ETV Bharat / international

ফ্ল'ৰিডা বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনাত নিহত ২, আহত ৫ - FLORIDA UNIVERSITY SHOOTING CASE

মাতৃৰ নামত অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে গুলীচালনা এজন ২০ বছৰীয়া যুৱকৰ ।

Florida University shooting case
বিশ্ববিদ্যালয়খনত পহৰাৰত এজন নিৰাপত্তাৰক্ষী (ANI)
author img

By ANI

Published : April 18, 2025 at 8:43 AM IST

3 Min Read

ফ্ল'ৰিডা : ফ্ল'ৰিডা ৰাজ্যিক বিশ্ববিদ্যালয়ত সংঘটিত এক গুলীচালনাৰ ঘটনাত দুজন লোক নিহত হোৱাৰ উপৰি আন পাঁচজন লোক আহত হয় । চি এন এনৰ বাতৰি অনুসৰি, বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) আমেৰিকাৰ টালাহাছিস্থিত বিশ্ববিদ্যালয়খনত এই ঘটনা সংঘটিত হয় । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ওচৰত এজন ২০ বছৰীয়া যুৱকে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে ।

আনহাতে, টালাহাচি আৰক্ষী প্ৰধান লৰেন্স ৰেভেলে এক সংবাদমেলত কয় যে অভিযুক্তই আৰক্ষীৰ আদেশ পালন নকৰাত তেওঁৰ ওপৰত গুলীচালনা কৰা হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ৰেভেলে লগতে কয় যে সন্দেহজনক আক্ৰমণকাৰীয়ে বিষয়াসকলৰ ওপৰত গুলীচালনা কৰিছিল বুলি মনে নধৰে ।

লিয়ন কাউণ্টিশ্বেৰিফ ৱাল্টাৰ এ মেকনেইলে এক সংবাদমেলত কয়, "সন্দেহজনক আক্ৰমণকাৰীক ২০ বছৰীয়া ফিনিক্স ইকনাৰ বুলি চিনাক্ত কৰা হৈছে । তেওঁ লিয়ন কাউণ্টি শ্বেৰিফৰ উপ সভাপতিৰ পুত্ৰ ।"

বন্দুকধাৰীজনে মাতৃৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ ব্যৱহাৰ কৰিছিল । কৰ্তৃপক্ষই তেওঁৰ পৰা এটা হেণ্ডগান উদ্ধাৰ কৰে । আনহাতে, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এটা শ্বটগান উদ্ধাৰ হোৱাৰ লগতে আক্ৰমণকাৰীৰ বাহনৰ পৰা আন এটা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হয় ।

"দুৰ্ভাগ্যবশতঃ তেওঁৰ পুত্ৰৰ (শ্বেৰিফৰ উপ-সভাপতিৰ পুত্ৰ) হাতত মাতৃৰ অনুজ্ঞাপত্ৰ থকা এটা অস্ত্ৰ আছিল আৰু ঘটনাস্থলীত উদ্ধাৰ হোৱা অস্ত্ৰবোৰৰ ভিতৰত সেইটোও এটা আছিল ।" মেকনেইলে কয় ।

আনহাতে, ফ্ল'ৰিডা ৰাজ্যিক বিস্ববিদ্যালয়ৰ সভাপতি ৰিচাৰ্ড মেককুলোৱে ইয়াক এক কৰুণ দিন বুলি অভিহিত কৰি কয়, "অস্ত্ৰটো কেনেকৈ ব্যৱহাৰ কৰা হৈছিল আৰু আন কি কি অস্ত্ৰ-শস্ত্ৰ আছিল সেই বিষয়ে আমি অনুসন্ধান অব্যাহত ৰাখিছো ।" চি এন এনৰ প্ৰতিবেদনত প্ৰকাশ ।

এক সংবাদমেলত তেওঁ কয়, "আজি আমাৰ চৌহদত সংঘটিত হিংসাত্মক ঘটনাটোৰ বাবে আমি সম্পূৰ্ণৰূপে ব্যথিত হৈছো ।" আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিছত বিশ্ববিদ্যালয়খনে শুকুৰবাৰলৈ সকলো শ্ৰেণী, অনুষ্ঠান আৰু অন্যান্য কাৰ্যকলাপ বাতিল কৰাৰ কথা ঘোষণা কৰে ।

আনহাতে, অত্যাৱশ্যকীয় কৰ্মচাৰীসকলক তেওঁলোকৰ ছুপাৰভাইজাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ কোৱা হৈছে । ইয়াৰ উপৰি সপ্তাহটোৰ অন্তত টালাহাছিত অনুষ্ঠিত হ'বলগীয়া পূৰ্বনিৰ্ধাৰিত সকলো এথলেটিক ইভেণ্টো বাতিল কৰা হৈছে । ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে তেওঁক এই গুলীচালনাৰ ঘটনাৰ বিষয়ে অৱগত কৰোৱা হৈছে ।

"মোক টালাহাচিৰ ফ্ল'ৰিডা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গুলীচালনাৰ ঘটনাৰ বিষয়ে জনোৱা হৈছে । এই ঘটনা লজ্জাজনক আৰু গৰিহণাৰ যোগ্য । ভয়ংকৰ কথা, ভয়ংকৰ কথা যে এনেধৰণৰ ঘটনাও সংঘটিত হয় ।" ট্ৰাম্পে অভেল অফিচত সাংবাদিকৰ আগত কয় ।

আনহাতে, হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰোলিন লিয়াভিটে এক বিবৃতিত কয় যে প্ৰশাসনে পৰিস্থিতি সম্পূৰ্ণ সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে । "ফ্ল'ৰিডা ষ্টেট ইউনিভাৰ্চিটীত সংঘটিত গুলীচালনাৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰা হৈছে আৰু হোৱাইট হাউছে সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।" তেওঁ কয় ।

লগতে পঢ়ক :ফ্ল'ৰিডাৰ বিমান দুৰ্ঘটনাত তিনিজনৰ মৃত্যু - US PLANE CRASH
লগতে পঢ়ক :নাইটক্লাব ট্ৰেজেডী; ভৱনৰ চাল খহি পৰি ৭০ৰো অধিক লোকৰ মৃত্যু - DOMINICA NIGHTCLUB TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.