গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ - Israel Gaza conflict
India At United Nations on Gaza : সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ আৰু দ্ব্যর্থহীনভাৱে গৰিহণা দিয়া দেশসমূহৰ ভিতৰত ভাৰতো আছিল । আমি চলিত ইজৰাইল-হামাছ সংঘৰ্ষত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱা ঘটনাকো গৰিহণা দিছোঁ । আমি সংযম ৰক্ষা, উত্তেজনা বৃদ্ধি হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছোঁ । ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ প্ৰতিনিধি আৰ ৰবীন্দ্ৰই কয় ।

By ANI
Published : July 18, 2024 at 9:38 AM IST
নিউজ ডেস্ক, ১৮ জুলাই : ৰাষ্ট্ৰসংঘত গাজা ষ্ট্ৰিপত তাৎক্ষণিক আৰু সম্পূৰ্ণ যুদ্ধবিৰতিৰ আহ্বান পুনৰ দোহাৰিছে ভাৰতে । লগতে কোনো চৰ্ত অবিহনে বন্দীসকলক মুকলি কৰিবলৈও আহ্বান জনাইছে । বুধবাৰে মধ্যপ্ৰাচ্য সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউ এন এছ চি) মুকলি বিতৰ্কত মন্তব্য প্ৰদান কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ প্ৰতিনিধি আৰ ৰবীন্দ্ৰই লগতে উল্লেখ কৰে যে বিগত বছৰবোৰত বিভিন্ন ৰূপত পেলেষ্টাইনলৈ ভাৰতৰ উন্নয়নমূলক সহায়ৰ পৰিমাণ প্ৰায় ১২০ নিযুত আমেৰিকান ডলাৰ ।
"২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ আৰু দ্ব্যর্থহীনভাৱে গৰিহণা দিয়া দেশসমূহৰ ভিতৰত ভাৰতো আছিল । আমি চলিত ইজৰাইল-হামাছ সংঘৰ্ষত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱা ঘটনাকো গৰিহণা দিছোঁ । আমি সংযম ৰক্ষা, উত্তেজনা বৃদ্ধি হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছোঁ । আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ ।" তেওঁ কয় ।
তেওঁ লগতে সকলো পৰিস্থিতিতে আন্তৰ্জাতিক আইন আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালনৰ বাবেও আহ্বান জনায় । "আমি তাৎক্ষণিক, সম্পূৰ্ণ আৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধবিৰতি, সুৰক্ষিত, সময়মতে আৰু নিৰন্তৰ মানৱীয় সহায় আৰু গাজা ষ্ট্ৰিপত সাহায্য আৰু অত্যাৱশ্যকীয় মানৱীয় সেৱা সীমাহীনভাৱে উপলব্ধ কৰোৱাৰ আহ্বান পুনৰাবৃত্তি কৰিছোঁ । ইয়াৰ উপৰি আমি সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুক্তি দিয়াৰ বাবেও আহ্বান জনাইছোঁ ।" ৰাষ্ট্ৰদূত আৰ ৰবীন্দ্ৰই কয় ।
আনহাতে, তেওঁ ইজৰাইল আৰু পেলেষ্টাইনৰ নেতৃত্বৰ সৈতে নিৰন্তৰ সম্পৰ্কৰ বাবে কাটাৰ আৰু ইজিপ্তৰ দৰে দেশৰ ভূমিকাকো প্ৰশংসা কৰে । তেওঁ লগতে কয়, "আমি সকলো প্ৰাসংগিক বহুপাক্ষিক ক্ষেত্ৰত নিৰন্তৰভাৱে আমাৰ স্থিতি পুনৰাবৃত্তি কৰি আহিছোঁ ।"
ভাৰতে অঞ্চলটোত শান্তি আৰু স্থিৰতা ৰক্ষাৰ স্বাৰ্থত থিয় দিছে । "এইটো আমাৰ দীৰ্ঘদিনীয়া স্থিতি যে আমি এক দ্বি-ৰাষ্ট্ৰীয় সমাধানক সমৰ্থন কৰোঁ । য'ত স্বীকৃত আৰু পাৰস্পৰিক সন্মত সীমাৰ ভিতৰত এক সাৰ্বভৌম, কাৰ্যকৰী আৰু স্বাধীন ৰাজ্য স্থাপন কৰা হয়, শান্তিৰে ইজৰাইলৰ সৈতে একেলগে বাস কৰিব পাৰে । ইজৰাইলৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত যোৱা মাহত জৰ্ডানত অনুষ্ঠিত গাজাৰ জৰুৰী মানৱীয় সঁহাৰি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় উচ্চ পৰ্যায়ৰ সন্মিলনত ভাৰতক জ্যেষ্ঠ পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হৈছিল ।" ৰাষ্ট্ৰদূতগৰাকীয়ে কয় ।

