ETV Bharat / international

ইৰাণৰ হাতত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে; G-7 নেতাসকলৰ দাবী

এক বিবৃতিত নেতাসকলে ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে ।

Iran Israel tensions
ইৰাণৰ ক্ষেপনাস্ত্ৰৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হোৱা এক আৱাসিক অঞ্চলত স্থানীয় ইজৰাইলী আৰক্ষী (AP)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 12:19 PM IST

2 Min Read
Choose ETV Bharat

কানানাস্কিছ (কানাডা) : সম্প্ৰতি মধ্যপ্ৰাচ্যত অস্থিৰতাই বিৰাজ কৰিছে । ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাতে এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে । আনহাতে, ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে মঙলবাৰে জি-৭ দেশৰ নেতাসকলে অঞ্চলটোত শত্ৰুতা হ্ৰাস কৰাৰ আহ্বান জনাইছে ।

সোমবাৰে কানাডাৰ কানানাস্কিছত আৰম্ভ হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ পৰা জাৰি কৰা এক বিবৃতিত নেতাসকলে ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে । ইৰাণক আঞ্চলিক অস্থিৰতা আৰু সন্ত্ৰাসৰ প্ৰধান উৎস বুলি অভিহিত কৰি বিবৃতিটোৱে দৃঢ়তাৰে কয়, ‘‘ইজৰাইলে নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে’’ ।

বিবৃতিটোত কোৱা হৈছে, "আমি ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমাৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছো । আমি সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ ওপৰতো দৃঢ়তাৰে গুৰুত্ব আৰোপ কৰিছো । ইৰাণ হৈছে আঞ্চলিক অস্থিৰতা আৰু সন্ত্ৰাসৰ প্ৰধান উৎস । আমি ধাৰাবাহিকভাৱে স্পষ্টভাৱে কৈ আহিছো যে ইৰাণৰ হাতত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে ।"

নেতাসকলে লগতে আশা কৰে- “ইৰাণৰ সংকটৰ সমাধানৰ ফলত গাজাত যুদ্ধবিৰতিকে ধৰি মধ্যপ্ৰাচ্যত শত্ৰুতা বিস্তৃতভাৱে হ্ৰাস পাব ৷” বিবৃতিটোত কোৱা হৈছে, "আমি আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰৰ ক্ষেত্ৰত পৰিব পৰা ইয়াৰ প্ৰভাৱৰ প্ৰতি সজাগ হৈ থাকিম আৰু বজাৰৰ স্থিতিশীলতা ৰক্ষাৰ বাবে সমমনস্ক অংশীদাৰসকলৰ সৈতেও সমন্বয় স্থাপন কৰিবলৈ সাজু হৈ থাকিম ।"

ইফালে ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জি-৭ শীৰ্ষ সন্মিলনৰ বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া তেওঁৰ সময়সূচী কৰ্তন কৰি কানাডা ভ্ৰমণৰ পৰা এদিন পূৰ্বে ৱাশ্বিংটন ডি চিলৈ উভতি যায় । হোৱাইট হাউছে ঘোষণা কৰে যে তেওঁ ‘‘মধ্যপ্ৰাচ্যত চলি থকা ঘটনাৱলী’’ৰ সৈতে মোকাবিলা কৰিবলৈ সোনকালে উভতি আহিছে ।

লগতে পঢ়ক :মিছাইল আক্ৰমণৰে ইজৰাইলক প্ৰত্যুত্তৰ তেহৰাণৰ; ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু - ISRAEL IRAN WAR
লগতে পঢ়ক :ইৰাণৰ শীৰ্ষ নেতা খামেনেইক হত্যাৰ পৰিকল্পনা নাকচ কৰিছিল ট্ৰাম্পে - ISRAELI PLAN TO KILL KHAMENEI