হিউষ্টন: টেক্সাছত নিজ নিজ চিটি কাউন্সিলৰ দ্বিতীয় নিৰ্বাচনত ভাৰতীয়-আমেৰিকান দুগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । অৱসৰপ্ৰাপ্ত শক্তি কাৰ্যবাহী তথা আই আই টি দিল্লীৰ স্নাতক সঞ্জয় সিংঘালে চুগাৰ লেণ্ডৰ জিলা ২ ত সহযোগী ভাৰতীয়-আমেৰিকান নাছিৰ হুছেইনৰ বিৰুদ্ধে জয়লাভ কৰে ।
ফ’ৰ্ট বেণ্ড কাউণ্টিৰ বেচৰকাৰী ফলাফল অনুসৰি সিংঘালে হুছেইনৰ ৭৭৭ টা ভোটৰ বিপৰীতে ২,৩৪৬ টা ভোট লাভ কৰে । শিখ-আমেৰিকান তথা শিক্ষা সংস্কাৰক সুখ কৌৰে ছান এণ্টনিঅ’ত জিলা ১ কাউন্সিলৰ আসনখন অক্ষুণ্ণ ৰাখি জয়লাভ কৰে ।
স্বামী আৰু দুটা সন্তানৰ সৈতে ছান এণ্টনিঅ’ত বাস কৰা কৌৰে প্ৰত্যাহ্বানকাৰী পেটি গিবনছক ৬৫ শতাংশ ভোটেৰে পৰাস্ত কৰে । সমৰ্থকসকলৰ আগত সিংঘালে কয়, ‘‘এই জয় জিলা ২ ৰ বাসিন্দাসকলৰ ।’’
স্বচ্ছ শাসন, আন্তঃগাঁথনি উন্নীতকৰণ আৰু সম্প্ৰদায়ৰ সংযোগৰ ওপৰত প্ৰচাৰ চলোৱা সিংঘালে কয়, ‘‘সমাজৰ সমৰ্থনৰ বাবে মই অত্যন্ত কৃতজ্ঞ আৰু স্বচ্ছতা তথা নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ সাজু ।’’
ছান এণ্টনিঅ’ চহৰ পৰিষদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী শিখ মহিলা কৌৰে নিজৰ অভিযানক কম মূল্যৰ গৃহ নিৰ্মাণ, ৰাজহুৱা পৰিবহণ সম্প্ৰসাৰণ আৰু সৰ্বাংগীন নগৰ উন্নয়নৰ ওপৰত কেন্দ্ৰিত কৰিছিল ।
এই ফলাফলৰ পিছত সংবাদ মাধ্যমৰ আগত কৌৰে কয়, ‘‘মই ভাবো আমি সমাজৰ সৈতে কথা পাতিলো আৰু শ্বেয়াৰ কৰিলো যে আমি কাম কৰিব বিচাৰো আৰু আমি কোৱা এটা কথা হ’ল যে জিলা ১ আমাৰ ইতিহাস সংৰক্ষণৰ কথা কিন্তু আমাৰ জিলাখনক আগুৱাই নিয়াৰ কথাও আমি কৈছিলো ৷’’
দুয়োগৰাকী প্ৰাৰ্থীয়ে টেক্সাছৰ নাগৰিকসকলৰ নেতৃত্বত ভাৰতীয়-আমেৰিকান প্ৰতিনিধিত্ব শক্তিশালী কৰিব বুলি আশা কৰা হৈছে । হিউষ্টনৰ উপকণ্ঠ অঞ্চল চুগাৰ লেণ্ডত অনুষ্ঠিত হোৱা মেয়ৰৰ নিৰ্বাচনত কেৰল মেককাচেনে উইলিয়াম ফাৰ্গুছনক পৰাস্ত কৰি চহৰখনৰ নতুন মেয়ৰৰূপে নিৰ্বাচিত হয় । জ’ জিমাৰমেনৰ ঠাইত তেওঁ কাৰ্যনিৰ্বাহ কৰিব ৷ বেচৰকাৰী পৰিসংখ্যা অনুসৰি মেককাচেনে ৬,১০৩ টা ভোট লাভ কৰাৰ বিপৰীতে ফাৰ্গুছনে ৫,৪০২টা ভোট লাভ কৰে ।
জনসেৱাৰ দশক দশক ধৰি অভিজ্ঞতা থকা অৱসৰপ্ৰাপ্ত অভিযন্তা মেককাচেনে কয়, ‘‘মই চুগাৰ লেণ্ডৰ উন্নয়নত কৌশলগত দৃষ্টিভংগীৰে পথ প্ৰদৰ্শন কৰাত সহায় কৰিবলৈ এই দৌৰত প্ৰৱেশ কৰিছিল । তেওঁৰ অগ্ৰাধিকাৰসমূহৰ ভিতৰত আছে অপৰাধৰ ক্ষেত্ৰত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ উন্নীতকৰণ, আইন প্ৰয়োগকাৰী সংস্থাক সমৰ্থন কৰা আৰু বাসিন্দাসকলৰ জীৱনৰ মানদণ্ড নিশ্চিত কৰা ।
শেহতীয়া ৰাউণ্ডৰ পৌৰসভা নিৰ্বাচনে ভাৰতীয়-আমেৰিকান নাগৰিক সংযোগ আৰু নেতৃত্বৰ ক্ৰমবৰ্ধমান কেন্দ্ৰ হিচাপে টেক্সাছৰ মৰ্যদা সুদৃঢ় কৰি তুলিছে ৷ হিউষ্টন আৰু ছান এণ্টনিঅ’ৰ দৰে প্ৰধান নগৰ কেন্দ্ৰলৈ প্ৰতিনিধিত্ব সম্প্ৰসাৰিত হৈছে । আগন্তুক সপ্তাহত নতুন পৰিষদৰ সদস্য আৰু মেয়ৰৰ শপত গ্ৰহণৰ সম্ভাৱনা আছে ।