ETV Bharat / international

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ - Bangladesh violence

Ex PM Khaleda Zia Released : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৭৮ বছৰীয়া খালিদা জিয়া নিজৰ স্বাস্থ্যজনিত কাৰণত বাবে চিকিৎসালয়তে বন্দী হৈ আছে । 2018 চনত দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিচত তেওঁক 17 বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

Ex PM Khaleda Zia Released
প্ৰাক্তন প্ৰধানমন্ত্ৰী খালিদা জিয়া (ANI Photo)
author img

By ANI

Published : August 6, 2024 at 2:12 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৬ আগষ্ট : গণ অভ্যুত্থান আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিচত দ্ৰুতগতিত পট পৰিৱৰ্তন হৈছে বাংলাদেশৰ পৰিস্থিতিৰ । তাৰেই অংশ হিচাপে শ্বেখ হাছিনাক উৎখাত কৰাৰ পিচত দেশৰ পৰা পলায়ন কৰাৰ কেইঘণ্টামান পিচতে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ বিশিষ্ট বিৰোধী নেত্ৰী খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰে । আল জাজিৰাৰ বাতৰিত এই কথা প্ৰকাশ ।

সোমবাৰে এক বিবৃতিত ৰাষ্ট্ৰপতিৰ প্ৰেছ বিভাগে কয় যে চাহাবুদ্দিনৰ নেতৃত্বত এখন বৈঠকত 'বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (বি এন পি) অধ্যক্ষ বেগম খালেদা জিয়াক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ সৰ্বসন্মত সিদ্ধান্ত লোৱা হৈছে' ।

ৰাষ্ট্ৰপতিৰ বিবৃতিত লগতে কোৱা হৈছে, "ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা সকলো লোকক মুক্ত কৰাৰ সিদ্ধান্তও বৈঠকত লোৱা হৈছে ।" ৰাষ্ট্ৰপতিৰ বৈঠকত বাংলাদেশ নেচনেল পাৰ্টী (বি এন পি) আৰু জামাত-ই-ইছলামীকে ধৰি বিভিন্ন বিৰোধী দলৰ বিশিষ্ট নেতাসকলৰ লগতে নৌ-সেনা আৰু বায়ুসেনাৰ মুৰব্বী সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানো উপস্থিত থাকে ।

উল্লেখ্য যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৭৮ বছৰীয়া খালিদা জিয়া নিজৰ স্বাস্থ্যজনিত কাৰণত বাবে চিকিৎসালয়তে বন্দী হৈ আছে । 2018 চনত দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিচত তেওঁক 17 বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছিল ।

আল জাজিৰাৰ মতে, জিয়া আৰু হাছিনাৰ মাজত বিবাদ দীৰ্ঘদিনীয়া । জিয়াই নিজৰ পদবীৰ অপব্যৱহাৰ কৰি অনাথ আশ্ৰমৰ বাবে এটা ট্ৰাষ্টৰ কাৰণে আৱণ্টন কৰা প্ৰায় ২,৫০,০০০ আমেৰিকান ডলাৰ অনুদান আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । আনহাতে, বি এন পিয়ে দাবী কৰে যে জিয়াক ৰাজনীতিত প্ৰৱেশ কৰাত বাধা দিবলৈ এই গোচৰবোৰ সৃষ্টি কৰা হৈছিল; অৱশ্যে হাছিনাৰ প্ৰশাসনে এই দাবীসমূহ খণ্ডন কৰে ।

ইফালে যোৱা মাহৰ পৰা চৰকাৰী চাকৰিৰ কোটাৰ বিৰুদ্ধে প্ৰতিবাদ সৰ্বাত্মক হৈ পৰাত 2,000 ৰো অধিক লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । তাৰ সমান্তৰালভাৱে প্ৰতিবাদবোৰো অধিক মাত্ৰাত হয় আৰু হাছিনাৰ পদত্যাগৰ দাবী দেশজুৰি তীব্ৰতৰ হৈ পৰে ।

লগতে পঢ়ক :আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis
লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ ব্ৰিটেইনৰ - Bangladesh crisis