ETV Bharat / international

মোদীৰ আগমনৰ বাবে টকিঅ'ত অধীৰ আগ্ৰহেৰে অপেক্ষা প্ৰৱাসী ভাৰতীয়ৰ

টকিঅ’ত থকা প্ৰৱাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । লগতে তেওঁলোকে গৌৰৱ আৰু আনন্দও প্ৰকাশ কৰে ।

PM Modi Japan visit
মোদীৰ আগমনৰ বাবে টকিঅ'ত অধীৰ আগ্ৰহেৰে অপেক্ষা প্ৰৱাসী ভাৰতীয়ৰ (ANI)
author img

By ANI

Published : August 29, 2025 at 9:03 AM IST

3 Min Read
Choose ETV Bharat

টকিঅ’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাপানত আগমনৰ বাবে অতি উৎসাহেৰে অপেক্ষা কৰি আছে টকিঅ’ত থকা প্ৰৱাসী ভাৰতীয়সকলে । এই ভ্ৰমণ সন্দৰ্ভত এগৰাকী প্ৰৱাসী ভাৰতীয়ই কয়, "আমি ইয়াত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ আহি নিজকে গৌৰৱান্বিত আৰু সন্মানিত অনুভৱ কৰিছো । ভাৰত উদ্ভাসিত হৈ উঠাৰ বাবে আমি গৌৰৱান্বিত অনুভৱ কৰিছো ।"

১২ বছৰ ধৰি জাপানত বাস কৰা আন এজন লোকে আনন্দ প্ৰকাশ কৰি কয়, "মই ১২ বছৰ ধৰি জাপানত বাস কৰি আছো । আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ পাই অতিশয় উৎসাহিত হৈছোঁ । এই ভ্ৰমণে জাপানত ভাৰতীয়সকলক একত্ৰিত কৰিব ।"

নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি মুম্বাইৰ এগৰাকী ব্যক্তিয়ে কয়, "মই মহাৰাষ্ট্ৰৰ মুম্বাইৰ আৰু বিগত ৬ বছৰ ধৰি জাপানত আছো । আমি প্ৰধানমন্ত্ৰী মোদীক লগ পাবলৈ আহি অতিশয় উৎসাহিত হৈছো ।"

ইফালে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী প্ৰৱাসী ভাৰতীয়ই কয়, "মই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ । প্ৰধানমন্ত্ৰী মোদী জাপানত উপস্থিত হোৱাৰ বাবে মই অতি গৌৰৱ অনুভৱ কৰিছোঁ । আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ।"

উল্লেখ্য যে জাপানিজ সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক গায়ত্ৰী মন্ত্ৰ আৰু অন্যান্য মন্ত্ৰ পাঠেৰে আদৰণি জনাবলৈ ব্যৱস্থা কৰিছে । আনহাতে, প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাই থকা জাপানৰ ভাৰতীয় লোকসকলৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা গভীৰ সংযোগ আৰু গৌৰৱৰ দিশটোক আলোকপাত কৰে ।

উল্লেখ্য যে তেওঁৰ আগমনৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰৰ পৰা দুদিনীয়া জাপান ভ্ৰমণ আৰম্ভ কৰিবলৈ সাজু হৈছে । তাত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব ।

প্ৰধানমন্ত্ৰী ইছিবাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ জাপান ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে । তাৰ পিছত ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ তেওঁ চীনলৈ বুলি ৰাওনা হ’ব আৰু টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সম্পৰ্কৰ গভীৰ পৰ্যালোচনা কৰিব, বিভিন্ন ক্ষেত্ৰত শেহতীয়া কেইবছৰমানৰ অগ্ৰগতিৰ বুজ ল’ব আৰু গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব ।

এই সন্মিলনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত অধিক স্থিতিস্থাপকতা গঢ়ি তোলা আৰু উদীয়মান সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে কেইবাটাও নতুন পদক্ষেপ আৰম্ভ কৰাৰ সুযোগো প্ৰদান কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণত জাপানৰ আন কেইবাজনো ৰাজনৈতিক নেতাৰ লগতে জাপানত থকা ভাৰতৰ বন্ধুৰ সৈতেও মত বিনিময় কৰা হ'ব । তেওঁ জাপান আৰু ভাৰতীয় উদ্যোগৰ মূল ব্যক্তিসকলৰ সৈতে ব্যৱসায়িক নেতাৰ মঞ্চতো অংশগ্ৰহণ কৰিব । ইয়াৰ লক্ষ্য হ’ব দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সম্পৰ্ক গভীৰ কৰা ।

এই ভ্ৰমণ হৈছে প্রধানমন্ত্রী মোদীৰ প্রায় সাত বছৰৰ পাছত প্রথম স্বতন্ত্র জাপান ভ্ৰমণ আৰু প্রধানমন্ত্রী ইছিবাৰ সৈতে প্রথম বার্ষিক সন্মিলন ৷

লগতে পঢ়ক :শুল্ক নীতিক লৈ আমেৰিকাক ৰঙা চকু চীনৰ; ভাৰতৰে সম্পৰ্কৰ নতুন অধ্যায় - CHINA SLAMS US TARIFFS
লগতে পঢ়ক :১০২০ মেগাৱাটৰ পুনাটছাংচু-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ - BHUTAN HYDROELECTRIC PROJECT