ETV Bharat / international

যুদ্ধবিৰতিৰ প্ৰস্তাৱত সংশোধনী বিচৰাতো গ্ৰহণযোগ্য নহয় বুলি দাবী আমেৰিকাৰ - US CEASEFIRE PROPOSAL FOR GAZA

১০ জন জীৱিত পণবন্দী আৰু আন ১৮ জনৰ মৃতদেহ পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ব বুলি হামাছৰ এক বিবৃতিত উল্লেখ কৰা হৈছে ৷

US CEASEFIRE PROPOSAL FOR GAZA
যুদ্ধৰ অন্ত পেলোৱা আৰু গাজা ষ্ট্ৰিপত হামাছে ৰখা পণবন্দীসকলক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ দাবীত আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰৰ বিৰুদ্ধে টেল আভিভত প্ৰতিবাদ (AP)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 2:58 PM IST

7 Min Read

টেল আভিভ: শনিবাৰে হামাছৰ এজন শীৰ্ষ বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, হামাছে গাজাৰ বাবে আমেৰিকাৰ শেহতীয়া যুদ্ধবিৰতি প্ৰস্তাৱৰ সংশোধন বিচাৰিছে যদিও আমেৰিকাৰ দূত ষ্টিভ উইটকফে হামাছৰ সঁহাৰি ‘‘সম্পূৰ্ণ অগ্ৰাহ্য যোগ্য’’ বুলি অভিহিত কৰে ।

যুদ্ধৰ ২০ মাহ সম্পূৰ্ণ হোৱাৰ সময়তে হোৱা আলোচনাত শেহতীয়াকৈ সংঘাতৰ সৃষ্টি হৈছে আৰু গাজাত ভোকাতুৰ পেলেষ্টাইনী আৰু পণবন্দীসকলৰ আত্মীয়ৰ মাজত হতাশা বাঢ়িছে । আলোচনাৰ সংবেদনশীলতাৰ বাবে নাম প্ৰকাশ নকৰাৰ চৰ্তত হামাছৰ বিষয়াগৰাকীয়ে কয় ‘‘প্ৰস্তাৱিত সংশোধনীসমূহে আমেৰিকাৰ নিশ্চয়তা, পণবন্দীসকলক মুকলি কৰাৰ সময়, সাহায্য যোগান আৰু ইজৰাইলী বাহিনী প্ৰত্যাহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।’’ অৱশ্যে এই বিষয়ত কোনো সবিশেষ তথ্য পোৱা নগ’ল ৷

হামাছৰ এক পৃথক বিবৃতিত কোৱা হৈছে ‘‘এই প্ৰস্তাৱৰ লক্ষ্য হৈছে স্থায়ী যুদ্ধবিৰতি, গাজাৰ পৰা ইজৰাইলৰ ব্যাপক প্ৰত্যাহাৰ আৰু সাহায্যৰ নিশ্চিত প্ৰবাহ । ইয়াত কোৱা হৈছে যে ১০ জন জীৱিত পণবন্দী আৰু আন ১৮ জনৰ মৃতদেহ চুক্তিবদ্ধসংখ্যক পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ব ।’’ বৰ্তমানলৈকে ৫৮ জন পণবন্দী আছে আৰু ইজৰাইলে বিশ্বাস কৰে যে ৩৫ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ।

ইয়াৰ পৰিৱৰ্তে উইটকফে সামাজিক মাধ্যমত ৬০ দিনীয়া যুদ্ধবিৰতি চুক্তিৰ বিষয়ে বৰ্ণনা কৰিছিল, যাৰ অধীনত গাজাত জীৱিত পণবন্দীসকলৰ আধাক মুক্ত কৰাৰ লগতে মৃত্যু হোৱা লোকৰ অধিকাংশৰ মৃতদেহ ঘূৰাই পঠিওৱা হ’ব । তেওঁ হামাছক এই কাঠামোৰ প্ৰস্তাৱক আলোচনাৰ ভিত্তি হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়, যিটো অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব পাৰে বুলি তেওঁ কয় । অস্থায়ী যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ইজৰাইলৰ বিষয়াসকলে ৷ ইতিমধ্যে আলোচনাপন্থীসকল চুক্তিৰ ওচৰ চাপিছে বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

