ETV Bharat / international

ইজৰাইলক গতালে গাজাৰ পৰা অহা প্ৰথম সাতগৰাকী পণবন্দীক, সৰ্বত্ৰে হৰ্ষোল্লাস

ইজৰাইলৰ সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে এই খবৰ ৷

ISRAEL HAMAS WAR
ৰে’ম সামৰিক ঘাটিৰ পৰা উৰা মৰা ইজৰাইলৰ হেলিকপ্টাৰৰ দৃশ্য (ANI)
author img

By ANI

Published : October 13, 2025 at 2:19 PM IST

3 Min Read
Choose ETV Bharat

টেল আভিভ: উত্তৰ গাজাত ৰেডক্ৰছে জীৱিত অৱস্থাত থকা ২০ গৰাকী পণবন্দীৰ মাজৰ সাতগৰাকীক প্ৰথমে ইজৰাইলী সেনাক গতাই দিছে ৷ এই খবৰ প্ৰকাশ কৰিছে আই 24 নিউজ ইজৰাইল নামৰ এটা সংবাদ মাধ্যমে ৷ টাইমছ অৱ ইজৰাইলৰ মতে, পণবন্দী চৌহদত এই খবৰ শুনাৰ পিছত হৰ্ষোল্লাসৰ সৃষ্টি হয় ।

খবৰ অনুসৰি, ইতিমধ্যে গতাই দিয়া পণবন্দী ৭ গৰাকীৰ ভিতৰত আছে ক্ৰমে - গালি আৰু জিভ বাৰ্মান, মটন এংৰেষ্ট, এলন অহেল, ওমৰি মিৰাণ, আইটান ম’ৰ আৰু গাই গিলব’য়া-ডাল্লাল । হিব্ৰু সংবাদ মাধ্যমৰ মতে, গোটটোৰ চমু মানসিক মূল্যায়ন কৰা হ’ব ।

টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, সোমবাৰে পুৱা হামাছে দুবছৰীয়া বন্দীত্বৰ অন্তত ৰক্ষা পৰা ২০ জনীয়া পণবন্দীৰ এটা দলক মুকলি কৰি দিবলৈ সাজু হোৱাৰ সময়তে ইজৰাইলৰ বিভিন্ন ঠাইত ভিৰৰ সৃষ্টি হয় । পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমৰ্থকসকলে আবেগিক হৈ ৰাজপথ, ৰাজহুৱা চৌহদ আৰু সামৰিক ঘাটিত শাৰী পাতি আপোনজন ঘৰলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছিল ।

টেল আভিভৰ পণবন্দী চৌহদত আৰু গাজা সীমান্তৰ সমীপৰ দক্ষিণ ইজৰাইলৰ পথৰ কাষত শতাধিক লোকে পতাকা উৰুৱাই আৰু পণবন্দীসকলৰ ফটো হাতত লৈ সমবেত হৈছিল । পণবন্দীসকলৰ প্ৰথমটো দলক অতি শীঘ্ৰে উত্তৰ গাজাৰ ৰেডক্ৰছক গতাই দিয়া হ’ব বুলি খবৰ ওলোৱাৰ লগে লগে এক মিশ্ৰিত আবেগিক পৰিৱেশৰ সৃষ্টি হৈছিল ৷

চেনেল ১২ ৰ উদ্ধৃতি দি টাইমছ অৱ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি আজি মুকলি হ’বলগীয়া পণবন্দীসকলৰ ভিতৰত অন্যতম ইভ্যাটাৰ ডেভিদৰ বন্ধুসকলে তেওঁৰ ছবি ছপা কৰা চাৰ্ট পিন্ধি সুৰাৰ শ্বট লৈ এই মুহূৰ্তটো স্মৰণীয় কৰি তোলে ৷ আন এজন পণবন্দী মটন এংৰেষ্টৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলেও উদ্বিগ্নভাৱে হাইফাৰ উপকণ্ঠ অঞ্চলত ৰৈ থকা দেখা গৈছিল ৷

মুকলি কৰি দিয়া পণবন্দীসকলক ষ্ট্ৰীপৰ পৰা ৰেইমছৰ ওচৰৰ সামৰিক কেন্দ্ৰলৈ নিয়া হ’ব ৷ তাত তেওঁলোকৰ প্ৰাৰম্ভিক স্বাস্থ্য আৰু মানসিক পৰীক্ষা কৰা হ’ব আৰু তাৰপিছত পৰিয়ালৰ লোকসকলৰ সৈতে মিলিত হ’ব ৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সোমবাৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহু আৰু পত্নী ছাৰাই পণবন্দীসকলৰ বাবে লিখা ব্যক্তিগত বাৰ্তাসমূহ তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰে । বাৰ্তাটোত এনেদৰে উল্লেখ আছে, ‘‘ইজৰাইলৰ সকলো জনসাধাৰণৰ হৈ পুনৰ স্বাগতম ! আমি আপোনালোকৰ বাবে অপেক্ষা কৰি আহিছো । আমি আপোনালোকক আঁকোৱালি লৈছো । ছাৰা আৰু বেঞ্জামিন নেতান্য়াহু ৷’’

টেল আভিভৰ পণবন্দী চ’কত ক্ৰমাৎ বৃদ্ধি পোৱা ভিৰৰ মাজতে পণবন্দীসকলৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে হোছানা ৰাব্বা সেৱাত বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে এটা দলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰূপৰেখা প্ৰস্তুত কৰা চুক্তিৰ অংশ হিচাপে ইজৰাইলে দেশখনৰ পণবন্দীসকলৰ বিনিময়ত প্ৰায় ২০০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব ৷ সমান্তৰালকৈ একাংশ অঞ্চলত ভয়াৱহ খাদ্যৰ নাটনি আৰু দুৰ্ভিক্ষৰ সন্মুখীন হোৱা গাজাক তাৎক্ষণিকভাৱে সম্পূৰ্ণ সাহায্য প্ৰদান কৰিব ৷

লগতে পঢ়ক: পণবন্দী-কাৰাবন্দীসকলৰ মুক্তিৰ অপেক্ষাত ইজৰাইল আৰু গাজা