ভাৰতত পুঁজি বহুগুণে বৃদ্ধি পায়: ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী মোদী
দুদিনীয়া জাপান ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰতৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু স্বচ্ছতাৰ ওপৰত আলোকপাত কৰে ।

Published : August 29, 2025 at 8:47 PM IST
নতুন দিল্লী: পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ওপৰত আলোকপাত কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত পুঁজিৰ বৃদ্ধিয়েই নহয়, বৰং ই বহুগুণে বৃদ্ধি পায় । ৰাজনৈতিক স্থিতিশীলতা আৰু স্বচ্ছতাৰ বাবে দেশখন বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ কয় ।
‘‘ভাৰতত পুঁজি কেৱল বৃদ্ধি নহয়, বৰং ই বহুগুণে বৃদ্ধি পায় । বিগত ১১ বছৰত ভাৰতত যি উন্নয়ন আৰু পৰিৱৰ্তন সাধন হৈছে, সেই বিষয়ে আপোনালোক সকলো সচেতন । ভাৰতত ৰাজনৈতিক স্থিতিশীলতা আৰু স্বচ্ছতা আছে আৰু ই বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি । অতি শীঘ্ৰে আমি তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশত পৰিণত হ’ম । আমি বিশ্বৰ জি ডি পিত ১৮% অৰিহণা যোগাওঁ আৰু আমাৰ বজাৰসমূহে শক্তিশালী উভতাই দিছে । সংস্কাৰ, পৰিৱৰ্তন আৰু কৰ্ম সম্পাদনৰ আমাৰ দৃষ্টিভংগীয়েই এই সকলো অগ্ৰগতিৰ ভিত্তি’’ - ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত ভাষণ দি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
東京に到着しました。インドと日本が開発協力を引き続き強化する中、本訪問では石破総理をはじめとする方々と意見交換し、既存のパートナーシップを深化させ、新たな協力の可能性を探る機会となることを期待しています。@shigeruishiba pic.twitter.com/h4ZahMDIk2
— Narendra Modi (@narendramodi) August 29, 2025
মোদীয়ে কয় যে বিগত দশকত ভাৰতে “নেক্সট জেন মবিলিটি আৰু লজিষ্টিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি” লাভ কৰিছে । আমাৰ বন্দৰৰ ক্ষমতা দুগুণ হৈছে । জাপানৰ সহযোগত মুম্বাই-আহমেদাবাদ দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ কাম চলি আছে । কিন্তু আমাৰ যাত্ৰা ইয়াতেই স্তব্ধ নহয়, জাপানৰ উৎকৃষ্টতা আৰু ভাৰতৰ পৰিসৰে এক আদৰ্শ অংশীদাৰিত্বৰ সৃষ্টি কৰিব পাৰে’’ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷
প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ প্ৰতিভাৰ মাজত সহযোগিতাৰ আহ্বান জনাই কয় যে তেওঁলোকে মিলি এই শতিকাৰ প্ৰযুক্তিগত বিপ্লৱৰ নেতৃত্ব দিব পাৰে ।
‘‘ভাৰত দ্ৰুতগতিত স্বচ্ছ শক্তিৰ দিশত আগবাঢ়িছে আৰু ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ভাৰত আৰু জাপানে যৌথ ঋণ ব্যৱস্থাৰ ওপৰত সহমতত উপনীত হৈছে আৰু ইয়াৰ সহায় লৈ আমি স্বচ্ছ আৰু সেউজীয়া ভৱিষ্যতৰ বাবে সহযোগিতা কৰিব পাৰো’’ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জাপানৰ উৎকৃষ্টতা আৰু ভাৰতৰ পৰিসৰে এক নিখুঁত অংশীদাৰিত্বৰ সৃষ্টি কৰিব পাৰে । তেওঁ কয় যে দুয়োখন দেশৰ মাজত ভাগ-বতৰা কৰা কৰ্মশক্তিৰ ফলত সমৃদ্ধিৰ সূচনা হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব অৰ্থনৈতিকভাৱে কৌশলগত আৰু স্মাৰ্ট শক্তি । আমি অংশীদাৰী স্বাৰ্থক অংশীদাৰী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিছো । গ্ল’বেল ছাউথৰ জাপানী ব্যৱসায়ীসকলৰ বাবে ভাৰত হৈছে এক স্প্ৰিং ব’ৰ্ড । আমি একেলগে এছিয়াৰ শতিকাক স্থিতিশীলতা, বৃদ্ধি আৰু সমৃদ্ধিৰ দিশত গঢ় দিম । ভাৰতে নতুন আৰু সৰলীকৃত আয়কৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে ।’’
Deeply touched by the warmth and affection of the Indian community here in Tokyo. Their commitment to preserving our cultural roots while contributing meaningfully to Japanese society is truly commendable.
