ইজৰাইল-পেলেষ্টাইন যুদ্ধ: গাজাৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ বেঞ্জামিন নেতান্যাহুৰ - Kamala Harris on Gaza
Kamala Harris appeal to Netanyahu: পেলেষ্টাইন-ইজৰাইল যুদ্ধক লৈ চিন্তিত ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ সম্ভাৱ্য প্ৰাৰ্থী কমলা হেৰিছ ৷ এক বৈঠকযোগে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ প্ৰতি বিশেষ আহ্বান হেৰিছৰ ৷ গাজাৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ৷

By PTI
Published : July 26, 2024 at 8:00 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, 26 জুলাই: এতিয়াও অন্ত পৰা নাই পেলেষ্টাইন-ইজৰাইলৰ মাজৰ সংঘৰ্ষ ৷ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে বৃহস্পতিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হামাছৰ সৈতে অতি সোনকালে যুদ্ধবিৰতি চুক্তিত উপনীত হ’বলৈ আহ্বান জনাইছে যাতে 7 অক্টোবৰৰ পৰা গাজাত সন্ত্ৰাসবাদীয়ে পণবন্দী কৰি ৰখা কেইবাডজন লোকে ঘৰলৈ উভতি যাব পাৰে ।
হেৰিছে কয় যে তেওঁ নেতান্যাহুৰ সৈতে মুকলিকৈ গঠনমূলক কথা-বতৰাত মিলিত হৈছিল ৷ এই আলোচনাত নেতান্যাহুয়ে নিজকে ইজৰাইলৰ ৰক্ষাকৰ্তা বুলি দৃঢ়তাৰে কোৱাৰ লগতে গাজাত 9 মাহৰ যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু তাত সৃষ্টি হোৱা ভয়াৱহ মানৱীয় পৰিস্থিতিৰ বিষয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰে ।
ডেম’ক্ৰেটিক দলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে এই চুক্তি নিশ্চিত কৰাৰ বাবে হোৱা আলোচনাৰ অন্তত আশাবাদী বুলি নেতান্যাহুৰ সৈতে সাক্ষাৎ কৰাৰ কিছু সময়ৰ পাছতে সংবাদ মাধ্যমৰ আগত কয় । এই চুক্তিখন কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে বুলি কয় কমলা হেৰিছে ।
ইয়াৰ পূৰ্বে নেতান্যাহুৱে ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতেও পৃথক আলোচনাত মিলিত হৈছিল ৷ বাইডেনেও ইজৰাইল আৰু হামাছক আহ্বান জনাই আহিছে যে বাকী থকা পণবন্দীসকলক ঘৰলৈ অনা আৰু বৰ্ধিত যুদ্ধবিৰতি স্থাপনৰ বাবে আমেৰিকাৰ সমৰ্থনপুষ্ট তিনি পৰ্যায়ৰ চুক্তি চুক্তিৱদ্ধ হ’ব লাগে ।
নেতান্যাহুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পিছত হেৰিছে কয়, "গাজাত হোৱা ইজৰাইলৰ যুদ্ধ কেৱল মানুহে এটা বা আনটো পক্ষক সমৰ্থন কৰা বিষয়তকৈ অধিক জটিল ।"
হামাছৰ নিষ্ঠুৰতাক গৰিহণা দিয়ে হেৰিছে । হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয়, "7 অক্টোবৰত প্ৰায় 1200 লোকক হত্যা কৰি ইজৰাইলৰ পৰা 250 জন লোকক অপহৰণ কৰা সন্ত্ৰাসবাদী সংগঠনটো গাজাত হোৱা দুখ-কষ্টৰ বাবে দায়ী আৰু ইজৰাইলৰ সৈতে অৱশেষত সহমতত উপনীত হ’ব লাগিব ।"
কিৰ্বিয়ে লগতে কয়, "দুয়োপক্ষৰ মাজৰ ব্যৱধান বন্ধ কৰিব পাৰি কিন্তু কিছুমান সমস্যা সমাধান কৰিব লাগিব যিবোৰৰ বাবে কিছু নেতৃত্বৰ প্ৰয়োজন হ’ব, কিছু আপোচৰ প্ৰয়োজন হ’ব ।"
উল্লেখ্য যে, হাজাৰ হাজাৰ লোকে নেতান্যাহুৰ ৱাশ্বিংটন ভ্ৰমণৰ প্ৰতিবাদ কৰিছিল আৰু হেৰিছে হামাছৰ প্ৰশংসা কৰা আৰু হিংসাত্মক বাক্যবাণ কৰাসকলক নিন্দা কৰিছিল । নেতান্যাহুৱে শুকুৰবাৰে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ ফ্ল’ৰিডালৈ ৰাওনা হৈছে ।
বৃহস্পতিবাৰে হেৰিছ-নেতান্যাহুৰ বৈঠকৰ পূৰ্বে ট্ৰাম্পে উত্তৰ কেৰ’লিনাত অনুষ্ঠিত এক সমাৱেশত কয় যে উপ-ৰাষ্ট্ৰপতিগৰাকী ইহুদী জনসাধাৰণৰ সম্পূৰ্ণ বিৰোধী ।"
হেৰিছে দীৰ্ঘদিন ধৰি ইজৰাইলৰ প্ৰতি তেওঁৰ প্ৰবল সমৰ্থনৰ কথা প্ৰকাশ কৰি আহিছে । 2017 চনৰ আৰম্ভণিতে তেওঁৰ চেনেট কেৰিয়াৰৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল ইজৰাইললৈ আৰু কাৰ্যভাৰ গ্ৰহণৰ প্ৰথমটো কাৰ্যৰ ভিতৰত এটা আছিল ইজৰাইলক নিন্দা কৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ উত্থাপন কৰা ।
হেৰিছৰ যে কমাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষমতা আছে সেই কথা প্ৰদৰ্শন কৰাৰ এক সুযোগ হৈছে নেতান্যাহুৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎকাৰটো । বাওঁপন্থী ৰাজনৈতিকসকলে কয় যে বাইডেনে নেতান্যাহুক যুদ্ধৰ অন্ত পেলাবলৈ বাধ্য কৰাবলৈ পৰ্যাপ্ত কাম কৰা নাই আৰু ৰিপাব্লিকানসকলে হেৰিছে ইজৰাইলৰ প্ৰতি আগবঢ়োৱা সমৰ্থন অপৰ্যাপ্ত বুলি ব্ৰেণ্ড কৰিবলৈ বিচাৰিছে ।

