ETV Bharat / international

সকলো ভাৰতীয়ক তেহৰাণৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ বৈদেশিক মন্ত্ৰণালয়ৰ

একাংশ ভাৰতীয়ক ইৰাণৰ সীমান্তৰ মাজেৰে ইৰাণ এৰি যাবলৈ সুবিধা প্ৰদান কৰা হৈছে আৰু দূতাবাসে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছে ।

MEA to Indians in Iran
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল (ANI)
author img

By ANI

Published : June 17, 2025 at 1:22 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ মাজতে মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে তেহৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষাৰ কাৰণে চহৰখনৰ বাহিৰলৈ লৈ যোৱা হৈছে । লগতে উল্লেখ কৰা হৈছে যে যিসকল ভাৰতীয়ই নিজাববীয়াকৈ চহৰখনৰ পৰা আঁতৰি যাবলৈ সক্ষম হ’ব পাৰে তেওঁলোকক ক্ৰমবৰ্ধিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ পৰা আঁতৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে ।

বৈদেশিক মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, "তেহৰাণৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষাৰ কাৰণে চহৰখনৰ বাহিৰলৈ লৈ যোৱা হৈছে । দূতাবাসে ইয়াৰ ব্যৱস্থা কৰে । যিসকলৰ নিজা পৰিবহণ ব্যৱস্থা আছে তেওঁলোককো ক্ৰমবৰ্ধিত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।"

বিবৃতিটো অনুসৰি, একাংশ ভাৰতীয়ক ইৰাণৰ সীমান্তৰ মাজেৰে ইৰাণ এৰি যাবলৈ সুবিধা প্ৰদান কৰা হৈছে আৰু দূতাবাসে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছে, যাতে সম্ভৱপৰ সকলো সহায় আগবঢ়াব পাৰে ।

বৈদেশিক মন্ত্ৰণালয়ে কয়, "দূতাবাসে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে অহৰহ যোগাযোগত আছে । উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক পৰামৰ্শ জাৰি কৰা হ'ব পাৰে ।"

উল্লেখ্য যে, মঙলবাৰে ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘাতে পঞ্চম দিনত প্ৰৱেশ কৰাৰ লগে লগে দুয়োপক্ষই ক্ষেপণাস্ত্ৰ আক্ৰমণ বৃদ্ধি কৰিছে । গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ সাধাৰণ নাগৰিকসকল এই আক্ৰমণৰ সন্মুখীন হৈছে ।

ইৰাণত ইজৰাইলী আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ২২৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ইজৰাইলত ২৪ জন লোকৰ মৃত্যু হৈছে বুলি চি এন এনে প্ৰকাশ কৰিছে । ইফালে ইৰাণত থকা ভাৰতীয় দূতাবাসে তেহৰাণত থকা আৰু দূতাবাসৰ সৈতে যোগাযোগ নথকা সকলো ভাৰতীয় নাগৰিককে তৎক্ষণাত তেহৰাণত থকা ভাৰতৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ অৱস্থান আৰু যোগাযোগৰ নম্বৰ দিবলৈ অনুৰোধ জনাইছে ।

X-ৰ এটা পোষ্টত ইৰাণত থকা ভাৰতীয় দূতাবাসে উল্লেখ কৰিছে, "তেহৰাণত থকা আৰু দূতাবাসৰ সৈতে যোগাযোগ নকৰা সকলো ভাৰতীয় নাগৰিককে তৎক্ষণাত তেহৰাণস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ অৱস্থান আৰু যোগাযোগ নম্বৰ প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে । অনুগ্ৰহ কৰি এই নম্বৰত যোগাযোগ কৰক : +৯৮৯০১০১৪৪৫৫৭; +৯৮৯১২৮১০৯১১৫; +৯৮৯১২৮১০৯১০৯ ।"

X-ৰ আন এটা পোষ্টত ভাৰতীয় দূতাবাসে কয়, "যিসকল ভাৰতীয় নাগৰিক আৰু পি আই অ'ৱে নিজৰ গাড়ী ব্যৱহাৰ কৰি তেহৰাণৰ পৰা ওলাই যাব পাৰে, তেওঁলোকক চহৰৰ বাহিৰৰ নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।"

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক মন্ত্ৰণালয়ত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ।

জয়ছোৱালে কয়, "ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগৰ তথ্য তলত দিয়া ধৰণৰ: ১৮০০১১৮৭৯৭ (টোল ফ্ৰী) +৯১-১১-২৩০১২১১৩ +৯১-১১-২৩০১৪১০৪ +৯১-১১-২৩০১৭৯০৫।" +৯১-৯৯৬৮২৯১৯৮৮ (ৱাটছএপ), ইমেইল situationroom@mea.gov.in."

"ইয়াৰ উপৰি ইৰাণৰ তেহৰাণত থকা ভাৰতৰ দূতাবাসে ২৪x৭ জৰুৰীকালীন হেল্পলাইন স্থাপন কৰিছে, ইয়াৰ যোগাযোগৰ তথ্য তলত দিয়া ধৰণৰ : কেৱল ফোনকলৰ বাবে: +৯৮ ৯১২৮১০৯১১৫, +৯৮ ৯১২৮১০৯১০৯ । ৱাটছএপৰ বাবে: +৯৮ ৯০১০৪৪৫৫৭, +৯৮ ৯০১৫৯৯৩৩০, +৯১ ৮০৮৬৮৭১৭০৯, বান্দাৰ আব্বাছ: +৯৮ ৯১৭৭৬৯৯০৩৬, জাহেদান: +৯৮ ৯৩৯৬৩৫৬৬৪৯ ই-মেইল cons.tehran@mea.gov.in ।” তেওঁ লগতে কয় ।

উল্লেখ্য যে, যোৱা সপ্তাহত ইজৰাইলে ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক অৱস্থানত বৃহৎ বিমান আক্ৰমণ চলায় । ‘‘অপাৰেশ্যন ৰাইজিং লায়ন’’ নামত এই সামৰিক অভিযান চলোৱা হয় । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ চহৰসমূহত বেলিষ্টিক মিছাইল নিক্ষেপ কৰে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত প্ৰকাশ কৰা এটা ভিডিঅ’ বিবৃতিত কয় যে ইজৰাইলে ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ইৰাণৰ ভাবুকি প্ৰতিহত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সামৰিক অভিযান অপাৰেচন ৰাইজিং লায়ন আৰম্ভ কৰিছে ।

আনহাতে, ইজৰাইলৰ এই কাৰ্যৰ প্ৰতি সঁহাৰি জনাই ইছলামিক ৰিভল্যুচন গাৰ্ড ক'ৰ্পছে ইজৰাইলৰ যুঁজাৰু বিমানৰ ইন্ধন উৎপাদন কেন্দ্ৰ আৰু শক্তি যোগান কেন্দ্ৰক লক্ষ্য কৰি বৃহৎ পৰিসৰৰ ড্ৰোন আৰু মিছাইল অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :ইৰাণৰ হাতত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে; G-7 নেতাসকলৰ দাবী - IRAN ISRAEL TENSIONS
লগতে পঢ়ক :জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - PM MODI IN G7 SUMMIT