনসংখ্যাৰ অনুপাত বাকী বিশ্বৰ তুলনাত ক্ৰান্তীয় অঞ্চলত অধিক হ'ব ।" ৰাষ্ট্ৰসংঘৰ বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে ।

