ETV Bharat / international

ভূঁইকঁপৰ ধ্বংসলীলা; ম্যানমাৰত মৃত্যু সংখ্যা বৃদ্ধি, বিদ্ৰোহীৰ যুদ্ধবিৰতি ঘোষণা

ম্যানমাৰ আৰু থাইলেণ্ডত ভূমিকম্পৰ হতাশা । মৃত্যুৰ সংখ্যা বৃদ্ধি । বিভিন্ন ৰাষ্ট্ৰই প্ৰেৰণ কৰিছে সাহায্য সামগ্ৰী ।

Myanmar Earthquake
ম্যানমাৰত ভূঁইকঁপৰ ধ্বংসলীলা (AP)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 1:35 PM IST

4 Min Read
Choose ETV Bharat

বেংকক : ম্যানমাৰ আৰু থাইলেণ্ডত শক্তিশালী ভূমিকম্পৰ ফলত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । লাহে লাহে ক্ষয়-ক্ষতিৰ তথ্য়ও পোহৰলৈ আহিছে । ম্যানমাৰত কেন্দ্ৰীভূত ভূমিকম্প ইমানে ভয়ংকৰ আছিল যে দেশখনত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈয়ে আছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ দেশখনত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬৪৪ লৈ বৃদ্ধি পাইছে । বহু অঞ্চলত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে । শুকুৰবাৰে সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে মৃত্যুৰ সংখ্যা বৃদ্ধি পূৰ্ণ সম্ভাৱনা আছে । ইফালে আহতৰ সংখ্যাও ৩,৪০৮ লৈ বৃদ্ধি পাইছে । দেশখনত সন্ধানহীন লোকৰ সংখ্যাও ১৩৯ লৈ বৃদ্ধি পাইছে ।

ম্যানমাৰত এতিয়ালৈকে উদ্ধাৰ প্ৰচেষ্টা দেশখনৰ ২ নং চহৰ মান্দালয় আৰু ৰাজধানী নেপিটাওৰ মুখ্য প্ৰভাৱিত চহৰসমূহে সীমাবদ্ধ হৈ আছে । বিভিন্ন দেশৰ পৰা উদ্ধাৰ সঁজুলি অনা হৈছে । কিন্তু বিমানবন্দৰৰ ক্ষতিৰ ফলত সঁজুলিবোৰ সময়মতে দেশখনত উপস্থিত হ'ব পৰা নাই । বিভিন্ন মাধ্যমত প্ৰকাশিত ফটো অনুসৰি ভূমিকম্পৰ ফলত নেপিটাও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল টাৱাৰটোৰ বিস্তৰ ক্ষতি হৈছে ।

Myanmar Earthquake
ম্যানমাৰত ভূঁইকঁপৰ ধ্বংসলীলা (AP)

ম্যানমাৰৰ বহু অঞ্চলত ৰাস্তা আৰু দলংবোৰ খহি পৰিছে । শ শ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে । ভূমিকম্পৰ পিছতে চৰকাৰী কৰ্তৃপক্ষই ৰাস্তাবোৰৰ মেৰামতিৰ কাম আৰম্ভ কৰা দেখা গৈছে । মান্দালয় চহৰখনৰ বেছিভাগ অংশতে বিদ্যুৎ, ফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ হৈ আছিল ।

ম্যানমাৰৰ গৃহ যুদ্ধ

ম্যানমাৰৰ গৃহ যুদ্ধই আন এক উদ্বেগৰ সৃষ্টি কৰিছে । কিয়নো ২০০১ চনত সামৰিক বাহিনীয়ে অং চান চু কীৰ নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা দখল কৰাৰ ফলত দেশখনত অস্থিৰতা আৰম্ভ হয় । চৰকাৰী বাহিনীয়ে ম্যানমাৰৰ বেছিভাগ অংশত নিয়ন্ত্ৰণ হেৰুৱাইছে । ৰাষ্ট্ৰসংঘৰ মতে এই যুঁজৰ ফলত ৩০ লাখতকৈও অধিক লোক স্থানচ্যুত হৈছে । ৰাজনীতি আৰু দুৰ্যোগে একপ্ৰকাৰ দেশখনত অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে । কিন্তু ভূমিকম্পৰ ফলত উদ্ধাৰ আৰু সাহায্য অভিযান যাতে সুচাৰুৰূপে চলিব পাৰে তাৰ বাবে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে একপক্ষীয় আংশিক যুদ্ধবিৰতি ঘোষণা কৰিছে ।