— Narendra Modi (@narendramodi) August 29, 2025
In a few hours from now, will be interacting with a group of business… pic.twitter.com/cqLIthLxF8
‘‘আমাৰ সংস্কাৰ কেৱল কৰত সীমাবদ্ধ নহয় - আমি ব্যৱসায় সহজ কৰাৰ ওপৰত গুৰুত্ব দিছো আৰু একক ডিজিটেল অনুমোদনৰ দুৱাৰ মুকলি কৰিছো ৷ আমি ৪৫,০০০ টা কম্প্লাইয়েন্সক যুক্তিযুক্ততা প্ৰদান কৰিছো আৰু নিয়ন্ত্ৰণমুক্ত কৰাৰ বাবেও এখন কমিটী গঠন কৰিছো । প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ড ব্যক্তিগত কোম্পানীসমূহৰ বাবে মুকলি কৰা হৈছে আৰু আমি আমাৰ পাৰমাণৱিক খণ্ডও মুকলি কৰিছো… বিশ্বই কেৱল ভাৰতক দেখাই নহয়, বিশ্বাসো কৰিছে’’ বুলি প্ৰধানমন্ত্ৰীয়ে নিজ ভাষণত কয় ৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে টকিঅ’ত উপস্থিত হোৱাৰ লগে লগে বিষয়াসকলৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও উষ্ম আদৰণি জনাইছিল আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছিল ।
জাপানৰ উন্নত প্ৰযুক্তি আৰু ভাৰতৰ বিশাল বজাৰ ইটোৱে সিটোৰ পৰিপূৰক: প্ৰধানমন্ত্ৰী ইছিবা
ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত ভাষণ দি জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইছিবাই কয়, ‘‘জাপানৰ উন্নত প্ৰযুক্তি আৰু ভাৰতৰ অসাধাৰণ প্ৰতিভা আৰু বিশাল বজাৰ ইটো সিটোৰ পৰিপূৰক, যাৰ ফলত যাৰ ফলত দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্ক নাটকীয়ভাৱে সম্প্ৰসাৰিত হ’ব ।’’
ইছিবাই কয় যে মেক ইন ইণ্ডিয়াত বহু জাপানী কোম্পানীয়ে মূখ্য ভূমিকা পালন কৰি আছে আৰু এই সহযোগিতা সমগ্ৰ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ, আফ্ৰিকা আনকি ইউৰোপতো বিয়পি পৰিছে ।
‘‘আজি আমাৰ কোম্পানীসমূহৰ মাজত কেইবাখনো সহযোগিতাৰ নথিপত্ৰত স্বাক্ষৰ কৰাটোৱে ভাৰতত অধিক বিনিয়োগ আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে জাপানৰ দৃঢ় দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে আৰু এইটোৱেই স্পষ্ট প্ৰমাণ যে আমি দুয়োখন দেশক কেন্দ্ৰ কৰি এক শক্তিশালী যোগান শৃংখল গঢ়ি তুলিছো ৷ এনে এটা মুহূৰ্তত মহামহিম মোদীৰ সৈতে ইয়াত একেলগে থিয় দিয়াটো মোৰ বাবে এক বৃহৎ সন্মান । মই আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ ভৱিষ্যত আৰু অধিক বিকশিত হোৱাটো বিচাৰিছো’’ বুলি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ৷
প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে যৌথ বিবৃতিৰ সময়ত সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আলোচনা ‘‘ফলপ্ৰসূ আৰু উদ্দেশ্য প্ৰণোদিত’’ ৷ মোদীয়ে কয় যে আমি দুয়ো এই কথাত একমত যে বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতি আৰু সক্ৰিয় গণতন্ত্ৰৰ দেশ হিচাপে আমাৰ অংশীদাৰিত্ব কেৱল আমাৰ দুয়োখন দেশৰ বাবেই নহয়, বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও অতি গুৰুত্বপূৰ্ণ ।
