ETV Bharat / international

ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ মন্তব্যক প্ৰত্যাখ্যান ভাৰতৰ - INDIA ON JK IN UN

"পাকিস্তানে অবৈধভাৱে জম্মু-কাশ্মীৰৰ ভূখণ্ড দখল কৰি আছে, যিটো খালী কৰিবই লাগিব ।" ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পৰ্বথানেনী হৰিশে কয় ।

India on JK in UN
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : March 25, 2025 at 9:07 AM IST

3 Min Read

নিউয়ৰ্ক : জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে বাৰে বাৰে উল্লেখ কৰা প্ৰসংগক কঠোৰভাৱে প্ৰত্যাখ্যান ভাৰতৰ । শান্তি ৰক্ষা সংস্কাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ বিতৰ্কত অংশগ্ৰহণ কৰি ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । লগতে পাকিস্তানক 'অবাঞ্ছিত' বুলি অভিহিত কৰি এই কথা পুনৰ নিশ্চিত কৰে যে অঞ্চলটো ‘‘ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল, আছে আৰু হৈ থাকিব’’ ।

নিৰাপত্তা পৰিষদত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পৰ্বথানেনী হৰিশে শান্তি ৰক্ষাৰ ওপৰত হোৱা মূল আলোচনাৰ পৰা 'মনোযোগ আঁতৰাবলৈ' চেষ্টা কৰাৰ বাবে পাকিস্তানক গৰিহণা দিয়ে । তেওঁ কয়, "ভাৰতে এই কথা মন কৰিবলৈ বাধ্য হৈছে যে পাকিস্তানৰ প্ৰতিনিধিজনে পুনৰ ভাৰতীয় কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ওপৰত অবাঞ্ছিত মন্তব্য কৰিছে । এনে ধৰণৰ প্ৰসংগ বাৰে বাৰে উল্লেখ কৰিলেই তেওঁলোকৰ অবৈধ দাবীক বৈধতা প্ৰদান নকৰে নাইবা তেওঁলোকৰ দেশৰ পৃষ্ঠপোষকতাত হোৱা সন্ত্ৰাসবাদক ন্যায়সঙ্গত কৰা নহয় ।"

হৰিশে লগতে এই কথাত গুৰুত্ব দিয়ে যে পাকিস্তানে নিজেই অবৈধভাৱে জম্মু-কাশ্মীৰৰ কিছু অংশ দখল কৰি আছে আৰু অঞ্চলটো খালী কৰি দিব লাগিব । "পাকিস্তানে অবৈধভাৱে জম্মু-কাশ্মীৰৰ ভূখণ্ড দখল কৰি আছে, যিটো খালী কৰিবই লাগিব ।" তেওঁ কয় ।

লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতে ইয়াৰ সাৰ্বভৌমত্ব সন্দৰ্ভত বিশ্ব মঞ্চত প্ৰশ্ন কৰিব নিদিয়ে । পাকিস্তানে নিজৰ "সংকীৰ্ণ আৰু বিভাজনমূলক কাৰ্যসূচী"ৰ বাবে মঞ্চখন ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাক প্ৰত্যাখ্যান কৰি হৰিশে লগতে কয়, "আমি পাকিস্তানক এই মঞ্চৰ মনোযোগ আঁতৰাবলৈ চেষ্টা নকৰিবলৈ পৰামৰ্শ দিছো ।"

তেওঁ উল্লেখ কৰে যে ভাৰতে ইয়াৰ কোনো বিতং সঁহাৰি প্ৰদান নকৰে, কিন্তু নিজৰ স্থিতি স্পষ্ট কৰিছে । "ভাৰতে অধিক বিস্তৃত উত্তৰৰ অধিকাৰ প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব ।" তেওঁ শেষত কয় । যদিও অধিৱেশনখনত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, ভাৰতে অভিযানসমূহক আধুনিক প্ৰত্যাহ্বানৰ সৈতে খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সুযোগটো ব্যৱহাৰ কৰে । ইয়াৰ ভিতৰত আছে সশস্ত্ৰ গোট, অনা-ৰাষ্ট্ৰীয় কাৰক আৰু নতুন যুগৰ অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকি ।

হৰিশে জনাদেশ গঠনত সেনা আৰু আৰক্ষীৰ অৱদান আগবঢ়োৱা দেশসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু কাৰ্যকৰী প্ৰয়োজনীয়তাৰ সৈতে মিলাবলৈ 'পৰ্যাপ্ত পুঁজি'ৰ আহ্বান জনায় । শান্তি ৰক্ষাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ সন্দৰ্ভত হৰিশে উল্লেখ কৰে যে ভাৰতে শেহতীয়াকৈ গ্লবেল ছাউথৰ নাৰী শান্তিৰক্ষীসকলৰ বাবে প্ৰথমবাৰৰ বাবে সন্মিলনৰ আয়োজন কৰিছে আৰু মহিলাসকলে অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

"মহিলাসকলে শান্তি ৰক্ষা কৰিব পাৰিবনে নোৱাৰে সেয়া এতিয়া প্ৰশ্ন নহয় । ইয়াৰ পৰিৱৰ্তে মহিলা অবিহনে শান্তি ৰক্ষা কৰিব পাৰিনে নোৱাৰি সেইটোহে বিষয় ।" তেওঁ কয় ।

ভাৰতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ প্ৰতি নিজৰ 'অটল প্ৰতিশ্ৰুতি' পুনৰ নিশ্চিত কৰে আৰু সংস্থাটোক অধিক "বৰ্তমানৰ ভূ-ৰাজনৈতিক বাস্তৱতাৰ প্ৰতিফলন আৰু প্ৰতিনিধি" কৰি তুলিবলৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান জনায় ।

লগতে পঢ়ক :ভূ-ৰাজনীতি; বিশ্ব শৃংখলাত আমেৰিকাৰ ভূমিকা - US ROLE IN WORLD ORDER
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ বিমষ্টেক সন্মিলনত ইউনুছক সাক্ষাৎ কৰিব নেকি ? - THAILAND BIMSTEC SUMMIT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.