ETV Bharat / international

এয়া দুখৰ ঈদ: পেলেষ্টাইনীসকলৰ বাবে ঈদ উদযাপনৰ নাই কোনো বিশেষ কাৰণ

ৰমজানৰ ৰোজাৰ অন্ত পৰাৰ দিনা উদযাপিত হয় ঈদ উল-ফিটৰ ৷ ভাঙি পেলোৱা মছজিদৰ বাহিৰতে নামাজ পঢ়ে বহুজনে ।

EID IN GAZA
দেওবাৰে গাজা ষ্ট্ৰিপৰ ডেইৰ আল বালাহত ঈদৰ নামাজত অংশগ্ৰহণ কৰে পেলেষ্টাইনীসকলে (AP Photo)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 5:50 PM IST

3 Min Read
Choose ETV Bharat

ডেইৰ আল-বালাহ: গাজা ষ্ট্ৰিপৰ পেলেষ্টাইনীসকলৰ বাবে ঈদ উদযাপনৰ বাবে নাছিল কোনো বিশেষ কাৰণ ৷ তেওঁলোকৰ খাদ্য যোগান দ্ৰুতগতিত কমি অহাৰ লগতে ইজৰাইল-হামাছ যুদ্ধৰ কোনো অন্ত পৰা দেখা নগ’ল ৷ বিপৰীতে উৎসৱমুখৰ হ’বলগা মুছলমানসকলৰ এই দিনটোত সকলোৱে বন্ধ পালন কৰে ৷

ৰমজানৰ ৰোজা মাহৰ অন্ত পৰাৰ দিনা পালন কৰা হয় ঈদ উল-ফিটৰ ৷ এই বন্ধৰ দিনটোত ভাঙি পেলোৱা মছজিদৰ বাহিৰত বহুতে নামাজ পঢ়ে । স্বাভাৱিকতে এয়া এটা আনন্দৰ অনুষ্ঠান হোৱা উচিত, যেতিয়া পৰিয়ালবোৰে ভোজৰ বাবে গোট খায় আৰু শিশুৰ বাবে নতুন কাপোৰ ক্ৰয় কৰে — কিন্তু গাজাৰ ২০ লাখ পেলেষ্টাইনীসকলৰ অধিকাংশই বৰ্তমান সময়ত কেৱল জীয়াই থাকিবলৈ চেষ্টা কৰিছে ।

EID IN GAZA
দেওবাৰে গাজা ষ্ট্ৰিপৰ ডেইৰ আল-বালাহত ঈদৰ নামাজত অংশগ্ৰহণ কৰে পেলেষ্টাইনীসকলে (AP Photo)

কেন্দ্ৰীয় চহৰ ডেইৰ আল-বালাহত বাহিৰৰ নামাজত অংশগ্ৰহণ কৰাৰ পিছত আদেল আল শ্বেয়াৰে কয়, "এয়া দুখৰ ঈদ । আমি আমাৰ আপোনজনক, আমাৰ সন্তান, আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যৎ হেৰুৱালো । আমি আমাৰ ছাত্ৰ-ছাত্ৰী, আমাৰ বিদ্যালয় আৰু আমাৰ প্ৰতিষ্ঠান হেৰুৱালো । আমি সকলো হেৰুৱালো ৷"

মাত্ৰ কেইদিনমান পূৰ্বে ইজৰাইলী আক্ৰমণত তেওঁৰ বৃহৎ পৰিয়ালৰ ২০ জন সদস্য নিহত হয়, য’ত মাত্ৰ কেইদিনমান পূৰ্বে জন্মলাভ কৰা চাৰিটা কণমানি ভতিজা থকা বুলি তেওঁ কয় ।

ইজৰাইলে হামাছৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলাই চলিত মাহৰ আৰম্ভণিতে যুদ্ধ আৰম্ভ কৰিছিল, যেতিয়া উগ্ৰপন্থী সংগঠনটোৱে জানুৱাৰী মাহত হোৱা চুক্তিৰ পৰিৱৰ্তন মানি ল’বলৈ অস্বীকাৰ কৰিছিল । ইজৰাইলৰ আক্ৰমণত শ শ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে আৰু ইজৰাইলে চাৰি সপ্তাহ ধৰি কোনো ধৰণৰ খাদ্য, ইন্ধন বা মানৱীয় সাহাৰ্য প্ৰৱেশ কৰিবলৈ দিয়া নাই ।

আন এজন উপাসক ছাইদ আল-কৌৰ্দে কয়, "হত্যা, স্থানচ্যুতি, ভোক সকলোৱে আৱৰি ধৰিছে ৷ আমি ল'ৰা-ছোৱালীক সুখী কৰাৰ উদ্দেশ্যে ঈশ্বৰৰ উপাসনা কৰিবলৈ যাওঁ, কিন্তু ঈদৰ আনন্দৰ কথা ক'বলৈ গ'লে ? ঈদ নাই ৷"

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত উগ্ৰপন্থীয়ে ইজৰাইলত আক্ৰমণ চলাই প্ৰায় ১২০০ লোকক হত্যা কৰাৰ লগতে ২৫১ জন লোকক পণবন্দী কৰি লৈছিল । বাকীসকলৰ অধিকাংশই যুদ্ধবিৰতি বা অন্যান্য চুক্তিত মুকলি কৰি দিয়াৰ পিছতো হামাছে এতিয়াও ৫৯ জন বন্দীক আবদ্ধ কৰি ৰাখিছে ৷ ইয়াৰে ২৪ জন লোক জীয়াই থকা বুলি ধাৰণা কৰা হৈছে ।

ইজৰাইলৰ আক্ৰমণত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷ ইজৰাইলে কয় যে, তেওঁলোকে প্ৰায় ২০ হাজাৰ উগ্ৰপন্থীক হত্যা কৰিছে (প্ৰমাণ নিদিয়াকৈ) ।

ইজৰাইলৰ বোমাবৰ্ষণ আৰু স্থলভাগৰ অভিযানে গাজাৰ বিশাল অঞ্চল ধ্বংস কৰিছে আৰু প্ৰায় ৯০% লোকক স্থানচ্যুত কৰিছে ।

লগতে পঢ়ক: ভূঁইকঁপৰ ধ্বংসলীলা; ম্যানমাৰত মৃত্যু সংখ্যা বৃদ্ধি, বিদ্ৰোহীৰ যুদ্ধবিৰতি ঘোষণা - MYANMAR EARTHQUAKE