যৌথ ঋণ ব্যৱস্থা
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰত আৰু জাপানৰ মাজত যৌথ ঋণৰ ব্যৱস্থা শক্তিৰ ক্ষেত্ৰত এক বৃহৎ জয়, যিয়ে আমাৰ সেউজ অংশীদাৰিত্ব আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ দৰেই শক্তিশালী বুলি দেখুৱাইছে । এই দিশত আমি বহনক্ষম ইন্ধনৰ পদক্ষেপ আৰু বেটাৰী যোগান শৃংখলৰ অংশীদাৰিত্বও আৰম্ভ কৰিছো ৷’’
তেওঁ লগতে কয় যে ভাৰত আৰু জাপানে অৰ্থনৈতিক নিৰাপত্তা সহযোগিতাৰ পদক্ষেপ আৰম্ভ কৰিছে ৷ যাৰ অধীনত দুয়োখন দেশে জটিল আৰু কৌশলগত ক্ষেত্ৰত এক ব্যাপক দৃষ্টিভংগীৰে আগবাঢ়ি যাব ।
উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে ডিজিটেল অংশীদাৰিত্ব ২.০ আৰু এ আই সহযোগিতাৰ পদক্ষেপতো দুয়োখন দেশে কাম কৰি আছে ৷ অৰ্ধপৰিবাহী আৰু আপুৰুগীয়া পৃথিৱীৰ খনিজ পদাৰ্থ আমাৰ এজেণ্ডাত উচ্চ স্থানত থাকিব বুলিও তেওঁ লগতে কয় ৷
জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সমন্বয়ে জয়ৰ দিশত আগবাঢ়িছে
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয়, ‘‘জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভা এক বিজয়ী সংমিশ্ৰণ । আমি দ্ৰুতবেগী ৰে'লৰ কাম কৰি থকাৰ সময়তে নেক্সট জেনেৰে ন মবিলিটি পাৰ্টনাৰশ্বিপৰ অধীনত বন্দৰ, বিমান পৰিবহণ আৰু জাহাজ নিৰ্মাণৰ দৰে খণ্ডতো দ্ৰুত অগ্ৰগতি লাভ কৰিম ।’’
তেওঁ লগতে কয়, ‘‘চন্দ্ৰযান-৫ অভিযানত সহযোগিতাৰ বাবে ইছৰ’ আৰু জাক্সাৰ মাজত হোৱা চুক্তিক আমি আদৰণি জনাইছো । আমাৰ সক্ৰিয় অংশগ্ৰহণে পৃথিৱীৰ সীমাৰ বাহিৰলৈ আৰু মহাকাশলৈ মানৱতাৰ অগ্ৰগতিৰ প্ৰতীকৰূপে বিবেচিত হ'ব ।’’
মানৱ সম্পদ বিনিময় কাৰ্যসূচী
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মানৱ সম্পদ বিনিময় কাৰ্য পৰিকল্পনাৰ অধীনত অহা পাঁচ বছৰত দুয়োপক্ষৰ পৰা বিভিন্ন ক্ষেত্ৰত ৫ লাখ লোকৰ আদান-প্ৰদানক উৎসাহিত কৰা হ’ব । ইয়াত ৫০ হাজাৰ দক্ষ ভাৰতীয়ই জাপানৰ অৰ্থনীতিত সক্ৰিয়ভাৱে অৰিহণা যোগাব । ভাৰত আৰু জাপানৰ অংশগ্ৰহণ কেৱল দিল্লী আৰু টকিঅ’তে সীমাবদ্ধ নাথাকে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ‘‘এতিয়া ভাৰতীয় ৰাজ্য আৰু জাপানী প্ৰিফেকচাৰৰ মাজত প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে সংযোগ আৰু গভীৰ হ'ব । ইয়াৰ ফলত বাণিজ্য, পৰ্যটন, শিক্ষা, আৰু সাংস্কৃতিক বিনিময়ৰ বাবে নতুন দুৱাৰ মুকলি হ'ব’’ বুলি মোদীয়ে কয় ৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপান মুক্ত, মুকলি, শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।