সশস্ত্ৰ গোট পিপলছ ডিফেন্স ফ'ৰ্চে ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহত দেওবাৰৰ পৰা দুসপ্তাহৰ বিৰতি কাৰ্যকৰী কৰিব আৰু ই ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠনসমূহৰ সৈতে "নিৰাপত্তা, পৰিবহন আৰু অস্থায়ী উদ্ধাৰ আৰু চিকিৎসা শিবিৰ স্থাপন" নিশ্চিত কৰিবলৈ সহযোগিতা কৰিব ।

ম্যানমাৰলৈ সাহায্য

ইতিমধ্যে ৰাষ্ট্ৰসংঘই দেশখনৰ মানৱীয় সাহায্যৰ উদ্দেশ্যে কেন্দ্ৰীয় জৰুৰীকালীন সঁহাৰি পুঁজিৰ পৰা ৫ নিযুত ডলাৰ আৱণ্টন কৰিছে । চীনৰ পৰাও গুৰুত্বপূৰ্ণ আশ্ৰয় আৰু চিকিৎসা সামগ্ৰীভৰ্তি ১৭ খন মালবাহী ট্ৰাকৰ কনভয় দেওবাৰে দেশখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

Myanmar Earthquake
ম্যানমাৰত ভূঁইকঁপৰ ধ্বংসলীলা (AP)

ম্যানমাৰৰ বন্ধু ৰাষ্ট্ৰ আৰু চুবুৰীয়া দেশসমূহেও ইতিমধ্যে উদ্ধাৰকাৰী দল আৰু সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে । চীন আৰু ৰাছিয়াই ইতিমধ্যে এই ক্ষেত্ৰত পদক্ষেপ লৈছে । চীনে কৈছে যে তেওঁলোকে চিকিৎসা সঁজুলি আৰু জেনেৰেটৰৰ দৰে সামগ্ৰীৰ সৈতে ১৩৫ তকৈও অধিক উদ্ধাৰকাৰী কৰ্মী আৰু বিশেষজ্ঞ প্ৰেৰণ কৰিছে । জৰুৰীকালীন সাহায্যৰ বাবে প্ৰায় ১৩.৮ নিযুত ডলাৰ পুঁজি যোগানৰো প্ৰতিশ্ৰুতি দিছে । ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে কৈছে যে তেওঁলোকে ১২০ জন উদ্ধাৰকাৰী আৰু সামগ্ৰী প্ৰেৰণ কৰিছে । দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে মস্কোৱে ম্যানমাৰলৈ এটা চিকিৎসা কৰ্মীৰ দল প্ৰেৰণ কৰিছে । ভাৰত, দক্ষিণ কোৰিয়া, মালয়েছিয়া আৰু ছিংগাপুৰৰ দৰে আন দেশসমূহেও সাহায্য প্ৰেৰণ কৰিছে । আমেৰিকাইও সাহায্য প্ৰেৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

থাইলেণ্ডত ভূমিকম্পৰ প্ৰভাৱ

একেদৰে চুবুৰীয়া থাইলেণ্ডৰ বেংককত ভূমিকম্পৰ ধ্বংসলীলা দেখা গৈছে । দেশখনত মৃত্যু সংখ্যা ১০ লৈ বৃদ্ধি পাইছে । প্ৰায় ১৭ নিযুত লোক বাস কৰা অঞ্চলটোত বিস্তৰ ক্ষতিৰ তথ্য পোহৰলৈ আহিছে । উত্তৰৰ বহু অঞ্চলত ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে । বেংককৰ চাটুচাক বজাৰৰ সমীপত নিৰ্মীয়মান অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় । য'ত ৯ টা মৃতদেহ উদ্ধাৰ হৈছে । আনহাতে ৭৮ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে । ধ্বংসাৱশেষ আঁতৰাবলৈ বৃহৎ যন্ত্ৰ-পাতি ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক :ম্যানমাৰত মৃত্যু মিচিল : ভূমিকম্পত হাজাৰোধিক নিহত; ভাৰতৰ ‘‘অপাৰেচন ব্ৰহ্ম’’ আৰম্ভ - MYANMAR EARTHQUAKE LIVE

লগতে পঢ়ক :ম্যানমাৰৰ ভূমিকম্প : ভাৰতে প্ৰেৰণ কৰিব ১৫ টন সাহায্য সামগ্ৰী - MYANMAR EARTHQUAKE