নিউজ ডেস্ক: বিশ্বত সঘনে আহিবলৈ ধৰিছে ভূমিকম্প । শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পত বহু লোকৰ মৃত্যু হৈছে । দুদিন পূৰ্বে নেপালতো হৈছে ভূমিকম্প । এইবাৰ তিব্বত, আফগানিস্তানৰ কাবুল আৰু বাংলাদেশত ভূমিকম্পৰ জোকাৰণি ।
তিব্বতত ধাৰাবাহিক ভূমিকম্প
নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীৰ মতে বুধবাৰে পুৱা ৩:৫০ বজাত (ভাৰতীয় সময়মতে) ৰিখটাৰ স্কেলত ৪.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল তিব্বত । ভূমিকম্পৰ কেন্দ্ৰস্থল ২৬ কিলোমিটাৰ গভীৰতাত আছিল ৷ এন চি এছে উল্লেখ কৰিছে যে ভূমিকম্পটো অক্ষাংশ ২৭.৮৭ উত্তৰ আৰু দ্ৰাঘিমাংশ ৮৭.৬৫ পূবত সংঘটিত হয় । ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা ১১:০১ বজাত (ভাৰতীয় সময়মতে) ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল তিব্বতক । এন চি এছে এক বিবৃতিত কৈছে যে ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ১০ কিলোমিটাৰ গভীৰতাত । সোমবাৰে নিশাও ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্যৰ আন এক ভূমিকম্প তিব্বতত ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল । ধাৰাবাহিকভাৱে অহা ভূমিকম্পই এতিয়া তিব্বতত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এয়া কোনো ডাঙৰ ভূমিকম্পৰ আগজাননী বুলিও বহুতে সন্দেহ কৰিছে । অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ তথ্য জানিব পৰা হোৱা নাই ।
আফগানিস্তানত ভূমিকম্প
নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানতো ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । বুধবাৰে ভাৰতীয় সময় মতে পুৱা ৪:৪৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে কাবুলবাসীয়ে । এন চি এছে এক্সৰ এটা পোষ্টত উল্লেখ কৰিছে ভূমিকম্পৰ উৎপত্তিস্থল অক্ষাংশ ৩৫.৮৩ উত্তৰ, দ্ৰাঘিমাংশ ৭০.৬০ পূৱত আছিল । ইফালে ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু হিন্দুকুশৰ ৭৫ কিলোমিটাৰ গভীৰতাত আছিল ।
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ৰ (ইউ এন অ' চি এ) মতে আফগানিস্তান বান, ভূমিস্খলন আৰু ভূমিকম্পকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি অত্যন্ত অসুৰক্ষিত হৈ আছে । আফগানিস্তানত সঘনাই হোৱা এনেধৰণৰ ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত দৰিদ্ৰ সম্প্ৰদায়সমূহৰ ক্ষতি হৈছে । কেইবা দশক ধৰি এই সম্প্ৰদায়বোৰে সংঘাত আৰু ধ্বংসলীলাৰ সৈতে যুঁজি আছে । এনে পৰিস্থিতিত পুনৰ কোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সঁচাকৈয়ে অক্ষম ।
ৰেডক্ৰছৰ মতে আফগানিস্তানত শক্তিশালী ভূমিকম্পৰ ইতিহাস আছে আৰু হিন্দুকুশ পৰ্বতমালা হৈছে এক ভূতাত্ত্বিকভাৱে সক্ৰিয় এলেকা য'ত প্ৰতি বছৰে ভূমিকম্প হয় । ভাৰত আৰু ইউৰেচিয়ান টেকটনিক প্লেটৰ মাজত অসংখ্য ত্ৰুটি ৰেখাত আফগানিস্তান আছে ।
বাংলাদেশত ভূমিকম্প
তিব্বত আৰু আফগানিস্তানৰ সমান্তৰালকৈ বাংলাদেশতো ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা এক মৃদু ভূমিকম্পই জোকাৰি গ'ল ভাৰতৰ চুবুৰীয়া দেশখন । এন চি এছৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত ২.৯ প্ৰাবল্যৰ ভূমিকম্প হৈছে । ভাৰতীয় সময় অনুসৰি পুৱা ০৫:০৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পটোৰ উৎপত্তিস্থল অক্ষাংশ ২৪.৮৯ উত্তৰ আৰু দ্ৰাঘিমাংশ ৯১.১৬ পূৱ । ভূগৰ্ভৰ প্ৰায় ১৪ কিলোমিটাৰত ইয়াৰ কেন্দ্ৰবিন্দু আছিল বুলি এন চি এছে নিশ্চিত কৰিছে । এন চি এছৰ তথ্য অনুসৰি ১১ এপ্ৰিলতো ৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল বাংলাদেশ ।
লগতে পঢ়ক :ভূমিকম্পৰ জোকাৰণি অনুভূত, ৰিখটাৰ স্কেলত প্ৰাবল্য় ৪.০ - EARTHQUAKE