সাৰ্বভৌমত্ব, ভূখণ্ডীয় অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানক সহায় কৰাৰ প্ৰতিশ্ৰুতি চীনৰ
‘‘পাকিস্তানৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত সদায় দৃঢ়তাৰে থিয় দিব’’- চীনৰ বৈদেশিক মন্ত্ৰী এফ এম ৱাং য়িৰ এয়া প্ৰতিশ্ৰুতি ৷

Published : May 11, 2025 at 3:47 PM IST
ইছলামাবাদ: চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে শনিবাৰে কয় যে তেওঁৰ দেশখনে “সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতা” বজাই ৰখাৰ ক্ষেত্ৰত পাকিস্তানৰ কাষত থিয় দি থাকিব । চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই মন্তব্য কৰে বুলি বৈদেশিক কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে ।
বাৰ্তালাপৰ সময়ত দাৰে ৱাং য়িক আঞ্চলিক পৰিস্থিতিৰ বিকাশৰ বিষয়ে অৱগত কৰে । ৱাং য়িয়ে পাকিস্তানৰ সংবেদনশীলতা স্বীকাৰ কৰি প্ৰত্যাহ্বানমূলক পৰিস্থিতিত পাকিস্তানৰ দায়িত্বশীল পন্থাৰ প্ৰশংসা কৰে ।
বৈদেশিক মন্ত্ৰালয়ে পুনৰ কয়, ‘‘পাকিস্তানৰ সৰ্বোত্তৰ কৌশলগত সমবায় অংশীদাৰ আৰু শক্তিশালী বন্ধু হিচাপে চীনে পাকিস্তানৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দিব ।’’
পৃথকে পৃথকে দাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেইখ আব্দুল্লা বিন জায়েদৰ সৈতেও বাৰ্তালাপ কৰি পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিক আদৰণি জনায় । দাৰে তুৰস্কৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানৰ সৈতেও বাৰ্তালাপ কৰি অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি শনিবাৰে ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ লগতে দাবী কৰে যে সেয়া আমেৰিকাৰ মধ্যস্থতাত হোৱা আলোচনাৰ ফল ।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ইয়াক আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি বুলি অভিহিত কৰাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক শান্তিৰ পথ বাছি লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ বুদ্ধি, বিচক্ষণতা আৰু দক্ষতাৰ বাবে প্ৰশংসা কৰে ।
লগতে পঢ়ক: যুদ্ধবিৰতিত সহমত ভাৰত-পাকিস্তানৰ : ড’নাল্ড ট্ৰাম্প; বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কৰিছে নিশ্চিত

