ETV Bharat / international

ভাৰত-কানাডাৰ সম্পৰ্কত ফাটৰ মাজতেই আৰএছএছক নিষিদ্ধ কৰাৰ দাবী কানাডাৰ ভাৰতীয় বংশোদ্ভৱ নেতাৰ

India Canada relation: ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ পতনৰ সময়তে কানাডাৰ মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ এনডিপিৰ ভাৰতবিদ্বেষী মন্তব্য ।

India Canada relation
কানাডাত আৰএছএছ নেটৱৰ্ক নিষিদ্ধ কৰিব লাগে (Photo/@theJagmeetSingh)
author img

By ANI

Published : October 15, 2024 at 11:15 AM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ অক্টোবৰ : ভাৰত আৰু কানাডাৰ কূটনৈতিক উত্তেজনা অব্যাহত আছে । তাৰ মাজতে কানাডা চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ নিউ ডেমক্ৰেটিক পাৰ্টীৰ (এনডিপি) নেতা জগমিত সিঙৰ ভাৰতবিদ্বেষী মন্তব্য । জগমিত সিঙে দাবী কৰে যে কানাডিয়ান শিখসকল শংকিত হৈ আছে । কানাডা চৰকাৰক ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তেওঁ আহ্বান জনায় । বিশেষকৈ কূটনীতিবিদৰ নিষেধাজ্ঞাৰ দৰে ব্যৱস্থা ল'বলৈ তেওঁ কানাডা চৰকাৰক আহ্বান জনায় ।

ভাৰতবিদ্বেষী মন্তব্য জগমিত সিঙৰ

এক বিবৃতিত তেওঁ কয়, "ভাৰতৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰাৰ সিদ্ধান্তক আমি সমৰ্থন জনাইছো আৰু আমি কানাডা চৰকাৰক পুনৰ আহ্বান জনাইছো যাতে ভাৰতৰ বিৰুদ্ধে কূটনীতিবিদৰ নিষেধাজ্ঞা আৰোপ কৰা হয় । কানাডাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নেটৱৰ্ক (আৰএছএছ) নিষিদ্ধ কৰিব লাগে আৰু কানাডাৰ ভূমিত সংগঠিত অপৰাধমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা যিকোনো লোকৰ বিৰুদ্ধে আটাইতকৈ গুৰুতৰ পদক্ষেপ ল'ব লাগে ।"

সিঙে লগতে কয় যে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে প্ৰকাশ কৰা তথ্যক লৈ তেওঁৰ দল অত্যন্ত উদ্বিগ্ন । তেওঁ কয়,"আজি আৰচিএমপি আয়ুক্তই প্ৰকাশ কৰা তথ্যক লৈ নিউ ডেমক্ৰেটসকল অত্যন্ত চিন্তিত । কানাডিয়ানসকল, বিশেষকৈ কানাডাৰ শিখ সম্প্ৰদায় তীব্ৰ শংকা, ভাবুকি, উৎপীড়ন আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছে । যাৰ ভিতৰত আছে ভাৰতীয় বিষয়াসকলৰ দ্বাৰা কৰা ধন দাবী, হিংসা আৰু নিৰ্বাচনী হস্তক্ষেপ ।"

সিঙে অভিযোগ কৰে যে কানাডাৰ ওচৰত ভাৰতীয় বিষয়াসকলক হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সৈতে সম্পৰ্কিত বিশ্বাসযোগ্য প্ৰমাণ আছে । বিবৃতিটোত কোৱা হৈছে,"কানাডাই দীৰ্ঘদিন ধৰি বিশ্বাসযোগ্য প্ৰমাণ উত্থাপন কৰিছে যে কানাডাৰ ভূমিত কানাডিয়ান হৰদীপ সিং নিজ্জাৰৰ হত্যাত নৰেন্দ্ৰ মোদী চৰকাৰ জড়িত আছিল আৰু আমেৰিকাই ইতিমধ্যে সম্পৰ্কিত অপৰাধৰ বাবে একাধিক ব্যক্তিক অভিযুক্ত কৰিছে-তথাপিও এনডিপিয়ে কেৱল বিদেশী হস্তক্ষেপৰ তদন্তৰ পৰিসৰত অন্তৰ্ভুক্ত ভাৰতৰ দ্বাৰা সম্ভাৱ্য হিংসাত্মক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ বাবে যুঁজ দিব লগা হৈছিল ।"

তেওঁ লগতে কয়, "২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা আৰচিএমপিয়ে কমেও ১৩ জন লোকক তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ ভাবুকিৰ বিষয়ে সতৰ্ক কৰি দিছে । কানাডিয়ানসকলৰ সুৰক্ষা এতিয়াও নিশ্চিত কৰা হোৱা নাই ।"

লগতে পঢ়ক :ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পতন; উভয়ৰে কূটনীতিবিদক বহিষ্কাৰ

ভাৰত চৰকাৰৰ নিৰ্দেশত কানাডাত সক্ৰিয় লৰেন্স বিষ্ণৈ গেং !