সংঘাত বন্ধ কৰাৰ সিদ্ধান্ত ভাৰত-পাকৰ দুই নেতাই লৈছে; ট্ৰাম্পৰ ওলোটা খৰ
কেইবা সপ্তাহৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ মাজত সামৰিক সংঘাত বন্ধ কৰাৰ কৃতিত্ব দাবী কৰা নাই ট্ৰাম্পে ।

Published : June 19, 2025 at 1:57 PM IST
ৱাশ্বিংটন: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ 'অতি স্মাৰ্ট' নেতাই পাৰমাণৱিক যুদ্ধলৈ পৰিণত হ’ব পৰা সংঘাত অব্যাহত নৰখাৰ 'সিদ্ধান্ত' লৈছে । ভাৰত-পাক সংঘাত বন্ধ হোৱাৰ কেইবা সপ্তাহ পিছত প্ৰথমবাৰৰ বাবে তেওঁ দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত শত্ৰুতা বন্ধ কৰাৰ বাবে নিজক কৃতিত্ব প্ৰদানৰ পৰা আঁতৰত ৰাখে ।
বুধবাৰে হোৱাইট হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰক আতিথ্য দিয়াৰ পাছত অ’ভাল অফিচত সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে এই মন্তব্য কৰে । ট্ৰাম্পে লগতে কয় যে মুনীৰক লগ পাই তেওঁ 'সন্মানিত' হৈছে ।
মুনিৰৰ সৈতে অনুষ্ঠিত বৈঠকত ইৰাণৰ বিষয়ে আলোচনা কৰা হৈছিল নেকি বুলি সোধাত ট্ৰাম্পে কয়, "হয়, তেওঁলোকে ইৰাণক বহুত ভালকৈ চিনি পায়, আনতকৈ ভালকৈ জানে আৰু তেওঁলোক কোনো কথাতে সুখী নহয় । এনে নহয় যে তেওঁলোক ইজৰাইলৰ সৈতে বেয়া । তেওঁলোকে দুয়োকে চিনি পায় । কিন্তু তেওঁলোকে হয়তো ইৰাণক বেছি ভালদৰে চিনি পায় । তেওঁলোকে দেখিছে কি হৈছে আৰু তেওঁ মোৰ কথাত সন্মত হৈছে ।"
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মই তেওঁক ইয়ালৈ এইকাৰণেই আমন্ত্ৰণ জনাব বিচাৰোঁ, কিয়নো তেওঁ যুদ্ধলৈ ন'গৈ আৰু যুদ্ধৰ অন্ত পেলোৱাৰ বাবে তেওঁলোকক ধন্যবাদ দিছে । আৰু মই ধন্যবাদ দিব বিচাৰোঁ, যেনেদৰে আপোনালোকে জানে প্ৰধানমন্ত্ৰী মোদী কিছি সময় পূৰ্বে ইয়াৰ পৰা গৈছে আৰু আমি ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিত কাম কৰি আছোঁ । আমি পাকিস্তানৰ সৈতেও বাণিজ্যিক চুক্তিত কাম কৰি আছোঁ ।"
"তেওঁলোক দুয়োজনেই ইয়াত আছিল, কিন্তু মই কেইসপ্তাহমান পূৰ্বে মোদীৰ সৈতে আছিলোঁ । তেওঁ আচলতে ইয়াত আছিল, কিন্তু এতিয়া আমি তেওঁৰ সৈতে কথা পাতিছোঁ । আৰু মই ইমানেই সুখী যে দুজন স্মাৰ্ট ব্যক্তি, লগতে আপোনালোকে জানে, তেওঁলোকৰ চৰকাৰৰ লোকসকলো । কিন্তু দুজন স্মাৰ্ট ব্যক্তি, দুজন অতি স্মাৰ্ট ব্যক্তিয়ে উক্ত যুদ্ধ অব্যাহত নৰখাৰ সিদ্ধান্ত লয় । সেয়া এক পাৰমাণৱিক যুদ্ধও হ'ব পাৰিলেহেঁতেন । দুয়োখন দেশেই পাৰমাণৱিক শক্তিধৰ । বহুত, বহুত, বহুত পাৰমাণৱিক শক্তি আছে, আৰু তেওঁলোকে এই সিদ্ধান্ত লয় ।"
উল্লেখ্য যে বিগত কেইবা সপ্তাহৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাত বন্ধ কৰাৰ কৃতিত্ব ট্ৰাম্পে নোলোৱা এইটোৱেই হৈছে প্ৰথম ।
১০ মে’ৰ পৰা ভাৰত আৰু পাকিস্তানে সামৰিক সংঘাত বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰে পৰা ট্ৰাম্পে বহুবাৰ দাবী কৰি আহিছে যে তেওঁ দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা 'প্ৰশমন কৰাত সহায়' কৰিছিল । লগতে তেওঁ পাৰমাণৱিক অস্ত্ৰধাৰী দক্ষিণ এছিয়াৰ প্ৰতিবেশী দেশ দুখনক কৈছিল যে সংঘাত বন্ধ কৰিলে আমেৰিকাই তেওঁলোকৰ সৈতে 'বৃহৎ বাণিজ্য' কৰিব ।
উল্লেখ্য যে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ নেতাসকলৰ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ পাৰ্শ্বীয় বৈঠক আছিল যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সোনকালে ৱাশ্বিংটনলৈ উভতি যায় ।
কানানাস্কিছ এৰি যোৱাৰ পূৰ্বে আৰু এটা দশকৰ ভিতৰত প্ৰথম কানাডা ভ্ৰমণৰ সামৰণি পৰাৰ পূৰ্বে মোদীয়ে ট্ৰাম্পৰ সৈতে ৩৫ মিনিট ধৰি টেলিফোনিক বাৰ্তালাপ কৰিছিল ।
আনহাতে, কানানাস্কিছৰ পৰা ভিডিঅ’ বাৰ্তাযোগে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে মোদীয়ে ট্ৰাম্পক জনাইছিল যে অপাৰেশ্যন সেন্দূৰৰ সময়ত 'কোনো সময়তে' ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাৰ কোনো প্ৰস্তাৱৰ ওপৰত কোনো আলোচনা হোৱা নাছিল, সেয়া লাগিলে যিকোনো স্তৰতে নহওক কিয় ।

