পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক একমুখে নিন্দা ব্ৰিকছ শীৰ্ষ সন্মিলনৰ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা পুনৰবাৰ দোহাৰি ব্ৰিকছৰ শীৰ্ষ নেতাসকলে কয় যে আইন অনুসৰি প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা ল'বই লাগিব ৷

Published : July 7, 2025 at 8:00 AM IST
ৰিঅ' ডি জেনেৰিঅ': ব্ৰাজিলৰ সমুদ্ৰ তীৰত অৱস্থিত ৰিঅ'ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈ থকা 17 সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত একমুখে নিন্দা কৰা হয় ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক ৷ দেওবাৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত বিগত 25 এপ্ৰিলত পহলগামত সংঘটিত হোৱা এই বৰ্বৰোচিত ঘটনাক তীব্ৰ নিন্দা কৰি এক প্ৰস্তাৱো গ্ৰহণ কৰা হয় ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে ৷
ৰিঅ' ডি জেনেৰিঅ' ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ বিৰোধিতা:
এই শীৰ্ষ সন্মিলনৰ প্ৰথমদিনাই জাৰি কৰা ঘোষণাপত্ৰত সকলো ধৰণৰ সন্ত্ৰাসবাদ, সীমাৰ সিপাৰৰ পৰা চলাই থকা উগ্ৰপন্থী কামকাজৰ বিৰুদ্ধে কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কোৱা কোৱাৰ লগতে ইয়াক এক অপৰাধ বুলি আখ্যা দিয়া হয় ৷
সন্ত্ৰাসবাদক কোনো ধৰ্ম বা জাতিৰ সৈতে নাসাঙুৰিবলৈ আহ্বান:
সন্মিলনৰ প্ৰথম দিনটোতে ব্ৰিকছৰ নেতাসকলে আহ্বান জনাই যে সন্ত্ৰাসবাদক কোনো নিৰ্দিষ্ট ধৰ্ম বা জাতিৰ সৈতে যাতে সাঙুৰি লোৱা নহয় ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা পুনৰবাৰ দোহাৰি ব্ৰিকছৰ শীৰ্ষ নেতাসকলে কয় যে আইন অনুসৰি প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা ল'বই লাগিব ৷ ব্ৰিকছত অন্তৰ্ভুক্ত প্ৰতিখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিবলৈও এই শীৰ্ষ সন্মিলনত সিদ্ধান্ত গ্ৰহণ কৰে ৷ ব্ৰিকছ সন্ত্ৰাসবাদ প্ৰতিৰোধী কাৰ্যসমূহ আৰু অধিক কঠোৰ কৰি তুলিবলৈও সংকল্প গ্ৰহণ কৰা হয় এই শীৰ্ষ সন্মিলনত ৷
ভাৰতৰ বাবে ইতিবাচক বাৰ্তা:
ব্ৰিকছ শীৰ্ষ সন্মিলনত এইদৰে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য ভাৰতৰ বাবে নিশ্চিতভাৱে এক ইতিবাচক খবৰ বুলি বিবেচিত হৈছে ৷ ইয়ে আগন্তুক দিনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক আৰু অধিক শক্তি যোগাব বুলি ধাৰণা কৰিব পাৰি ৷
লগতে পঢ়ক: য়েমেনৰ সমীপৰ লোহিত সাগৰত জাহাজক উদ্দেশ্যি গুলীচালনা

