ETV Bharat / international

লণ্ডনত ভাৰতৰ বিকাশ আৰু সুযোগ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ বিত্তমন্ত্ৰী সীতাৰমণৰ

বিত্তমন্ত্ৰী সীতাৰমণে ব্ৰিটেইন আৰু ভাৰতৰ মাজত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

FM Sitharaman UK Visit
বৈঠকত বিত্ত মন্ত্ৰী সীতাৰমণ আৰু প্ৰুডেন্সিয়েলৰ অধ্যক্ষ তথা অন্য়ান্যসকল (ANI)
author img

By ANI

Published : April 8, 2025 at 8:12 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : চলিত ব্ৰিটেইন ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বীমা আৰু সম্পদ ব্যৱস্থাপনা কোম্পানী প্ৰুডেন্সিয়েলৰ অধ্যক্ষ শ্ৰীতি ভাদেৰাৰ সৈতে লণ্ডনত এক বৈঠকত মিলিত হয় ।

উক্ত বৈঠকত বিত্তমন্ত্ৰী সীতাৰমণে এফ ডি আই আঁচনিৰ সংস্কাৰৰ ফলত ভাৰতত বীমা খণ্ডৰ বিকাশৰ কথা উল্লেখ কৰে । লগতে স্বাস্থ্য বীমা আৰু অন্যান্য সামগ্ৰীৰ উপৰি পুনৰ্বীমা আৰু তৃতীয় পক্ষৰ বীমাৰ ওপৰত গুৰুত্ব প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সীতাৰমণে গুজৰাটৰ জি আই এফ টি চিটিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰত থকা সুযোগৰ বিষয়ে ভাদেৰাক অৱগত কৰায় । লগতে তাত উপলব্ধ পৰিৱেশতন্ত্ৰৰ সৈতে প্ৰুডেন্সিয়েলক গভীৰ সম্পৰ্ক স্থাপন কৰিবলৈ উৎসাহিত কৰে । ইয়াৰ ভিতৰত আছে এক বিশ্বজনীন পুনৰ্বীমা সেৱা । লগতে ভাৰতত বিনিয়োগৰ বাবে গোলকীয় পুঁজি ব্যৱস্থাপনাৰ বাবে গিফ্ট চিটি সেৱাসমূহৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনায় ।

বৈঠকৰ পিছত বিত্ত মন্ত্ৰণালয়ে তেওঁৰ এক্স প্লেটফৰ্মত লিখিছে যে ভাদেৰাই তেওঁক ভাৰতৰ স্বাস্থ্য বীমা ক্ষেত্ৰত প্ৰুডেন্সিয়েলৰ আগন্তুক উদ্যোগৰ বিষয়ে অৱগত কৰায় আৰু ভাৰতত বিনিয়োগ আৰু পুঁজি ব্যৱস্থাপনাৰ সুযোগ অন্বেষণৰ বাবে জি আই এফ টি চিটিৰ সৈতে অধিক জড়িত হোৱাৰ বিষয়ে উল্লেখ কৰে ।

সীতাৰমণে ব্ৰিটেইন আৰু ভাৰতৰ মাজত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । বিশেষকৈ ব্যৱসায় আৰু বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয় । লগতে ব্যক্তিগত ইকুইটি আৰু ভেন্সাৰ কেপিটেল বিনিয়োগ, সম্পদ ব্যৱস্থাপনা আৰু বিত্তীয় সেৱা আৰু বীমাকে ধৰি বিষয়বোৰক প্ৰাধান্য দিয়া হয় ।

আলোচনাকালত শেহতীয়া বাজেট ঘোষণাৰ বিষয়েও আলোচনা কৰা হয় । ইয়াৰ ভিতৰত আছে ভাৰতৰ গোলকীয় সামৰ্থ্য কেন্দ্ৰসমূহৰ সম্প্ৰসাৰণত সহায় কৰা ।

উল্লেখ্য যে বিত্তমন্ত্ৰী সীতাৰমণে সোমবাৰে ব্ৰিটেইন আৰু অষ্ট্ৰিয়ালৈ তেওঁৰ চৰকাৰী ভ্ৰমণসূচী আৰম্ভ কৰিছে । তেওঁৰ এই ভ্ৰমণসূচী ১৩ এপ্ৰিলত সামৰণি পৰিব ।

বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, তেওঁ মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে । বিত্ত মন্ত্ৰীয়ে ভাৰত-ব্ৰিটেইন অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাৰ ত্ৰয়োদশ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু ব্ৰিটেইন আৰু অষ্ট্ৰিয়াৰ থিংক টেংক, বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলৰ সৈতে মিলিত হ'ব ।

ভাৰত-ব্ৰিটেইন অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাৰ ত্ৰৈমাসিক পৰ্যায় বুধবাৰে লণ্ডনত অনুষ্ঠিত হ'ব । ত্ৰৈমাসিক ই এফ ডি আলোচনাৰ সহ-সভাপতিত্ব কৰিব বিত্তমন্ত্ৰী আৰু ইউ কে চান্সেলৰ অব একচেকাৰে ।

লগতে পঢ়ক :শ্বেয়াৰ বজাৰত কিছু সুস্থিৰতা; ছেনছেক্স ৯০০ পইণ্ট, নিফটি 22,400 পইণ্টলৈ বৃদ্ধি - STOCK MARKET UPDATE
লগতে পঢ়ক :ক'ত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ ? - LARGEST FRUIT MARKET IN INDIA