‘‘সন্ত্ৰাসবাদ আৰু চাইবাৰ অপৰাধৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ দুয়োখন দেশৰে উদ্বেগ আছে । প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ স্বাৰ্থৰ অংশীদাৰ । আমি প্ৰতিৰক্ষা উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছো’’ মোদীয়ে কয় ৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-জাপানৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে ৷ তেওঁ কয়, ‘‘ই আমাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰক প্ৰতিফলিত কৰে আৰু আমি ভাগ-বতৰা কৰা মূল্যবোধ আৰু বিশ্বাসৰ দ্বাৰা গঢ় লৈ উঠে ।’’
‘‘আমি একেলগে আমাৰ জনগোষ্ঠীসমূহৰ আৰু বিশ্বৰ বাবে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ এক উমৈহতীয়া সপোন কঢ়িয়াই লৈ ফুৰিছো’’ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ৷
শক্তিশালী গণতন্ত্ৰসমূহ এখন উন্নত পৃথিৱী গঢ় দিয়াত প্ৰাকৃতিক অংশীদাৰ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাই আমাৰ বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ এক শক্তিশালী ভেটি স্থাপন কৰিছে ।
‘‘আমি অহা দশকৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰিছো । বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক নিৰাপত্তা, পৰিৱেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজত বিনিময় আৰু ৰাজ্য-ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব আমাৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু মূল ক্ষেত্ৰ । ভাৰত আৰু জাপানে আগন্তুক দহ বছৰত ভাৰতত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ ভাৰত আৰু জাপানৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহ সংযোগ কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব’’ বুলিও মোদীয়ে ভাষণত কয় ৷
প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ তাৎপৰ্য
শুকুৰবাৰে জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইছিবাৰ সৈতে প্ৰথম বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰায় সাত বছৰৰ ভিতৰত এয়াও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম একক জাপান ভ্ৰমণ । বাৰ্ষিক সন্মিলনৰ বাবে মোদীয়ে শেষবাৰৰ বাবে ২০১৮ চনত জাপান ভ্ৰমণ কৰিছিল । ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশ্যে কেইবাবাৰো জাপান ভ্ৰমণ কৰিছে ৷ সেই ভ্ৰমণকালত বহুপক্ষীয় বৈঠক আৰু অন্যান্য অনুষ্ঠানসমূহত তেওঁ অংশগ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই ভ্ৰমণ সম্পূৰ্ণৰূপে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক কাৰ্যসূচীৰ প্ৰতি উৎসৰ্গিত হ’ব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ জাপান ভ্ৰমণৰ ক্ষেত্ৰত এয়া অষ্টমটো ভ্ৰমণ আৰু ই আমাৰ বৈদেশিক সম্পৰ্কত এই বিশেষ সম্পৰ্কক প্ৰদান কৰা উচ্চ অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটায় ।”
লগতে পঢ়ক: মোদীৰ আগমনৰ বাবে টকিঅ'ত অধীৰ আগ্ৰহেৰে অপেক্ষা প্ৰৱাসী ভাৰতীয়ৰ