হামাছৰ শীৰ্ষ বিষয়া বাছেম নাইমে ইজৰাইলক চুক্তিবদ্ধ বিধানৰ সৈতে মতানৈক্য প্ৰকাশ কৰা আৰু আনটো পক্ষৰ প্ৰতি সম্পূৰ্ণ পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰে, যিটোৱে মধ্যস্থতাৰ নিৰপেক্ষতাক উলংঘা কৰে বুলি তেওঁ কয় । মধ্য গাজাৰ আল-বুৰেইজ শৰণাৰ্থী শিবিৰৰ এজন ব্যক্তি মোটাছিমে আলোচনা সন্দৰ্ভত কয় ‘‘আমি বিচাৰো যে ৰক্তপাত বন্ধ হওক । ভগৱানৰ শপত, আমি ক্লান্ত হৈ পৰিছো ।’’

গাজাৰ ভিতৰত বাঢ়িছে হতাশা

ইজৰাইলে কেইবামাহো ধৰি এই ভূখণ্ড অৱৰোধ কৰাৰ পিছত ক্ষুধা বৃদ্ধি পোৱাৰ লগে লগে গাজাত থকা পেলেষ্টাইনীসকলে ৭৭ খন খাদ্য পৰিবাহী ট্ৰাক অৱৰোধ কৰে বুলি ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীয়ে জনায় । ডব্লিউ এফ পিয়ে কয় যে এই সাহায্যৰ অধিকাংশই আছিল আটা ৷ যিবোৰ ট্ৰাকসমূহে গন্তব্যস্থান পোৱাৰ আগতেই লোৱা হৈছিল ।

দক্ষিণৰ চহৰ খান ইউনিছৰ এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰতিশোধৰ ভয়ত নাম প্ৰকাশ নকৰাৰ চৰ্তত এ পিক জনোৱা মতে, ‘‘ৰাষ্ট্ৰসংঘৰ কনভয়টোক অস্থায়ী বেৰিকেডত ৰখাই দিয়া হৈছিল আৰু হাজাৰ হাজাৰ হতাশগ্ৰস্ত সাধাৰণ নাগৰিকে কনভয়টোৰ কাষেৰে লৰালৰিকৈ গৈছিল ।’’

প্ৰায় তিনিমাহ ধৰি গাজাৰ অৱৰোধে ২০ লাখতকৈ অধিক জনসংখ্যাক দুৰ্ভিক্ষৰ সীমালৈ ঠেলি দিছে । যদিও ইজৰাইলে যোৱা কিছুদিনত দেশখনত কিছু সাহায্য পোৱাৰ অনুমতি দিছে, তথাপিও সাহায্য সংস্থাসমূহে কয় যে পৰ্যাপ্ত সহায় এতিয়াও লাভ কৰা নাই ।

গাজাত সাহায্যৰ সমন্বয়ৰ দায়িত্বত থকা ইজৰাইলৰ সামৰিক সংস্থা কোগাটে জনোৱা মতে, যোৱা সপ্তাহত ৫৭৯ খন ট্ৰাক সাহায্য আহিছিল । পূৰ্বৰ যুদ্ধবিৰতিৰ অধীনত প্ৰতিদিনে ৬০০ খন ট্ৰাক আহিছিল বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে, যি যুদ্ধবিৰতি ইজৰাইলে নতুনকৈ বোমা বিস্ফোৰণেৰে সমাপ্ত কৰিছিল ।

ডব্লিউ এফ পিয়ে কয় ‘‘গাজাত দুৰ্ভিক্ষৰ আশংকা অধিক । ইয়াৰ দ্বাৰা এক বিবৃতিত কোৱা হৈছে যে আমি অনাগত কেইদিনমানৰ বাবে খাদ্যৰ মজুত ৰাখিব লাগিব যাতে উদ্বেগ লাঘৱ হয় । সম্প্ৰতি ১ লাখ ৪০ হাজাৰ মেট্ৰিক টনতকৈ অধিক খাদ্য মজুত আছে, যি গাজাৰ জনসাধাৰণক দুমাহৰ বাবে যোগান ধৰিব পৰাকৈ যথেষ্ট ৷ খাদ্যসমূহ জাহাজত প্ৰেৰণ কৰিবলৈ সাজু ।’’

ৰাষ্ট্ৰসংঘই চলিত মাহৰ আৰম্ভণিতে জনাইছিল যে ইজৰাইলৰ কৰ্তৃপক্ষই ৰাফাহ আৰু খান ইউনিছৰ পূব অঞ্চলত ইজৰাইলৰ সেনাই নিয়ন্ত্ৰণ কৰা অঞ্চলৰ ভিতৰত অসুৰক্ষিত পথ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে, য’ত সশস্ত্ৰ গেং সক্ৰিয় হৈ আছে আৰু ট্ৰাক বন্ধ কৰি দিয়া হৈছে ।

