ETV Bharat / international

ৰাষ্ট্ৰসংঘত ড৹ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী উদযাপন

জনপ্ৰিয়ভাৱে ‘বাবাচাহেব’ নামেৰে পৰিচিত আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি আছিল ৷ সেয়েহে তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কোৱা হয় ৷

AMBEDKAR JAYANTI
ড৹ বি আৰ আম্বেদকাৰৰ ফাইল ফটো (Getty Images)
author img

By ANI

Published : April 15, 2025 at 8:23 AM IST

3 Min Read
Choose ETV Bharat

নিউয়ৰ্ক: ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে ড৹ বি আৰ আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে, য’ত বিশ্বৰ নেতাসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল ব্যক্তি হিচাপে আৰু দেশখনৰ সংবিধানৰ স্থপতি হিচাপে ড৹ আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰে ।

"ৰাষ্ট্ৰসংঘৰ ভিতৰত আৰু ইয়াৰ বাহিৰত ড৹ আম্বেদকাৰৰ দৃষ্টিভংগীৰ কালজয়ী আবেদন" শীৰ্ষক বিষয়বস্তুক কেন্দ্ৰ কৰি অনুষ্ঠানটোৱে ভাৰত আৰু বিশ্ব সম্প্ৰদায় উভয়তে তেওঁৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ।

‘‘ড৹ বি আৰ আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আপোনালোকক স্মৃতিচাৰণ অনুষ্ঠানলৈ আদৰণি জনাই মই অতি আনন্দিত ৷ ড৹ আম্বেদকাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ ব্যক্তি আৰু ভাৰতৰ সংবিধানৰ স্থপতি আছিল । যিজনে আমাৰ আধুনিক গণৰাজ্যৰ ভেঁটি স্থাপনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল ।

AMBEDKAR JAYANTI
ৰাষ্ট্ৰসংঘত আম্বেদকাৰ জয়ন্তী পালন (ANI Photo)

আজিৰ আলোচনাৰ বিষয়, ‘‘The Timeless appeal of" ৰাষ্ট্ৰসংঘৰ ভিতৰত আৰু ইয়াৰ বাহিৰত ড৹ আম্বেদকাৰৰ দৃষ্টিভংগী, অতি উপযুক্ত কাৰণ আমি এই বছৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ ৮০ বছৰীয়া বৰ্ষপুৰ্তি উদযাপন কৰিছো ’’ - বুলি হৰিশে উপস্থিত নেতাসকলৰ আগত ব্যক্ত কৰে ৷

হৰিশে লগতে কয়, ‘‘ভাৰতীয় নেতাসকলৰ মাজত তেওঁৰ অনন্য শৈক্ষিক প্ৰমাণপত্ৰ আছিল যে তেওঁ পশ্চিমীয়া শিক্ষাৰ বহুখিনি আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অৰ্জন কৰিছিল… তেওঁ নীতি নিৰ্ধাৰণ আৰু ৰাজনৈতিক সক্ৰিয়তাৰ ক্ষেত্ৰত এক প্ৰাগমেটিক আৰু যুক্তিসংগত দৃষ্টিভংগীৰ সৃষ্টি কৰিছিল । ড৹ আম্বেদকাৰ তেওঁৰ সময়ৰ ৰাজনৈতিক নেতাসকলৰ মাজত এইকাৰণে অনন্য আছিল যে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ মূল নীতি হিচাপে ভ্ৰাতৃত্ববোধক মূলসুঁতিলৈ অনা আৰু কেৱল মাজত নহয়, সম্পৰ্কসমূহ শৃংখলাবদ্ধ কৰাত নিজৰ মনোযোগ অৰ্পণ কৰিছিল । তেখেতৰ মতে ভ্ৰাতৃত্ববোধ গণতন্ত্ৰৰ আন এটা নাম ৷"

জনপ্ৰিয়ভাৱে ‘বাবাচাহেব’ নামেৰে পৰিচিত আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি আছিল ৷ সেয়েহে তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কোৱা হয় ৷ আম্বেদকাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰীও আছিল ৷

মধ্যপ্ৰদেশৰ এটা দৰিদ্ৰ দলিত মহৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বাবাচাহেবে । সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ সম অধিকাৰৰ বাবে তেওঁ অক্লান্তভাৱে যুঁজিছিল । ১৯২৭ চনৰ পৰা অস্পৃশ্যতাৰ বিৰুদ্ধে সক্ৰিয় আন্দোলনৰ অংশ আছিল তেওঁ । পিছলৈ তেওঁলোকৰ অধিকাৰৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ‘দলিত আইকন’ হিচাপে সন্মান লাভ কৰিছিল ।

লগতে পঢ়ক: তাহাউৰ ৰাণাক লাগে এটা কলম, কাগজ আৰু কোৰাণ: দৈনিক ৮-১০ ঘণ্টা জেৰা চলাইছে "নিয়া"ই