ইণ্টাৰনেশ্যনেল ডেস্ক, 5 আগষ্ট: যোৱা 6 জুলাইত আমেৰিকাৰ বিখ্যাত গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানত উটি যোৱা ভাৰতীয় আই টি ক্ষেত্ৰত কৰ্মৰত এজন 26 বছৰীয়া যুৱকৰ মৃতদেহ উদ্যানখনৰ ৰেঞ্জাৰসকলে উদ্ধাৰ কৰিছে বুলি দেওবাৰে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে । 6 জুলাইত এভালেঞ্চ লেক ট্ৰেইলত এটা ঘাটৰ ওপৰত হাইকিং কৰি থকা অৱস্থাত এটা বৃহৎ শিলৰ পৰা এভালেঞ্চ ক্ৰিকত পৰি ডুব গৈছিল ভাৰতীয় সিদ্ধান্ত বিঠাল পাটিল ।
উদ্যানৰ বিষয়াসকলৰ মতে, শনিবাৰৰ পুৱা প্ৰায় 10.30 বজাত প্ৰত্যক্ষদৰ্শীয়ে মৃতদেহটো দেখা পাই কৰ্তৃপক্ষক খবৰ দিয়ে ৷ ইয়াৰ পিছতে ৰেঞ্জাৰসকলে মৃতদেহটো উঠাই আনে বুলি এনবিচি মন্টানাই প্ৰকাশ কৰিছে । কাণ্ডটো সংঘটিত হোৱাৰ সময়ত পাটিলে পিন্ধি থকা কাপোৰ-কানিও উদ্ধাৰ কৰা হৈছে ।
ফ্লেটহেড কাউন্টিৰ ক’ৰ’নাৰে ডি এন এ বা দন্ত চিকিৎসাৰ ৰেকৰ্ডৰ জৰিয়তে পৰিচয় নিশ্চিতকৰণৰ কাম কৰি আছে বুলিও জানিব পৰা গৈছে । জানিব পৰা মতে, পানীৰ গভীৰতা আৰু বগা পানীৰ বাবে ৰেঞ্জাৰসকলে অনুসন্ধান চলোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ।
পানীৰ স্তৰ কমি যোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে ঘাটটোৰ বৃহৎ অংশত অনুসন্ধান চলাইছিল যদিও আটাইতকৈ গভীৰ আৰু বিপজ্জনক অংশলৈ যাব পৰা নাছিল । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পাটিলৰ লগত থকা বন্ধুসকলে পাটিলক সহায় কৰাৰ পূৰ্বেই পাটিল সোঁতত উটি গৈ গভীৰলৈ সোমাই যোৱা দেখিবলৈ পাইছিল বুলি জনায় ।
উল্লেখ্য যে, মূলতঃ মহাৰাষ্ট্ৰৰ পাটিলে এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেলিফৰ্ণিয়াত কৰ্মৰত হৈ আছিল আৰু বন্ধু-বান্ধৱীৰ সৈতে বন্ধৰ সময় উপভোগ কৰি আছিল ।