ETV Bharat / international

পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি উদঙাবলৈ ইউএইত ভাৰতৰ প্ৰতিনিধি দল

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী পাকিস্তানৰ স্থিতি স্পষ্ট কৰিবলৈ বিশ্ব ভ্ৰমণ ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ ।

India All party delegation in UAE
পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি উদঙাবলৈ ইউএইত ভাৰতৰ প্ৰতিনিধি দল (ANI)
author img

By ANI

Published : May 22, 2025 at 9:25 AM IST

4 Min Read
Choose ETV Bharat

আবুধাবি : পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবলৈ ভ্ৰমণ আৰম্ভ কৰিছে সৰ্বদলীয় প্ৰতিনিধি দলে । তাৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা সৰ্বদলীয় প্ৰতিনিধিৰ এটা দল বৃহস্পতিবাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীত উপস্থিত হয় ।

শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেৰ নেতৃত্বত গঠিত সৰ্বদলীয় প্ৰতিনিধি দলটোৱে ইউ এ ই, লাইবেৰিয়া, কংগো গণতান্ত্ৰিক গণৰাজ্য, ছিয়েৰা লিয়নৰ নেতাসকলৰ সৈতে যোগাযোগ কৰাৰ লগতে ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ সঁহাৰি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক অৱগত কৰিব ।

শিন্দেৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটোত বিজেপিৰ সাংসদ বনসুৰী স্বৰাজ, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সাংসদ ইটি মহম্মদ বছিৰ, বিজেপিৰ সাংসদ অতুল গাৰ্গ, বিজু জনতা দলৰ সাংসদ সস্মিত পাত্ৰ, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা মনন কুমাৰ মিশ্ৰ, বিজেপি নেতা এছ এছ আহলুৱালিয়া আৰু ৰাষ্ট্ৰদূত সুজান চিনয় উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে বুধবাৰে সৰ্বদলীয় ৭ টা প্ৰতিনিধি দলৰ ভিতৰত দুটা প্ৰতিনিধি দলে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰে । প্ৰতিনিধি দল দুটাৰ নেতৃত্বত আছিল জেডিইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা আৰু শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দে ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি মূল অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিব এই ৭ টা সৰ্বদলীয় প্ৰতিনিধি দলে । যাত্ৰাৰ পূৰ্বে শিণ্ডেয়ে কয় যে সমগ্ৰ দলটোৰ বাবে ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰাৰ এক সুন্দৰ সুযোগ ।

তেওঁ কয়, "মই সৌভাগ্যৱান যে ইউ এ ই আৰু পশ্চিম আফ্ৰিকালৈ যোৱা এটা দলৰ নেতৃত্ব দিছো... মই ভাবো সমগ্ৰ বিশ্বক এটা বাৰ্তা দিয়াটো অতি গুৰুত্বপূৰ্ণ যে ভাৰতে বহু বছৰৰ পৰা কিহৰ মুখামুখি হৈছে । পাকিস্তানে বছৰ বছৰ ধৰি কি কৰি আছে, পাকিস্তানে কেনেকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰি আছে, সন্ত্ৰাসবাদক ধন আগবঢ়াইছে সেই বাৰ্তা । এয়া দলটোৰ বাবে এক ডাঙৰ সুযোগ... ভাৰত আৰু পাকিস্তানে একে সময়তে স্বাধীনতা লাভ কৰিলে, কিন্তু ভাৰতে তেওঁলোকৰ অৰ্থনীতিত অগ্ৰগতি লাভ কৰি আহিছে আনহাতে পাকিস্তানে কেৱল সন্ত্ৰাসবাদতহে অগ্ৰগতি লাভ কৰি আহিছে ।"

ইফালে দলটোৰ অন্যতম সদস্য বিজেপি নেতা এছ এছ আহলুৱালিয়া কয় যে পাকিস্তানৰ অপপ্ৰচাৰৰ উপযুক্ত উত্তৰ ভাৰতে দিব । তেওঁ কয়, "আমি ২২ এপ্ৰিলত কি হৈছিল আৰু তাৰ আগতেও কি হৈ আহিছে তাৰ বাস্তৱ ছবি বিশ্বক ক'ম কাৰণ পাকিস্তানে সমগ্ৰ বিশ্বতে ভুৱা প্ৰচাৰ বিয়পাইছে । তেওঁলোকৰ অপপ্ৰচাৰ মাধ্যমৰ দ্বাৰা বিয়পি পৰা ভুৱা বাতৰিৰ সঠিক উত্তৰ আমি দিম ।"

ইফালে বিজেপিৰ সাংসদ বনসুৰী স্বৰাজে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিলে । তেওঁ কয়, "পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ ভাৰতৰ আত্মাত আঘাত হানিছিল । অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী আৰু আমাৰ সশস্ত্ৰ বাহিনীয়ে ইয়াৰ উপযুক্ত উত্তৰ দিছে । অপাৰেশ্যন সেন্দূৰ হৈছে ন্যায়ৰ নতুন প্ৰতিশ্ৰুতি । প্ৰধানমন্ত্ৰীয়ে অতি স্পষ্টভাৱে কৈছে যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে হ'ব নোৱাৰে, তেজ আৰু পানী একেলগে বৈ নাযায়, বাণিজ্য আৰু সন্ত্ৰাসবাদ একেলগে নহ'ব; যেতিয়াই ভাৰতে আলোচনা কৰিব, তেতিয়াই পিঅ'কেৰ সমাপ্তি হ'ব । দলীয় সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰ প্ৰথম নীতিৰে সৰ্বদলীয় প্ৰতিনিধি দলটো গৈ আছে...আমি এই দেশসমূহৰ সন্মুখত ভাৰতৰ স্থিতি দাঙি ধৰিম ।"

উল্লেখ্য যে, সৰ্বদলীয় প্ৰতিনিধি দলসমূহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় সহমত আৰু দৃঢ় দৃষ্টিভংগী উত্থাপন কৰিব । সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দেশৰ সবল বাৰ্তাও তেওঁলোকে বিশ্ববাসীলৈ প্ৰেৰণ কৰিব ।

লগতে পঢ়ক :অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান - SC INTERIM BAIL TO MAHMUDABAD