আক্ৰমণ, গেং আৰু সুৰক্ষাৰ অভাৱে ৰাষ্ট্ৰসংঘৰ বিতৰণত বাধাৰ সৃষ্টি কৰিছে

এ পিয়ে দেখা নিৰাপত্তাজনিত কাণ্ডৰ বিষয়ে সহায়ক গোটসমূহৰ সৈতে ভাগ কৰা এটা আভ্যন্তৰীণ তথ্যত কোৱা হৈছে যে মে’ মাহৰ শেষৰফালে তিনিদিনৰ ভিতৰত চাৰিটা ডকাইতি সংঘটিত হৈছিল ৷

যুদ্ধৰ বাবেই পৰ্যাপ্ত সাহায্য লাভ কৰিব পৰা নাই বুলি ৰাষ্ট্ৰসংঘই কয় । আমেৰিকা আৰু ইজৰাইল সমৰ্থিত এটা নতুন ফাউণ্ডেশ্যনে এই সপ্তাহত গাজাত কাৰ্যকলাপ আৰম্ভ কৰিছে, বিশৃংখল ৰূপত কেইবাটাও স্থানত খাদ্য বিতৰণ কৰিছে ৷

ইজৰাইলে কয় যে অৱশেষত গাজা মানৱীয় ফাউণ্ডেচনে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংস্থাৰ সাহায্য অভিযানৰ ঠাই ল’ব । ইয়াত কোৱা হৈছে যে নতুন ব্যৱস্থাৰ প্ৰয়োজন, হামাছে বৃহৎ পৰিমাণৰ সাহায্য আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

জি এইচ এফে সশস্ত্ৰ ঠিকাদাৰৰ সৈতে কাম কৰে, যিসকলে খাদ্য নিৰাপদে বিতৰণ কৰিবলৈ প্ৰয়োজনীয় । সাহায্য সংগঠনসমূহে ফাউণ্ডেশ্যনে সাহায্যক সামৰিককৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । জি এইচ এফ শনিবাৰে ৩০ খন ট্ৰাক ভৰ্তি খাদ্য বিতৰণ কৰা বুলি কয় আৰু ইয়াক এতিয়ালৈকে সৰ্ববৃহৎ বিতৰণ বুলি অভিহিত কৰে ।

ইজৰাইলৰ আক্ৰমণত কমেও ৬০ জন লোকৰ মৃত্যু ঘটে

ইজৰাইলে গাজাত সামৰিক অভিযান অব্যাহত ৰাখিছে আৰু কয় যে বিগত দিনটোত কেইবা ডজনো লক্ষ্যত আক্ৰমণ কৰিছে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বিগত ২৪ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত কমেও ৬০ জন লোক নিহত হৈছে ।

মন্ত্ৰালয়ে জনোৱা মতে, শনিবাৰে পুৱা ৰাফাত ইজৰাইলৰ গুলীত তিনিজন লোক নিহত হয় । গাজা চহৰত তেওঁলোকৰ গাড়ীত খুন্দা মৰাৰ ফলত পিতৃ-মাতৃ আৰু এটা শিশুকে ধৰি তিনিজন নিহত হয় ৷ গাজা চহৰত ইজৰাইলী আক্ৰমণত আন এখন গাড়ীত খুন্দা মৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় । ইজৰাইলী আক্ৰমণত খান ইউনিছত স্থানচ্যুত লোকক আশ্ৰয় দিয়া কেম্পত আঘাত হনাত ছয়জন লোকৰ মৃত্যু হয় বুলি নাছেৰ হাস্পতালৰ মুখপাত্ৰ ৱেম ফাৰেছে জনায় ।

ইজৰাইলৰ সেনাই জনোৱা মতে, গাজাৰ পৰা কেইবাটাও প্ৰজেক্টাইল মুকলি ঠাইত পৰি যায় । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি প্ৰায় ১২০০ জন লোকৰ মৃত্যু হয়, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক আৰু ২৫০ জন পণবন্দী ।

ইজৰাইলৰ আক্ৰমণত ৫৪ হাজাৰতকৈ অধিক গাজাবাসী নিহত হৈছে, য’ত বেছিভাগেই মহিলা আৰু শিশু । পণবন্দীসকলৰ আত্মীয়ৰ এটা দলে পুনৰ এক বিস্তৃত যুদ্ধবিৰতি চুক্তিৰ দাবী জনাই, যিয়ে সকলোকে একেলগে মুক্ত কৰিব আৰু কয় যে বাকী পণবন্দীসকলে অবিৰত সামৰিক হেঁচাত বাচি থাকিব নোৱাৰিব ।

লগতে পঢ়ক: ইজৰাইল হামাছ যুদ্ধবিৰতি: শত্ৰুতা বন্ধ হ'ব নে ? - ISRAEL HAMAS CEASEFIRE DEAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.