ETV Bharat / international

টেক্সাছ বিজ্ঞান একাডেমীৰ নেতৃত্বত ভাৰতীয় মূলৰ অধ্যাপক

টেমষ্টে ভাৰতীয় মূলৰ অধ্যাপক গণেশ ঠাকুৰক অধ্যক্ষ পদত নিযুক্তি দিয়ে । তেওঁ হৈছে এই পদত অধিষ্ঠিত প্ৰথমগৰাকী হিউষ্টন বিশ্ববিদ্যালয়ৰ অধ্যাপক ।

University of Houston
হিউষ্টন বিশ্ববিদ্যালয় (X@UHouston)
author img

By PTI

Published : May 24, 2025 at 8:33 AM IST

2 Min Read
Choose ETV Bharat

হিউষ্টন : বিদেশৰ ভূমিত ভাৰতীয় বা ভাৰতীয় মূলৰ লোকৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা তথা শীৰ্ষস্থানত আৰোহণ অব্যাহত আছে । দেশৰ সৰ্বোচ্চ প্ৰশাসনিক পদৰ পৰা শৈক্ষিক ক্ষেত্ৰলৈ ভাৰতীয় তথা ভাৰতীয় মূলৰ লোকে আধিপত্য বিস্তাৰ কৰি আছে । এইবাৰ আন এগৰাকী ভাৰতীয় মূলৰ লোকে শৈক্ষিক ক্ষেত্ৰখনত বিশ্বক নেতৃত্ব দিবলৈ আগবাঢ়িছে ।

ভাৰতীয় মূলৰ অধ্যাপক গণেশ ঠাকুৰক টেক্সাছ একাডেমী অব মেডিচিন, ইঞ্জিনীয়াৰিং, ছায়েন্স এণ্ড টেকন’লজীৰ (Texas Academy of Medicine, Engineering, Science and Technology, TAMEST) অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, তেওঁ হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ইউনিভাৰ্ছিটী অব হিউষ্টনৰ (University of Houston, UH) অধ্যাপক ।

বিশ্ববিদ্যালয়খনে এক বিবৃতিত জনোৱা মতে, হিউষ্টন বিশ্ববিদ্যাৱয়ৰ কালেন কলেজ অব ইঞ্জিনীয়াৰিঙৰ পেট্ৰ'লিয়াম ইঞ্জিনীয়াৰিঙৰ অধ্যাপক গণেশ ঠাকুৰে তেওঁৰ নিজৰ কাৰ্যকাল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছিল । তেওঁৰ লক্ষ্য হৈছে হিউষ্টন বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পৰিসৰ বৃদ্ধি কৰা আৰু টেক্সাছৰ শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা প্ৰসাৰ কৰা ।

গণেশ ঠাকুৰে কয়, “TAMEST-এ হিউষ্টন বিশ্ববিদ্যালয়, ইউ টি অষ্টিন, টেক্সাছ এ এণ্ড এম আৰু অন্যান্যৰ শীৰ্ষ ব্যক্তিসকলক একত্ৰিত কৰি বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব বিচাৰে ।” TAMEST-ত আমেৰিকাৰ ৰাষ্ট্ৰীয় একাডেমীৰ ৩৫০ গৰাকী সদস্য আৰু আঠগৰাকী নোবেল বঁটা বিজয়ীক অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইয়াৰ পৰৱৰ্তী বাৰ্ষিক সন্মিলন ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ছান এণ্টনিঅ’ত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, গণেশ ঠাকুৰৰ কাৰ্যকাল ২০২৭ চনলৈকে থাকিব । এই সময়ছোৱাত তেওঁ হিউষ্টনক বিজ্ঞান আৰু উদ্ভাৱনৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে স্থান দিয়াৰ পৰিকল্পনা কৰিছে । আনহাতে, কালেন কলেজৰ ডীন প্ৰদীপ শৰ্মাই কয়, "গণেশ ঠাকুৰৰ নেতৃত্বই হিউষ্টন বিশ্ববিদ্যালয়ৰ অধ্যাপকসকললৈ প্ৰাপ্য মনোযোগ কঢ়িয়াই আনিব ।"

লগতে পঢ়ক :হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প প্ৰশাসন - HARVARD UNIVERSITY
লগতে পঢ়ক :মহম্মদ ইউনুছেও হাত দাঙিলে ! বাংলাদেশৰ ভৱিষ্যৎ কি ? - MUHAMMAD YUNUS