ETV Bharat / international

হামাছৰ যুদ্ধবিৰতি-বন্দী চুক্তি; পথ প্ৰশস্ত হৈছে প্ৰথম পৰ্যায়ত ৩৩ বন্দীৰ মুক্তিৰ

২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত হামাছৰ হাতত এতিয়াও ৯৪ গৰাকী বন্দী হৈ আছে । ইয়াৰে ভিতৰত কমেও ৩৪ গৰাকীৰ মৃত্যুৰ অনুমান কৰা হৈছে ।

Hamas Israel ceasefire deal
হামাছৰ যুদ্ধবিৰতি-বন্দী চুক্তি; প্ৰথম পৰ্যায়ত ৩৩ বন্দীক মুক্তি দিয়াৰ সম্ভাৱনা (ANI)
author img

By ANI

Published : January 14, 2025 at 2:54 PM IST

4 Min Read
Choose ETV Bharat

তেল আভিভ : গাজাৰ পৰিস্থিতি সন্দৰ্ভত দোহাত আলোচনা চলি থকা যুদ্ধবিৰতি-বন্দী চুক্তিৰ প্ৰথম পৰ্যায়ত হামাছে ৩৩ গৰাকী বন্দীক মুক্তি দিব বুলি আশা কৰা হৈছে । দুগৰাকী ইজৰাইলী বিষয়াৰ উদ্ধৃতি দি চি এন এনে মঙলবাৰে এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে ।

চি এন এনৰ মতে, ইজৰাইলে বিশ্বাস কৰে যে ৩৩ গৰাকী বন্দীৰ বেছিভাগেই জীয়াই আছে । অৱশ্যে কেইগৰাকীমান মৃত বন্দীকো প্ৰাৰম্ভিক মুক্তি তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে ।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত হামাছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে এতিয়াও ৯৪ গৰাকীক বন্দী কৰি ৰাখিছে । ইয়াৰে ভিতৰত কমেও ৩৪ গৰাকীৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ।

বিভিন্ন পক্ষই এই চুক্তিখন চূড়ান্ত কৰাৰ দিশে অগ্ৰসৰ হোৱা যেন দেখা গৈছে আৰু ইজৰাইলে চুক্তিখন স্বাক্ষৰ কৰাৰ লগে লগে ইয়াক কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ।

চি এন এনৰ প্ৰতিবেদন অনুসৰি, আলোচনাৰ সৈতে জড়িত এগৰাকী কূটনীতিবিদে কয় যে মঙলবাৰে দোহাত চূড়ান্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে ।

এই মুক্তিয়ে চুক্তিৰ প্ৰথম পৰ্যায়টো কাৰ্যকৰী কৰিব । আনহাতে, যুদ্ধ সমাপ্তিৰ লক্ষ্যৰে দ্বিতীয় পৰ্যায়ৰ বাবে আলোচনা চুক্তি ৰূপায়ণৰ 16 নম্বৰ দিনত আৰম্ভ হ'ব ।

চি এন এনৰ মতে, শেহতীয়া প্ৰস্তাৱসমূহৰ ভিতৰত আছে ইজৰাইলী বাহিনীয়ে প্ৰথম পৰ্যায়ত ইজিপ্ত-গাজা সীমান্তৰ ফিলাডেলফি কৰিড'ৰত উপস্থিতি বজাই ৰখা আৰু গাজাৰ ভিতৰত এটা বাফাৰ জোনৰ আকাৰক লৈ হোৱা আলোচনাও এক বিবাদৰ বিষয় হৈ পৰিছে । যদিও হামাছে সীমান্তৰ পৰা ৩০০-৫০০ মিটাৰ অঞ্চল বিচাৰে, ইজৰাইলে ২,০০০ মিটাৰ অঞ্চল বিচাৰি আছে ।

এই পৰিকল্পনাত উত্তৰ গাজাৰ বাসিন্দাসকলক ঘূৰি আহিবলৈ অনুমতি দিয়াটোও অন্তৰ্ভুক্ত আছে । কিন্তু অনিৰ্দিষ্ট নিৰাপত্তা ব্যৱস্থাৰ সৈতে আৰু ইজৰাইলীসকলৰ হত্যাৰ সৈতে জড়িত পেলেষ্টাইনী বন্দীসকলক পশ্চিম তীৰত মুকলি কৰি দিয়া নহ'ব, কিন্তু ইয়াৰ পৰিৱৰ্তে গাজা বা আন দেশত মুকলি কৰি দিয়া হ'ব । চি এন এনে ইজৰাইলী বিষয়াৰ উদ্ধৃতি দি কয় ।

চি এন এনৰ মতে, দেওবাৰে ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদৰ সঞ্চালক ডেভিদ বাৰ্ণিয়া আৰু দোহাত মধ্যস্থতাকাৰীসকলৰ মাজত অনুষ্ঠিত বৈঠকত এই আলোচনাই সফলতা লাভ কৰে । এগৰাকী ইজৰাইলী বিষয়াই কয় যে এখন চুক্তি আসন্ন হ'ব পাৰে, কিন্তু ই প্ৰথমে ইজৰাইলৰ নিৰাপত্তা আৰু চৰকাৰী কেবিনেটৰ অনুমতিৰ মাজেৰে পাৰ হ'ব লাগিব আৰু ইয়াক উচ্চতম ন্যায়ালয়ত সম্ভাৱ্য প্ৰত্যাহ্বানৰ বাবে সময় দিব লাগিব ।

বিষয়াগৰাকীৰ উদ্ধৃতি অনুসৰি চি এন এনে কয়, "অদূৰ ভৱিষ্যতে এক চুক্তিৰ কথা আছে, কিন্তু এইটো কেইঘণ্টা বা দিনত হ'ব সেইটো কোৱাটো অসম্ভৱ ।"

অৱশ্যে আশাবাদ বৃদ্ধি পাইছে যদিও বন্দী আৰু সন্ধানহীন লোকসকলৰ পৰিয়ালৰ ফ'ৰামে ইয়াত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু সকলো বন্দীক ঘৰলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰ দাবীৰ পুনৰাবৃত্তি কৰিছে ।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত ইজৰাইলে গাজাত হামাছৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে । ইয়াৰ ফলত প্ৰায় ১,২০০ লোকৰ মৃত্যু হয় আৰু ২৫০ গৰাকী লোকক পণবন্দী কৰা হয় । তেতিয়াৰ পৰা ইজৰাইলৰ সামৰিক বাহিনীয়ে গাজাত কমেও ৪৬,৫৬৫ গৰাকী পেলেষ্টাইনী লোকক হত্যা কৰিছে আৰু ১,০০,০০০ ৰো অধিক লোক আহত হৈছে বুলি পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কেলিফ'ৰ্ণিয়া দাবানল : লছ এঞ্জেলছত ভস্মীভূত সপোনৰ ঘৰখন দেখি শোকত ম্ৰিয়মাণ বহু পৰিয়াল - CALIFORNIA WILDFIRES
লগতে পঢ়ক :দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত লেবাননত নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ - LEBANON NEW PRESIDENT