ETV Bharat / international

কলম্বিয়াৰ চিনেটৰ আৰু ৰাষ্ট্ৰপতি পদৰ সম্ভাব্য প্ৰাৰ্থীক উদ্দেশ্যি গুলীচালনা - COLOMBIAN PREZ CANDIDATE SHOT

অহা বছৰৰ কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী মিগেল উৰিবেক শনিবাৰে বগোটা প্ৰচাৰ ৰেলীৰ সময়ত গুলীয়াই হত্যা ৷

COLOMBIAN PREZ CANDIDATE SHOT
কলম্বিয়াৰ বগোটাত এজন চিনেটৰ তথা সোঁপন্থী চেণ্ট্ৰ’ ডেম’ক্ৰেটিকো পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগেল উৰিবে টাৰবাই চৰকাৰে প্ৰস্তাৱ কৰা শ্ৰমিক সংস্কাৰ গণভোটৰ বিৰুদ্ধে ভোটদান কৰাৰ পিছত (AP)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 6:25 PM IST

2 Min Read

বগোটা: অহা বছৰ কলম্বিয়াত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী কলম্বিয়াৰ সেনাপতি মিগেল উৰিবে টাৰ্বে শনিবাৰে বগোটাত অনুষ্ঠিত প্ৰচাৰ সভাত গুলীবিদ্ধ হৈ আহত হৈ মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে ৷ তেওঁৰ ৰক্ষণশীল ডেম’ক্ৰেটিক চেণ্টাৰ দলে এক বিবৃতি প্ৰকাশ কৰি ইয়াক “এটা অগ্ৰহণযোগ্য় হিংসাত্মক কাৰ্য” বুলি অভিহিত কৰে ।

প্ৰাক্তন ৰাষ্ট্ৰপতি আলভাৰো উৰিবে প্ৰতিষ্ঠা কৰা সোঁপন্থী দলটোৱে জনোৱা মতে, ফণ্টিবন চুবুৰীৰ এখন উদ্যানত এই আক্ৰমণ সংঘটিত হয় ৷ অস্ত্ৰধাৰী অচিনাক্ত আক্ৰমণকাৰীয়ে তেওঁক পিছফালৰ পৰা গুলীয়াই হত্যা কৰে ।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটোত উৰিবে টাৰ্বে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখা গৈছে ৷ তেওঁ মূৰত আঘাত পাইছিল আৰু তেওঁক কেইবাজনো লোকে ঘেৰি ধৰা দেখা গৈছিল ৷

বগোটাৰ মেয়ৰ কাৰ্লোছ গালানে সামাজিক মাধ্যম এক্সত এই ঘটনাত জড়িত থকাৰ সন্দেহত এজন লোকক কৰায়ত্ত কৰাৰ কথা প্ৰকাশ কৰিছে ৷ কিন্তু ফেডাৰেল চৰকাৰে কয় যে তেওঁলোকে এই ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে ৷

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই নিজৰ এক্স একাউণ্টত প্ৰকাশ কৰা এটা পোষ্টত এনেদৰে কয় ‘‘জীৱনক সন্মান কৰক, সেইটোৱেই ৰঙা ৰেখা ।’’ এই পোষ্টৰ কিছু সময়ৰ পিছতে পেট্ৰ’ই ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি ফ্ৰান্স ভ্ৰমণৰ সকলো কাৰ্যসূচী বাতিল কৰে ৷ উৰিবে টাৰ্বে এগৰাকী চিনেটৰ আৰু ১৯৯১ চনত দেশৰ অন্যতম হিংসাত্মক সময়ছোৱাত অপহৰণ কৰি হত্যা কৰা এজন সাংবাদিকৰ পুত্ৰ ।

উল্লেখ্য যে, ২০২৬ চনৰ ৩১ মে’ত কলম্বিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ যাৰ ফলত কলম্বিয়াত ক্ষমতালৈ অহা প্ৰথমগৰাকী বাওঁপন্থী পেট্ৰ’ৰ বৰ্তমানৰ কাৰ্যকালৰ অন্ত পৰিব । মাৰ্চ মাহত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল উৰিবে টাৰ্বেৰ নাম ।

কলম্বিয়াৰ আৰক্ষী অধীক্ষক জেনেৰেল কাৰ্লোছ ট্ৰিয়ানাই জনোৱা মতে, আক্ৰমণৰ সময়ত উৰিবে টাৰ্বেৰ সৈতে কাউন্সিলমেন আন্দ্ৰেছ বেৰিয়াছ আৰু আন ২০ জন লোক উপস্থিত আছিল । তেওঁ কয় যে আক্ৰমণৰ লগত জড়িত থকাৰ সন্দেহত এজন নাবালকক উক্ত স্থানতে কৰায়ত্ত কৰা হৈছে আৰু তেওঁ সম্প্ৰতি ভৰিৰ আঘাতৰ বাবে চিকিৎসাধীন হৈ আছে । লগতে জব্দ কৰা হৈছে এটা বন্দুক ।

প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ ছানচেজে কয়, ‘‘মই কলম্বিয়াৰ সামৰিক আৰু আৰক্ষী বাহিনীৰ লগতে চোৰাংচোৱা সংস্থাসমূহক নিজৰ সকলো প্ৰকাৰৰ শক্তি প্ৰয়োগ কৰি তাৎক্ষণিকভাৱে তথ্যসমূহ স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছো ।’’

লগতে পঢ়ক: মহাকাশ, শক্তি, গতিশীলতা আৰু অটোক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ আগ্ৰহ ভাৰত-ইটালীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.