মাজ নিশা ৬.১ প্ৰবল্যৰ ভূঁইকঁপে জোকাৰি গ’ল নেপালক
মাজনিশা কঁপি উঠিল নেপাল ৷ শুকুৰবাৰে পুৱতি নিশা ৬.১ প্ৰবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় নেপালত ৷

By ANI
Published : February 28, 2025 at 7:22 AM IST
কাঠমাণ্ডু : মাজনিশা আকৌ হঠাতে কঁপি উঠিল ধৰিত্ৰী ৷ সকলোৰে মাজত সৃষ্টি হ’ল এক আতংকময় পৰিৱেশৰ ৷ জানিব পৰা মতে, এইবাৰৰ ভূমিকম্পৰ স্থান নেপাল ৷
শুকুৰবাৰে পুৱা নেপালত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত হয় । ভূমিকম্পৰ কেন্দ্ৰবিন্দু হিমালয়ৰ মধ্য অঞ্চলৰ সিন্ধুপালচৌক জিলাত বুলি জানিব পৰা গৈছে ।
নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰই নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে যে শুকুৰবাৰে পুৱা প্ৰায় ২:৫১ বজাত (স্থানীয় সময় অনুসৰি) অনুভূত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল সিন্ধুপালচৌক জিলাৰ ভৈৰৱকুণ্ড ।
শুকুৰবাৰে পুৱতি নিশা সংঘটিত হোৱা এই কঁপনি নেপালৰ বহু অঞ্চলত বিশেষকৈ পূব আৰু মধ্য অঞ্চলৰ মানুহে অনুভৱ কৰে । ইয়াৰ লগতে ভাৰত আৰু চীনৰ তিব্বতৰ সীমান্তৱৰ্তী অঞ্চলতো এই ভূমিকম্পৰ কম্পন অনুভূত কৰা হয় ।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ বৃহৎ ক্ষতি হোৱা নাই বা কোনো লোকো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা নাই ৷ অৱশ্যে বাতৰি লিখা পৰলৈকে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে ।
পূৰ্বে নেপালত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই ৰাইজক সম্ভাৱ্য কম্পনৰ বাবে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে ।
নেপাল হৈছে আটাইতকৈ সক্ৰিয় ভূমিকম্প প্ৰৱণ অঞ্চলসমূহৰ ভিতৰত অন্যতম (IV আৰু V ভূমিকম্প প্ৰৱণ অঞ্চল), যাৰ বাবে দেশখন অত্যন্ত দুৰ্বল বুলি গণ্য কৰা হয় ।
উল্লেখ্য যে, হিমালয়ৰ পাদদেশত অৱস্থিত এই ৰাষ্ট্ৰখনত এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ ভূমিকম্পটো ২০১৫ চনত সংঘটিত হৈছিল ৷ ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোত ৯ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰ ফলত ১০ লাখৰো অধিক অট্টালিকাৰ ক্ষতিসাধন হৈছিল ।
| লগতে পঢ়ক : ৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অসম |

